অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুদ্ৰ কন্দলী

ৰুদ্ৰ কন্দলী (Rudra Kandali) প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২২ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৰুদ্ৰ কন্দলী (Rudra Kandali) প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

সাহিত্য কৰ্ম

কবি ৰুদ্ৰ কন্দলীয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিছিল। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ অংশৰ ভিতৰুৱা শিনিপুত্ৰ সাত্যকিৰ যুদ্ধ যাত্ৰা আৰু বীৰত্বৰ বৰ্ণনাখিনিৰ অনুবাদেৰে ৰুদ্ৰ কন্দলীয়ে সাত্যকি প্ৰৱেশ ৰচনা কৰিছে।১

সাহিত্যৰ বৈশিষ্ট্য

  1. প্ৰয়োজন অনুসৰি মূলৰ(মহাভাৰত)কথা সংক্ষিপ্ত কৰিছে, প্ৰয়োজন অনুসৰি বহলাইছে আৰু প্ৰয়োজন অনুসৰি মূলক সম্পূৰ্ণ অনুসৰণ কৰিছে।
  2. অনুবাদখিনি যুদ্ধৰ বিৱৰণেৰে পৰিপূৰ্ণ। বৈষ্ণৱ যুগৰ বধকাব্য সমূহৰ লগত ইয়াৰ ৰীতিগত সাদৃশ্য লক্ষ্য কৰিব পাৰি।
  3. ঠায়ে ঠায়ে মূলৰ ভাৱ অক্ষুণ্ণ ৰাখিয়ো ঘৰুৱা চিত্ৰ বা পৰিৱেশৰ সৃষ্টি কৰি পাঠকৰ মনোগ্ৰাহী কৰিছে।১
  4. বৈয়াকৰণিক দিশত কবি ৰুদ্ৰ কন্দলিয়ে সমসাময়িক কবি মাধৱ কন্দলি, হৰিবৰ বিপ্ৰই অনুসৰণ কৰা বৈয়াকৰণিক ৰীতিকে আৰ্হি হিচাপে লৈছিল।

তথ্যসূত্ৰ

  1. ↑ শৰ্মা, সত্যেন্দ্ৰনাথ. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰ কন্দলী” প্ৰবন্ধৰ সংশোধন ৩১৩০৪৬ (৬ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।