অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঘুনাথ শিৰোমণি

ৰঘুনাথ শিৰোমণি (অনুমাণিক ১৪৭৭–১৫৪৭) এজন ভাৰতীয় দাৰ্শনিক আৰু যুক্তিবিদ আছিল। তেওঁ মিথিলা বিদ্যাপীঠ নামে জনাজাত প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়ৰ মুৰব্বী আছিল। পশ্চিমবংগ ৰাজ্যৰ বৰ্তমানৰ নাদিয়া জিলাৰ নবদ্বীপত এক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।

হালনাগাদ: ২০ নৱেম্বৰ ২০২৫ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰঘুনাথ শিৰোমণি (অনুমাণিক ১৪৭৭–১৫৪৭১) এজন ভাৰতীয় দাৰ্শনিক আৰু যুক্তিবিদ আছিল। তেওঁ মিথিলা বিদ্যাপীঠ নামে জনাজাত প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়ৰ মুৰব্বী আছিল।২ পশ্চিমবংগ ৰাজ্যৰ বৰ্তমানৰ নাদিয়া জিলাৰ নবদ্বীপত এক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। মাতৃৰফালৰপৰা স্মৃতিৰ বিখ্যাত সাহিত্যিক শূলপাণি (খ্ৰীষ্টপূৰ্ব প্ৰায় ১৪ শতিকা)ৰ নাতি। তেওঁ বাসুদেৱ সাৰ্বভৌমৰ ছাত্ৰ আছিল। ভাৰতীয় আনুষ্ঠানিক যুক্তিৰ চূড়ান্ত বিকাশক প্ৰতিনিধিত্ব কৰা ন্যায়ৰ নতুন ধাৰা নব্য ন্যায়ক তেওঁ বিশ্লেষণাত্মক শক্তিৰ শিখৰত উপনীত কৰাইছিল।

ৰঘুনাথৰ সম্পৰ্ক বিশ্লেষণে প্ৰাকৃতিক পৰিঘটনাৰ বিমূৰ্ততাৰপৰা অবিচ্ছেদ্য সংখ্যাৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰিছিল আৰু তেওঁৰ আধ্যাত্মিক-বিজ্ঞানৰ অধ্যয়নত জটিল বাস্তৱিকতাৰ অস্বীকাৰ বা অস্তিত্বহীনতাৰ বিষয়ে আলোচনা কৰা হৈছিল। যুক্তিৰ ক্ষেত্ৰত তেওঁৰ আটাইতকৈ বিখ্যাত গ্ৰন্থ আছিল নব্য ন্যায় ধাৰাৰ প্ৰতিষ্ঠাপক গংগেশ উপাধ্যায়ৰ তত্ত্বচিন্তামণিৰ ধাৰাবাহিক তত্ত্বচিন্তামণিদীধিতি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vidyabhusana, Satis Chandra. (2006). A History of Indian Logic: Ancient, Mediaeval, and Modern Schools. Motilal Banarsidass. পৃ. 463. ISBN 81-208-0565-8
  2. ↑ The Sunday Tribune - Spectrum. www.tribuneindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় দাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঘুনাথ শিৰোমণি” প্ৰবন্ধৰ সংশোধন ৫৫৪২৬৫ (২০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।