অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জিত বৰপূজাৰী

ৰঞ্জিত বৰপূজাৰী হ'ল অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। ১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলন সময়ত কটন কলেজৰ ছাত্ৰ আছিল আৰু বৰ্তমানৰ ‘ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস’ৰ আৱাসী আছিল।

হালনাগাদ: ২০ আগষ্ট ২০২৩ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰঞ্জিত বৰপূজাৰী হ'ল অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ।১ ১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলন সময়ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল আৰু বৰ্তমানৰ ‘ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস’ৰ আৱাসী আছিল। ১৯৬০ চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা দাৱীত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে জোৰদাৰ আন্দোলন গঢ় লৈ উঠিছিল। কটন কলেজ তাৰ ব্যতিক্ৰম নাছিল।

১৯৬০ চনৰ ৪ জুলাই তাৰিখে আন্দোলনত অংশ গ্ৰহণ কৰা কটনীয়ান সকলৰ ওপৰত পুলিছে চলোৱা গুলীত ছাত্ৰাবাসৰ ভিতৰতে ৰঞ্জিত বৰপূজাৰী শ্বহীদ হয়। উল্লেখযোগ্য যে কটন কলেজ কৰ্তৃপক্ষই পৰৱৰ্তী কালত, দ্বিতীয় ছাত্ৰাবাসটো শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ নামেৰে নামকৰণ কৰে। অসমৰ শিৱসাগৰ জিলাত ৰঞ্জিৎ বৰপূজাৰীৰ জন্ম হৈছিল। পিতৃ হেমকান্ত বৰপূজাৰীয়ে শিৱসাগৰ কাছাৰীত ওকালতি কৰিছিল। পূজাৰীৰ মাকৰ নাম আছিল তিলোত্তমা। বৰপূজাৰীয়ে শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজৰ বিজ্ঞান শাখাত নাম লিখাইছিল।২

তথ্যসূত্ৰ

  1. ↑ (4 July 2019). Language movement martyr Ranjit Borpujari's death anniversary observed. দ্য ছেণ্টিনেল
  2. ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. মহতাব হুছেইন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জিত বৰপূজাৰী” প্ৰবন্ধৰ সংশোধন ৩৭৪৯৫৯ (২০ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।