অৰবিন্দ ত্ৰিবেদী (Arvind Trivedi; ৮ নৱেম্বৰ ১৯৩৮ – ৬ অক্টোবৰ ২০২১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ৪০ বছৰৰো অধিক কাল ধৰি গুজৰাটী চলচ্চিত্ৰত কাম কৰিছিল। ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷১২ তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে গুজৰাটৰ চাবৰকন্থাৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।
ৰাজনৈতিক কৰ্মজীৱন
১৯৯১ চনত অৰবিন্দ ত্ৰিবেদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে চাবৰকন্থা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৯৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
স্বীকৃতি
গুজৰাট চৰকাৰে প্ৰদান কৰা গুজৰাটী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে তেওঁ সাতটা বঁটা লাভ কৰিছিল।
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ১৯৭১ | পৰায়া ধন | হিন্দী | ||
| ১৯৭১ | জেচাল তোৰাল | জেচাল | গুজৰাটী | |
| ১৯৭২ | জঙ্গল মেঁ মঙ্গল | হিন্দী | ||
| ১৯৭৩ | আজ কী তাজা খবৰ | ইনস্পেক্টৰ | হিন্দী | credited as "Arvind Trivadi" |
| ১৯৮৪ | কুনৱাৰবি নু মমেৰুন | নাৰছিন মেহতা | গুজৰাটী | |
| ১৯৭৪ | ত্ৰিমূৰ্তি | বলৰাম | হিন্দী | প্ৰধান খলনায়ক |
| ১৯৭৪ | হোথান পদ্মিনি | গুজৰাটী | ||
| ১৯৭৫ | জোগিদাস খুমন | গুজৰাটী | ||
| ১৯৭৫ | শেতাল নে কানথে | গুজৰাটী | ||
| ১৯৭৬ | সন্তু ৰাঙিলী | গুজৰাটী | ||
| ১৯৭৭ | পাইছো বোলে চেহ | গুজৰাটী | ||
| ১৯৭৮ | ভগত গোৰা কুম্ভাৰ | গুজৰাটী | ||
| ১৯৭৯ | হম তেৰে আশিকি হেঁ | বলৰাম | হিন্দী | |
| ১৯৮০ | মণিয়াৰো | গুজৰাটী | ||
| ১৯৮২ | ঢলি | গুজৰাটী | ||
| ১৯৮৯ | সাতি তোৰাল | গুজৰাটী | ||
| ১৯৮৯ | দাদা নে ভাহলি দিক্ৰি | গুজৰাটী | ||
| ১৯৯৮ | দেশ ৰে জয়া দাদা পৰদেশ জয়া | দাদাজী | গুজৰাটী |
টেলিভিচন
| বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ১৯৮৫ | বিক্ৰম ঔৰ বেতাল | যোগী | ডিডি নেশ্যনেল | |
| ১৯৮৭ | ৰামায়ণ | ৰাৱণ, বিশ্ৰবা | ||
| ১৯৯৫ | বিশ্বমিত্ৰ | সত্যব্ৰত ত্ৰিশনকু |
মৃত্যু
২০২১ চনৰ ৬ অক্টোবৰ তাৰিখে পুৱা প্ৰায় ৯:৩০ বজাত তেওঁ হাৰ্ট এটেকৰ ফলত মৃত্যুবৰণ কৰে। মুম্বাইত থকা তেওঁৰ কান্দিৱালী বাসগৃহত তেওঁৰ মৃত্যু হয়।৩৪
তথ্যসূত্ৰ
- ↑ (6 October 2021). Actor Arvind Trivedi, the Ravana in 'Ramayan', passes away; Modi pays tribute. The Economic Times
- ↑ (20 April 2003). Behind the scenes: Dress designers to actors & deities. The Tribune
- ↑ (6 October 2021). Ramayan actor Arvind Trivedi passes away at 82; co-stars Dipika Chikhlia, Arun Govil and more offer condolences. Nirali Kanabar. Times Now
- ↑ (2021-10-06). Arvind Trivedi, Ramayan’s Raavan, dies of heart attack, Sunil Lahiri offers condolences. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰবিন্দ ত্ৰিবেদী” প্ৰবন্ধৰ সংশোধন ৩০৪১৩২ (১৯ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।