সাই ভাজি (Sai bhaji) হৈছে এবিধ নিৰামিষ তৰকাৰী; ইয়াক দাইল (মচুৰ দাইল), পালক (পালেং) আৰু অন্যান্য শাক-পাচলিৰে প্ৰস্তুত কৰা হয়। ই স্থানীয় খাদ্যৰ এক প্ৰধান অংশ আৰু বিভিন্ন সেউজীয়াৰ মিশ্ৰণৰ বাবে ইয়াক পুষ্টিৰ চহকী উৎস হিচাপে গণ্য কৰা হয়।১২
পাকিস্তান, ভাৰত, আৰু সিন্ধী প্ৰব্ৰজনকাৰীসকলৰ ই এক জনপ্ৰিয় ঘৰুৱা খাদ্য।৩৪৫
উৎপত্তি
তৰকাৰীৰ নামটো সিন্ধী ভাষাৰ দুটা শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয়: সাই (অৰ্থাৎ "সেউজীয়া") আৰু ভাজি (অৰ্থাৎ "শাক-পাচলি"), ই এইদৰে খাদ্য ৰান্ধিবলৈ ব্যৱহাৰ কৰা উপাদানসমূহ বুজায়।৬ সাই ভাজি গ্ৰীষ্ম আৰু শীতকালত সেৱন কৰা হয়, ৰাতি আৰু দিনৰ আহাৰ হিচাপে ইয়াক গ্ৰহণ কৰা হয়॥৭ স্বাস্থ্যকৰ পুষ্টি আৰু প্ৰস্তুত কৰাৰ সৰলতাৰ বাবে ইয়াক পছন্দ কৰা হয়। অভ্যন্তৰীণ সিন্ধৰ শুকান অঞ্চলত, ঋতুভিত্তিক শাক-পাচলি শুকোৱা হয় আৰু বছৰজুৰি ৰন্ধাৰ উদ্দেশ্যে মজুত কৰা হয়।৭
উপাদান আৰু প্ৰস্তুতি
এই ভাজিত ব্যৱহৃত প্ৰধান উপাদানসমূহ হ’ল কটা পালেং পাত, কম পৰিমাণে মেথি, ডাইল আৰু গংগুৰাৰ পাত। শাক-পাচলিখিনি নিষ্কাশিত মাহজাতীয় শস্য (সাধাৰণতে চানা ডাল বা মুগ ডাল) আৰু ৰন্ধন তেলৰ সৈতে মিশ্ৰণ কৰি ষ্ট্যু প্ৰস্তুত কৰা হয়।২
গ্ৰেভিত যোগ কৰা অন্যান্য উপাদানসমূহৰ ভিতৰত আছে জিৰা, আদা আৰু নহৰু, কটা পিঁয়াজ আৰু বিলাহী, পানী, নিমখ, সেউজীয়া জলকীয়া, হালধি আৰু ধনিয়া পাউডাৰ, ৰঙা জলকীয়াৰ পাউডাৰ আৰু বেঙেনা আৰু আলু।২ ব্যৱহৃত মচলাৰ স্তৰ সাধাৰণতে মৃদু হয়।৪ এবাৰ ৰন্ধাৰ পিছত তৰকাৰীৰ এক মসৃণ আৰু ক্ৰীমযুক্ত গঠন হয়। ৮
সেৱা
সাই ভাজি বাছমতী চাউল বা ৰুটিৰ সৈতে পৰিৱেশন কৰিব পাৰি।১৪ খোৱাৰ এক জনপ্ৰিয় সংমিশ্ৰণ হৈছে খিচুৰি চাউলৰ সৈতে।৭
তথ্যসূত্ৰ
- ↑ Dalal. (2003). Home Remedies. Sanjay & Co. পৃ. 31. ISBN 9788186469736
- ↑ How to make Sai bhaji - fresh green leafy vegetables, chana dal and vegetables cooked together - a Sindhi speciality. Sanjeev Kapoor
- ↑ How to make Sindhi Sai Bhaji - fresh vegetables cooked in Sindhi style. Sanjeev Kapoor
- ↑ Kapoor. (2011). How to Cook Indian: More Than 500 Classic Recipes for the Modern Kitchen. Abrams. পৃ. 7. ISBN 9781613121351
- ↑ (25 July 2015). http://timesofindia.indiatimes.com/life-style/food/recipes/Recipe-Sai-bhaji-the-favorite-Sindhi-dish/articleshow/48203480.cms
- ↑ Sayee Bhaji- Spinach Vegetable. iFood.tv
- ↑ Bannerjee; Gupta, Nilanjana; Mukherjee, Sipra. (2009). Calcutta Mosaic: Essays and Interviews on the Minority Communities of Calcutta. Anthem Press. পৃ. 101. ISBN 9781843318057
- ↑ Kochhar. (2015). Atul's Curries of the World. Bloomsbury Publishing. পৃ. 215. ISBN 9781472932785
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাই ভাজি” প্ৰবন্ধৰ সংশোধন ৪৮০৪৮৮ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।