অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সমিধান

সমিধান এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত তথ্য সৰবৰাহৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কেইজনমান উদ্যমীৰ উদ্যোগত ২০১০ চনৰ ১ জানুৱাৰী তাৰিখে সমিধান মুকলি কৰা হৈছিল।

হালনাগাদ: ৪ জুলাই ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সমিধান এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন। ১ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত তথ্য সৰবৰাহৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কেইজনমান উদ্যমীৰ উদ্যোগত ২০১০ চনৰ ১ জানুৱাৰী তাৰিখে সমিধান মুকলি কৰা হৈছিল। ২ এই সংগঠনটো ভাৰতৰ Societies Registration Act, XXI of 1860-ৰ আধাৰত পঞ্জীয়ণভুক্ত। সমিধানে বিভিন্ন বিষয়ৰ সমল ব্যক্তিৰে গঠিত এটা গোটৰ জৰিয়তে কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰে। এই গোটটোত অভিযান্ত্ৰিক, ডিজাইন, গণ-মাধ্যম, অৰ্থনীতি, জন-সম্পৰ্ক, চিকিৎসা, ব্যৱস্থাপনা, কলা, ক্ৰীড়া আদি বিভিন্ন বিষয়ৰ সমল ব্যক্তি সদস্য হিচাপে আছে। ৩৪ ইয়াৰ লগতে সমিধানে আন এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন চাকৰিৰ সহযোগত বিনামূলীয়া resume building সেৱাও আগবঢ়ায়। ৫৬

বঁটা-সন্মান

২০১১ চনত সমিধান ই-নৰ্থ-ইষ্ট বিচাৰকৰ বিশেষ উল্লেখ (ইংৰাজী ভাষা: eNorthEast "Special Jury Mention" ) সন্মানেৰে সন্মানিত হয়। ৭৮৯

শৈক্ষিক পৰামৰ্শদান আৰু বৃত্তি প্ৰদান কাৰ্যসূচী

২০১২ চনত সমিধানে শৈক্ষিক পৰামৰ্শদান আৰু বৃত্তি প্ৰদান (ইংৰাজী ভাষা: "Mentor-ship-cum-Scholarship" ) কাৰ্যসূচী আৰম্ভ কৰে। ৭ এই কাৰ্যসূচীৰ অংশস্বৰূপে অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ পৰিয়ালৰ ৬ গৰাকী ছাত্ৰ-ছাত্ৰ্ৰীক শৈক্ষিক পৰামৰ্শদান আৰু বৃত্তি প্ৰদান কৰা হৈছে। বৰ্তমান একাদশ শ্ৰেণী বা তাৰ ওপৰত শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী এই কাৰ্যসূচীৰ দ্বাৰা সাঙুৰি লোৱা হয়। বাছনিৰ চৰ্ত অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে অষ্টম শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো শিক্ষান্ত পৰীক্ষাতে ৭০% বা ততোধিক নম্বৰ প্ৰাপ্ত হ'ব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীজনৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ১,৭৫,০০০ টকা(US$2,700)তকৈ কম হ'ব লাগিব। প্ৰতিগৰাকী শিক্ষাৰ্থীকে তেওঁৰ কেৰিয়াৰ নিৰ্বাচন, অধ্যয়নৰ বিষয় আৰু ভৱিষ্যতৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি দুগৰাকী শৈক্ষিক পৰামৰ্শদাতাৰ সৈতে সংযুক্ত কৰা হয়। প্ৰতিটো বৃত্তিৰ পৰিমাণ বছৰি ২৫,০০০ টকা (US$380)।

শেহতীয়াকৈ "সমিধানে" ছাত্ৰ-ছাত্ৰীসকলক জলপানি প্ৰদানৰ বাবে ’স্কলাৰ এচিষ্ট’ নামেৰে এক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উদ্দেশ্য মেধাৱী শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব বিচৰা দাতা আৰু যোগ্য ছাত্ৰ-ছাত্ৰীৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা। এই পদক্ষেপৰ অংশ হিচাপে বৰ্তমান ৬টা ছাত্ৰবৃত্তি সমিধানৰ ৱেবছাইটত উপলব্ধ।১০

তথ্যসূত্ৰ

  1. ↑ John Hingkung. (27 January 2013). Xomidhan: The first free career portal of NE. Sevendairy
  2. ↑ TI Trade. (3 March 2010). The Assam Tribune Online. Assamtribune.com
  3. ↑ 29 November 2010 by Xomidhan. (29 November 2010). Fried Careers. Fried Eye
  4. ↑ Correspondent. (1 January 2013). Xomidhan on completion of 3 years. Times of Assam
  5. ↑ Written by the Editor. (Meghalaya Times). NE gets job hunting portal. Monday, 26 July 2010 07:50
  6. ↑ Staff Reporter. (27 July 2012). Exclusive job website for NE launched. The Assam Tribune
  7. ↑ NE Blogger. (30 November 2011). XOMIDHAN.ORG: Free Online Career Counseling Website of Assam. Northeastblog.in
  8. ↑ (25 November 2011). E-North East Award and NE India Digital Festival held. Newspolitan
  9. ↑ Syed S. Kazi Team: Sylvia Yambem, Nang Tanvi Manpoong, Fahmida Tasneem, Jolly Kazi. (2011). Refer Pg-31. পৃ. 48
  10. ↑ (12 July 2020). শিক্ষাৰ্থীক জলপানি প্ৰদানৰ বাবে সমিধানৰ ‘স্কলাৰ এচিষ্ট’. নিয়মীয়া বাৰ্তা

সম্পৰ্কিত শ্ৰেণী

অব্যৱসায়িক সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমিধান” প্ৰবন্ধৰ সংশোধন ৬১৫৬৪৩ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।