অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সীমা শেখৰে

ড° সীমা শেখৰে (Dr. Seema Sakhare; জন্ম ) এগৰাকী ভাৰতীয় নাৰীবাদী মহিলা। তেওঁ নাৰীৰ ওপৰত হোৱা হিংসা বন্ধ কৰাৰ বাবে চলোৱা প্ৰচাৰৰ বাবে জনাজাত।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ড° সীমা শেখৰে (Dr. Seema Sakhare; জন্ম ) এগৰাকী ভাৰতীয় নাৰীবাদী মহিলা। তেওঁ নাৰীৰ ওপৰত হোৱা হিংসা বন্ধ কৰাৰ বাবে চলোৱা প্ৰচাৰৰ বাবে জনাজাত।

কেৰিয়াৰ

সীমা শেখৰে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ নাগপুৰৰ নিবাসী ৷ ১ ১৯৭২ চনত দেশাইগঞ্জৰ এগৰাকী আদিবাসী যুৱতীক ধৰ্ষণৰ বলি হোৱাৰ পৰৱৰ্তী সময়ত আদালতৰ গোচৰটো ৰাষ্ট্ৰীয় বিষয় হৈ পৰিছিল। শেখৰেয়ে শোষিত যুৱতীগৰাকী কাষত থিয় দিয়ে আৰু পিছলৈ এটা সংগঠন প্ৰতিষ্ঠা কৰে যিয়ে নাৰীৰ ওপৰত হোৱা হিংসা বন্ধ কৰাৰ বাবে অভিযান চলায়। ১ মহিলাসকলক সহায় কৰা আৰু আইনী সহায় আগবঢ়োৱাৰ বাবে ভাৰতত তেওঁ সুপৰিচিত হৈছিল। ২ ২০১৬ চনত তেওঁ দ্য টাইমছ অৱ ইণ্ডিয়াক জনাইছিল যে তেওঁ ধৰ্ষণৰ বলি হোৱাৰ পৰা ৰক্ষা পোৱা প্ৰায় ২০০ গৰাকীক সহায় কৰিছিল। ৩ যেতিয়া জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেত্ৰী আশা মিৰ্জে ধৰ্ষণৰ বাবে মহিলাসকল আংশিকভাৱে দোষী বুলি মন্তব্য কৰিছিল, তেতিয়া শেখৰে এই মন্তব্যক গৰিহণা দি পদত্যাগ কৰিবলৈ আহ্বান জনাইছিল। ৪

তেওঁলৈ এই কামৰ স্বীকৃতি স্বৰূপে ২০১৩ চনৰ স্ত্ৰী শক্তি পুৰস্কাৰ (বৰ্তমান পুনৰ নামাকৰণৰ ভিত্তিত নৰী শক্তিপুৰস্কাৰ ) প্ৰদান কৰা হয়। ৫

তথ্যসূত্ৰ

  1. ↑ (2013). https://edition.cnn.com/interactive/2013/11/world/india-rape/
  2. ↑ (8 March 2014). https://www.thehindu.com/news/national/laws-alone-cant-come-to-womens-rescue-pranab/article5764977.ece
  3. ↑ (22 November 2016). https://timesofindia.indiatimes.com/city/nagpur/activist-opposes-rape-survivors-forced-abortion/articleshow/55550177.cms
  4. ↑ (29 January 2014). https://www.hindustantimes.com/india/mirje-likely-to-be-sacked-for-her-remark-on-rape/story-KMT1FDMPAIQFFHcpZi1wLJ.html
  5. ↑ Gwalani, Payal. (5 March 2014). Noted social worker and president of Stree Atyachar Virodhi Parishad, Seema Sakhare has been selected for the Stree Shakti Puraskar 2013 (Ahilya Bai Holkar) by the Ministry of Women and Child Development. The award will be presented by President of India, Pranab Mukherjee in a ceremony at Vigyan Bhavan, New Delhi, on the occasion of International Women's Day, on March 8. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নাৰীবাদীনাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা শেখৰে” প্ৰবন্ধৰ সংশোধন ৪৭৪২১১ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।