শুক্ৰিয়া আচিল (Shukria Asil) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।১ ২০০৯ চনত শিক্ষা মন্ত্ৰালয়ে তিনিগৰাকী শিক্ষয়িত্ৰীৰ বিষয়ে নেতিবাচক তথ্য প্ৰকাশ কৰিছিল আৰু তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল৷ কিন্তু শুক্ৰিয়া আচিলে তাৰ বিৰুদ্ধে যুঁজ দি মহিলা শিক্ষককেইগৰাকীৰ বৰ্খাস্তকৰণ প্ৰতিহত কৰিবলৈ সক্ষম হয়।২ ২০১০ চনৰ হিচাপত তেওঁ বাঘলান প্ৰাদেশিক পৰিষদৰ চাৰিগৰাকী মহিলা সদস্যৰ ভিতৰত অন্যতম আছিল আৰু ২০১২ চনলৈকে তেওঁ বাঘলান প্ৰাদেশিক সংস্কৃতি আৰু তথ্য বিভাগৰ মুৰব্বী আছিল।২৩
দলবদ্ধ ধৰ্ষণৰ বাবে পৰিয়ালে প্ৰত্যাখ্যান কৰা এগৰাকী ছোৱালীৰ গোচৰতো আচিলে হস্তক্ষেপ কৰিছিল আৰু পৰিয়ালটোক সফলতাৰে পুনৰ একত্ৰিত কৰিছিল; যদিও প্ৰাদেশিক গৱৰ্ণৰে তেওঁক তেনে কৰিবলৈ নিৰুৎসাহিত কৰিছিল।২ মহিলাৰ অধিকাৰৰ লগত জড়িত তেওঁৰ আন কামসমূহৰ ভিতৰত আছে মহিলাসকলৰ বাবে নেটৱৰ্কিং গ্ৰুপ সৃষ্টি কৰা, মহিলাৰ ড্ৰাইভিং স্কুলৰ প্ৰচাৰ কৰা আৰু কণমানি ছোৱালীৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণ কৰা।৪
তেওঁৰ নিজৰ কামসমূহৰ বাবে অপহৰণ আৰু মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছে৷ তেওঁ এবাৰ হ'লেও ঠিকনা সলনি কৰিবলগীয়া হৈছে।৪২
২০১০ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ (2014-04-23). 2010 International Women of Courage Award
- ↑ (2014-08-27). AWIU » afghanistan shukria asil. archive.ph
- ↑ (2012-11-01). Woman leaders of Baghlan province speak about successes and challenges Afghan women face. UNAMA
- ↑ Maher, Heather. (11 March 2010). Afghans, Iranian Honored As 'Women Of Courage'. Radio Free Europe/Radio Liberty
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুক্ৰিয়া আচিল” প্ৰবন্ধৰ সংশোধন ৬১২৩৪৯ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।