হিতেশ ডেকা (Hitesh Deka) (১৮ ফেব্ৰুৱাৰী, ১৯২৪ - ৩০ আগষ্ট, ২০০০) অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক১৷ অসমীয়া ভাষা-সাহিত্যৰ উপন্যাস, নাটক, প্ৰৱন্ধ আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷
চমু জীৱনী
জন্ম
১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত সৰ্থেবাৰীত হিতেশ ডেকাৰ জন্ম হৈছিল।
শিক্ষা জীৱন
হিতেশ ডেকাই সৰ্থেবাৰীতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে১। ১৯৪৮ চনত সৰ্থেবাৰী হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫২ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৪ চনত তেওঁ কনিহা হাইস্কুলৰ শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। পাছত কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰি ১৯৮৫ চনত তেওঁ অৱসৰ গ্ৰহন কৰে।
কৰ্মজীৱন
হিতেশ ডেকা ১৯৬০ চনৰ ৰাজ্যভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল। তেওঁ ১৯৭২ চনৰ মাধ্যম আন্দোলনত ওতঃপ্ৰোতভাবে জড়িত আছিল। বিদেশী বহিস্কাৰ আন্দোলনত অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে দিল্লীৰ আলোচনাত কেইবাবাৰো অংশ গ্ৰহন কৰিছিল। তেওঁ সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ উপ-সভাপতি, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা আদি বিভিন্ন সাহিত্য, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত বিশেষ ভাবে জড়িত আছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে অসম সাহিত্য সভাই হিতেশ ডেকাক ১৯৯৫ চনৰ সৰ্থেবাৰী অধিবেশনৰ সভাপতি পদত নিয়োজিত কৰিছিল২।
মৃত্যু
হিতেশ ডেকাৰ ২০০০ চনৰ ৩০ আগষ্টত মৃত্যু হয়৩।
ৰচনাৱলী
উপন্যাস
- আজিৰ মানুহ৪
- নতুন পথ
- ভাৰাঘৰ৫
- মাটি কাৰ
- এয়েতো জীৱন (তিনি খণ্ড)
- বৈৰী মানুহ
- জীৱন সংঘাত
- সীমাৰ কাজিয়া
- ইতিহাসে সকীয়াই
- সুখৰ সংসাৰ
- নিৰ্যাতিতা সতী
- গাঁৱৰ মানুহ
- আচল মানুহ
- কামপত্নী৬
- ত্যাগ
- বাঁৰীৰ কোঁৱৰ
- সাহসী ল'ৰা
গল্প পুথি
- প্ৰায়শ্চিত্ত
- গৰাখহনীয়া
- এইখন আমাৰ সমাজ
- এথুপি গল্প
- আকৌ গৰাখহনীয়া
- গল্পটো লিখা নহ’ল
নাটক
- অসমীৰ প্ৰাণৰ কথা
- বিহুৱান
- শীৰ্ষ সন্মিলন
- মন্ত্ৰীৰ হুকুম
প্ৰবন্ধ সংকলন
- পশ্চিমবঙ্গত মাটি কাৰ
- জাতীয় চৰকাৰ
- অসমীয়া জাতি টিকিবনে
বাহ্যিক সংযোগ
- সাহিত্যিকসকলৰ তালিকা, এনাজৰী ৱেবছাইটত
তথ্যসূত্ৰ
- ↑ Amaresh Datta. (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃ. 920–. ISBN 978-81-260-1803-1
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ গ্ৰন্থ: "পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ, লিখক: ত্ৰিদিপ গোস্বামী দেৱ, প্ৰকাশক: অনন্ত হাজৰীকা, বনলতা,প্ৰকাশ:২০১১ চন। পৃষ্ঠা নং: ১৭৬
- ↑ Satyendra Nath Sarma. (1976). A History of Indian Literature: Modern Indo-Aryan literatures. Assamese literature. Otto Harrassowitz Verlag. পৃ. 104–. ISBN 978-3-447-01736-7
- ↑ এনাজৰী ডট কম
- ↑ চক্ৰবৰ্তী, ড০ মুকুল. (আগষ্ট ২০০৮). কথাশিল্পী হিতেশ ডেকাঃ জীৱন আৰু কৃতি. চন্দ্ৰপ্ৰকাশ. পৃ. ৩৬৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিতেশ ডেকা” প্ৰবন্ধৰ সংশোধন ৪০৮৩৫৫ (২৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।