শ্বাফিকা কুৰেইছি (Shafiqa Quraishi) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।১২০১০ চনৰ পৰা তেওঁ এগৰাকী আৰক্ষী কৰ্ণেল আৰু আফগানিস্তানৰ স্বৰাজ মন্ত্ৰালয়ৰ ভিতৰত লিংগ, মানৱ আৰু শিশু অধিকাৰৰ সঞ্চালিকা।২৩ তেওঁ আফগান ৰাষ্ট্ৰীয় লিংগ নিযুক্তি কৌশলৰ ওপৰত এটা কৰ্মগোট প্ৰতিষ্ঠা আৰু নেতৃত্ব দিয়ে, যাৰ লক্ষ্য আছিল ৫,০০০ মহিলাক স্বৰাজ মন্ত্ৰালয়ত কাম কৰোৱা আৰু স্বৰাজ মন্ত্ৰালয়ক আফগানিস্তানৰ মহিলাসকলৰ বাবে সেৱা আগবঢ়োৱাত সহায় কৰা।২তেখেতে কৰ্মৰত মহিলাসকলৰ বাবে অধিক সুবিধা যেনে-শিশুৰ যত্ন, স্বাস্থ্যসেৱা, প্ৰসূতিৰ যত্ন, নিৰাপত্তা আৰু দক্ষতা প্ৰশিক্ষণৰ বাবেও কাম কৰিছিল।২ বছৰ বছৰ ধৰি অন্যায়ৰ সন্মুখীন হোৱা আফগান ৰাষ্ট্ৰীয় আৰক্ষীত কৰ্মৰত মহিলাসকলক তেওঁ পদোন্নতি প্ৰদান কৰিবলৈ সক্ষম হয়।২ ২০১১ চনৰ হিচাপত তেওঁ আফগানিস্তানৰ আটাইতকৈ জ্যেষ্ঠ আৰক্ষী মহিলা আছিল।২
আফগানিস্তানত তালিবান শাসনৰ সময়ত ১৯৯০ চনৰ মাজভাগৰ পৰা ২০০১ চনলৈকে কুৰেইছিয়ে তেওঁৰ কামত বাধা লাভ কৰিছিল৷৩
২০১০ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ (2014-04-23). 2010 International Women of Courage Award
- ↑ GPA Publications -. GPA Publications
- ↑ Afghan Women Wary Of Overtures To Taliban. NPR.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাফিকা কুৰেইছি” প্ৰবন্ধৰ সংশোধন ৫৪৮৭২৫ (৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।