অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শাগুতি‍

শাগুতি‍ (Xacuti; কোংকণী: शागोती) হৈছে ভাৰতৰ গোৱাত প্ৰস্তুত কৰা এবিধ তৰকাৰী, য'ত বগা পপি গুটি, টুকুৰা টুকুৰ কৰা পিঁয়াজ, টোষ্ট কৰা নাৰিকল, আৰু ডাঙৰ শুকান ৰঙা জলকীয়া আদি জটিল মছলাৰ সৈতে প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে কেঁকোৰা, কুকুৰাৰ মাংস, ভেড়াৰ মাংস বা গোমাংসৰ সৈতে প্ৰস্তুত কৰা হয়।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শাগুতি‍ (Xacuti; কোংকণী: शागोती) হৈছে ভাৰতৰ গোৱাত প্ৰস্তুত কৰা এবিধ তৰকাৰী, য'ত বগা পপি গুটি, টুকুৰা টুকুৰ কৰা পিঁয়াজ, টোষ্ট কৰা নাৰিকল, আৰু ডাঙৰ শুকান ৰঙা জলকীয়া আদি জটিল মছলাৰ সৈতে প্ৰস্তুত কৰা হয়।১ ইয়াক সাধাৰণতে কেঁকোৰা, কুকুৰাৰ মাংস, ভেড়াৰ মাংস বা গোমাংসৰ সৈতে প্ৰস্তুত কৰা হয়।২৩ ইয়াক পৰ্তুগীজ ভাষাত চাকুটি বুলিও জনা যায়।

গোৱাত সাধাৰণতে জনাজাত চাকুটি বা শাগুতি‍ৰ উৎপত্তি গোৱাৰ পেৰ্নেম তালুকাৰ হৰমল গাঁৱত (বৰ্তমান আৰম্বোল) হোৱা বুলি ধৰা হয়। ঐতিহাসিকভাৱে স্থানীয় মাছমৰীয়াসকলে ক’লা জলকীয়া (মেৰিয়া), জলকীয়া, হালধি‍, পিঁয়াজ, জাইফল, ডালচেনি আৰু নিমখৰ দৰে মছলাৰ সৈতে চাটনি বা জোল প্ৰস্তুত কৰিছিল। ইয়াৰ লগত যোগ কৰা হয় লঘুকৈ টোষ্ট কৰা নাৰিকল আৰু বগা পপি গুটি। এই চাটনি তাৰ পিছত সদ্য ধৰা মাছ বা কুকুৰাৰ সৈতে পৰিৱেশন কৰা হয়। পৰ্তুগীজসকলে দক্ষিণ ভাৰতত এই অঞ্চলত উপনিৱেশ স্থাপন কৰাৰ সময়ত তেওঁলোকে নিজৰ লগত লৈ আহিছিল শাগুতিকে ধৰি বহু বস্তু।

তথ্যসূত্ৰ

  1. ↑ (February 15, 2020)
  2. ↑ Goan Beef Xacuti
  3. ↑ Goan Beef Xacuti | innGOA Recipes

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাগুতি‍” প্ৰবন্ধৰ সংশোধন ৪৮০৪৭৩ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।