অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সগোত্ৰতা

সগোত্ৰতা বা একমূলতা (Consanguinity) হৈছে তেজৰ সম্পৰ্কৰ জৰিয়তে দুজন ব্যক্তিৰ মাজত প্ৰতিষ্ঠা হোৱা এক আত্মীয় সম্পৰ্ক। ভাই-ভনী, পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কটো এনে আত্মীয়তাৰ উদাহৰণ।

হালনাগাদ: ৪ জুন ২০২২ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

সগোত্ৰতা বা একমূলতা (Consanguinity) হৈছে তেজৰ সম্পৰ্কৰ জৰিয়তে দুজন ব্যক্তিৰ মাজত প্ৰতিষ্ঠা হোৱা এক আত্মীয় সম্পৰ্ক। ভাই-ভনী, পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কটো এনে আত্মীয়তাৰ উদাহৰণ। বহুতো ন্যায়িক অধিকাৰক্ষেত্ৰত তেজৰ সম্পৰ্ক থকা লোকসকলে ইজনে সিজনৰ লগতবিবাহ বা যৌন সম্পৰ্ক স্থাপন কৰাত নিষেধাজ্ঞা আৰোপ কৰা আইন আছে। এই নিষেধাজ্ঞাৰ জন্ম দিয়া সাংস্কৃতিকতাৰ মাত্ৰা ঠাইভেদে বেলেগ বেলেগ।১ এনে নিয়মসমূহ উইলবিহীন উত্তৰাধিকাৰ নিয়ন্ত্ৰণ কৰা বিধি অনুসৰি কোনো সম্পত্তিৰ উত্তৰাধিকাৰী নিৰ্ধাৰণ কৰিবলৈও ব্যৱহাৰ কৰা হয়, যিবোৰো বিচাৰক্ষেত্ৰভেদে ভিন্ন হয়।২ কিছুমান ঠাইত আৰু সময়ত একে পৰিয়ালৰ সম্পৰ্কীয় লোক সকলৰ সন্তান-সন্ততিৰ মাজত বিবাহৰ অনুমতি দিয়া হয় বা আনকি উৎসাহিত কৰা হয়; আন কিছুমানত ই নিষিদ্ধ, আৰু অনাচাৰ বুলি গণ্য কৰা হয়।

আপেক্ষিক কনচেংগুইনিটিৰ মাত্ৰাক এক ৰৈখিক চিত্ৰৰ সহায়ত দেখুৱাব পাৰি য'ত ৰৈখিক কনচেংগুইনিটিৰ প্ৰতিটো স্তৰ (প্ৰজন্ম) এটা শাৰী হিচাপে দেখা যায়, আৰু সমান্তৰালভাবে সংগত সম্পৰ্কযুক্ত ব্যক্তি সকল একেটা শাৰীতে থাকে।৩ ইয়াত বান্ধোন ব্যৱস্থা হৈছে এটা সংখ্যাগত সংকেত যিয়ে পূৰ্বপুৰুষৰ ভাগ সমূহৰ সমগোত্ৰীয় সম্বন্ধ বৰ্ণনা কৰে।৪

তথ্যসূত্ৰ

  1. ↑ O'Sullivan, Kathryn. (2019). Access to marriage: consanguinity and affinity prohibitions in national and international context. Irish Journal of Family Law. পৃ. 8–12
  2. ↑ Ritchie, Herbert. (1940). Methods of Intestate Succession. University of Cincinnati Law Review. পৃ. 508
  3. ↑ Table of Consanguinity. Sleepy Hollow Cemetary
  4. ↑ Højrup, Knud, "The Knot System: A Numeric Notation of Relationship", National Genealogical Society Quarterly, Vol. 84, Numb. 2, p. 115, June 1996, ISSN 0027-934X

সম্পৰ্কিত শ্ৰেণী

সমাজতত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সগোত্ৰতা” প্ৰবন্ধৰ সংশোধন ৩২৩৩২৯ (৪ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।