শ্বাহী টুকৰা( Shahi Tukra) হৈছে এবিধ ব্ৰেড পুডিংৰ প্ৰকাৰ যি ১৬০০ চনত “মোগল’’ৰ শাসনকালৰ সময়ত “দক্ষিণ এছিয়া’’ত উৎপত্তি হৈছিল।১২শ্বাহী টুকৰা শব্দৰ আক্ষৰিক অৰ্থ হ’ল “ৰাজকীয় পাউৰুটী’’১ ’শ্বাহী টুকৰা’ৰ উৎপত্তি “মোগল সাম্ৰাজ্য’’ত হৈছিল; যেতিয়া ভাৰতীয় ৰান্ধনিসকলে এই খাদ্য মোগল দৰবাৰত ৰজাৰ সম্মুখত উপস্থাপন কৰিবলৈ তৈয়াৰ কৰিছিল৷৩এই বিধ খাদ্য তৈয়াৰ কৰিবলৈ বগা পাউৰুটি বা ব্ৰেড তেল বা ঘিঁউত ভাজি তাৰ পিছত গাখীৰ আৰু চেনিৰ মিশ্ৰণত যোগ কৰা হয়।৪৫ সোৱাদ বৃদ্ধি কৰিবলৈ ইয়াত কেশৰ, নিমখ আৰু ইলাচী ব্যৱহাৰ কৰা হয়৷৬৭
ইতিহাস
“DNA India’’ই এই বিধ খাদ্য মোগল মূলৰ বুলি “ৰিপৰ্ট’’ দিছে আৰু সম্ভৱতঃ ই “হায়দৰাবাদ’’ত উদ্ভাৱন হৈছিল।৮“শ্বাহী টুকৰা’’ মোগল সম্ৰাটসকলৰ জনপ্ৰিয় মুখৰোচক খাদ্য আছিল৷ তেওঁলোকে পবিত্ৰ “ৰমজান’’ মাহত ইয়াক গ্ৰহণ কৰিছিল বুলি জনা যায়৷৯দক্ষিণ এছিয়াৰ বিভিন্ন ঠাইত ৰমজানৰ অন্তত উদযাপন কৰা “ঈদ উল-ফিতৰ’’ৰ খাদ্য সম্ভাৰৰ এতিয়াও ই এক জনপ্ৰিয় বস্তু হৈয়েই আছে৷১০১১১২
তথ্যসূত্ৰ
- ↑ Shahi Tukda: The Mughlai Bread Pudding We Can't Get Enough of. NDTV Food
- ↑ (2022-05-02). Eid desserts to satiate your sweet tooth. Hindustan Times
- ↑ (14 June 2018). Origins of shahi tukre
- ↑ richa. Ramzan special: 10 delicacies for iftar you should know. Asianet News Network Pvt Ltd
- ↑ Delectable desserts you must try in Agra. The Times of India
- ↑ Sharma, Nik. (2019-10-11). Recipe: Shahi tukda elevates a simple bread pudding with cardamom and saffron. San Francisco Chronicle
- ↑ (2018-11-13). Tamal Ray's Indian bread pudding recipe · The Sweet Spot. the Guardian
- ↑ Metamorphosis of the classic Shahi Tukda. DNA India
- ↑ Tirmizi, Bisma. (2013-12-23). Food Stories: Shahi Tukray. DAWN.COM
- ↑ Eid-ul-Fitr: Know Its History, Traditions And Significance. NDTV.com
- ↑ Nazish, Noma. The Best Eid Ul-Fitr Recipes From Around The World. Forbes
- ↑ Callahan, Blaine. The month of Ramadan starts April 2: Here's what to know about the Islamic holiday. Norwich Bulletin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহী টুকৰা” প্ৰবন্ধৰ সংশোধন ৫৯৬৭৮০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।