অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অপূৰ্ব বেজবৰুৱা

অপূৰ্ব বেজবৰুৱা (Apurba Bezbaruah, জন্ম:১৫ অক্টোবৰ ১৯৫১, মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০২২) অসমৰ এগৰাকী কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁক অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ বিহুসুৰীয়া গীতৰ ধাৰাটোৰ বাটকটীয়া বুলি কোৱা হয়।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৪ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অপূৰ্ব বেজবৰুৱা (Apurba Bezbaruah, জন্ম:১৫ অক্টোবৰ ১৯৫১, মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০২২) অসমৰ এগৰাকী কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁক অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ বিহুসুৰীয়া গীতৰ ধাৰাটোৰ বাটকটীয়া বুলি কোৱা হয়।১ তেওঁ 'মাইজান তোকে দেখা পাই', 'তোৰে মন পাবলৈ চেনাই মই বলিয়া', 'চিলমিল টোপনিতে', 'চাহ গছৰ আঁৰত লুকাই', 'লগ দিয়া কথা আছিল নৈৰে ঘাটত', 'অ’ তৰা মাই বিহুৱান মোলৈ বৈছ’নে নাই', 'চেনাই তোৰ পেঁপাৰে মাত' আদি অলেখ কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা আছিল। তদুপৰি বেজবৰুৱাই প্ৰায় দুই শতাধিক অডিঅ’ কেছেটত কণ্ঠদান কৰিছিল। ২০২২ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে মগজুৰ ষ্ট্ৰোক হোৱাৰ ফলত শিল্পীগৰাকীক সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী দিনা সন্ধিয়া তেওঁৰ দেহাৱসান ঘটে।১

গীতসমূহ

+ অপূৰ্ব বেজবৰুৱাৰ গীতসমূহ
ক্ৰমগীতৰ শীৰ্ষএলবাম/কেছেট
১কপৌপাহি তোমাৰ খোপাত
২কিয় বাৰে বাৰে চকুত পৰে
৩চাহ গছৰ কোমল পাতত
৪পৰ্বতৰ ডালিমী আজলী ছোৱালী
৫পানী অনাৰ চলতেই
৬তৰাদৈ গাভৰু হ'ল
৭সাৰথি বিছাৰি কিয়
৮বিহু বিহু বিহুটি
৯অ' মাইজান তোকে দেখা পাই
১০কাষত গাগৰি লৈ

| ১১ || চাহ গছৰ আৰত লুকাই||

তথ্যসূত্ৰ

  1. ↑ (9 February 2022). Assam: Veteran Singer Apurba Bezbaruah No More. pratidintime.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীঅসমীয়া ভাষাৰ গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপূৰ্ব বেজবৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৪৮৪২০ (২৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।