অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অসমৰ হোজাই জিলাৰ হোজাইত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অসমৰ হোজাই জিলাৰ হোজাই জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে। হোজাইত অৱস্থিত হোজাই মহাবিদ্যালয়ক উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।১

২০১৯ চনৰ ৭ জুন তাৰিখে অধ্যাপক ডঃ অমলেন্দু চক্ৰৱৰ্তীয়ে বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।২ এই বিশ্ববিদ্যালয়খন ভাৰতৰ প্ৰথম ন'বেল বঁটা সাহিত্যিক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে নামকৰণ কৰা হৈছে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Assam house passes bills to set up universities. India Today
  2. ↑ Assam: First VC of Rabindra Nath Tagore University of Hojai takes charge. Nenow.in
  3. ↑ Tagore, not Dylan: The first lyricist to win the Nobel Prize for literature was actually Indian

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৪৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।