সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আন্তঃৰাষ্ট্ৰীয় নাৰী ধৰ্মঘট
আন্তঃৰাষ্ট্ৰীয় নাৰী ধৰ্মঘট (ইংৰাজী: International Women's Strike), যাক ‘পাৰো ইণ্টাৰনেচনেল ডি মুজেৰেছ’ বুলিও জনা যায়, হৈছে ২০১৭ আৰু ২০১৮ চনত আৰম্ভ হোৱা এক গোলকীয় আন্দোলন। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ৫০ খনতকৈও অধিক দেশত এই আন্দোলনৰ সমন্বয় কৰা হয়।
-
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত নাৰীবাদ
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ শৈক্ষিক অধ্যয়নত লিংগ চিন্তা আনিবলৈ চেষ্টা কৰা, বিশ্ব ৰাজনীতি আৰু সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ভালদৰে বুজিবলৈ নাৰীবাদী তত্ত্ব আৰু কেতিয়াবা বিবিধ তত্ত্ব ব্যৱহাৰ কৰা পণ্ডিত-গৱেষকৰ ৰচনাক নাৰীবাদ বুলি কোৱা হয়।
-
আন্তজাৰ্তিক ৰেডক্ৰছ সমিতি
আন্তজাৰ্তিক ৰেডক্ৰছ সমিতি (আইচিআৰচি) হৈছে চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত এক মানৱতাবাদী সংগঠন। মানবীয়তাৰ ক্ষেত্ৰত বিশেষ ভূমিকাৰ বাবে ৰেডক্ৰছে তিনিবাৰকৈ নবেল বঁটা বিজয়ী হ'বলৈ সক্ষম হৈছে। সংগঠনটোৱে যুদ্ধৰ সময়ছোৱাত মানৱীয় সহায় তথা নিয়মৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
আন্তৰ্জাতিক আৰু দেশীয় দিৱসৰ তালিকা
প্ৰতি বছৰে বিভিন্ন দিনত বিশ্বজুৰি আনুষ্ঠানিকভাৱে বিভিন্ন "দিৱস" পালন কৰা হয়। বিশ্বব্যাপী পালন কৰা আন্তৰ্জাতিক দিৱস আৰু বিভিন্ন দেশে পালন কৰা নিজ নিজ দিৱসৰ তালিকা এই পৃষ্ঠাত অন্তৰ্ভুক্ত কৰা হৈছে।
-
আন্তৰ্জাতিক প্ৰাইমেট দিৱস
আন্তৰ্জাতিক প্ৰাইমেট দিৱস (International Primate Day) হʼল প্ৰতিবছৰে ১ ছেপ্টেম্বৰ তাৰিখে উদ্যাপিত এটি শিক্ষামূলক অনুষ্ঠান। ২০০৫ চনৰপৰা এই অনুষ্ঠানটি মূলতঃ ব্ৰিটিছ-ভিত্তিক এনিমেল ডিফেণ্ডাৰছ ইণ্টাৰনেশ্যনেল (এডিআই)ৰদ্বাৰা আয়োজিত হৈ আহিছে।
-
আপেল ব্ৰেড
আপেল ব্ৰেড (Apple bread) টাইৱানৰ এবিধ জনপ্ৰিয় নিৰামিষ খাদ্য, সাধাৰণতে ব্ৰেকফাষ্টৰ বস্তু হিচাপে বা লঘু জলপান হিচাপে ইয়াক খোৱা হয়। লিউ ঝেজিয়ে উদ্ভাৱন কৰা এই ৰেচিপিটো সমগ্ৰ টাইৱানৰ স্কুলৰ কেণ্টিন, স্থানীয় গেলামালৰ দোকান, সুবিধাজনক দোকান, চুপাৰ মাৰ্কেটত বহুলভাৱে উপলব্ধ।
-
আফগানিস্তানত বাল্য বিবাহ
আফগানিস্তানত বাল্য বিবাহ (Child marriage in Afghanistan ) বহুলভাৱে প্ৰচলিত। আফগানিস্তানত ৫৭% ছোৱালী ১৯ বছৰ বয়সৰ আগতে এনে বিবাহপাশত আৱদ্ধ হয় আৰু বেছিভাগ ছোৱালীৰে বিয়া হোৱাৰ বয়স ১৫ আৰু ১৬ বছৰ দেখা যায়।
-
আফ্ৰিকানা নাৰীবাদ
আফ্ৰিকানা নাৰীবাদ (Africana womanism) হৈছে ১৯৮০ চনৰ শেষৰ ফালে ক্লেনোৰা হাডছন-উইমছে উদ্ভাৱন কৰা এটা শব্দ, যিটো আফ্ৰিকান বংশৰ সকলো মহিলাৰ বাবে প্ৰযোজ্য মতাদৰ্শ হিচাপে উদ্দেশ্য কৰা হৈছিল।
-
আভা খেতৰপাল
আভা খেতৰপাল (ইংৰাজী: Abha Khetarpal; জন্ম: ১০ জুন ১৯৬৮) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী ভাৰতীয় প্ৰতিবন্ধকতা অধিকাৰ কৰ্মী আৰু পৰামৰ্শদাতা। তেওঁ হৈছে “ক্ৰছ দ্য হাৰ্ডলছ” নামৰ এটা বিশেষভাৱে সক্ষম লোকৰ বাবে নিৰ্মাণ কৰা পৰামৰ্শ/শৈক্ষিক সমলৰ ৱেবছাইট আৰু মোবাইল এপ্লিকেচনৰ প্ৰতিষ্ঠাপক।
-
আমেৰিকাৰ বায়ুসেনাত মহিলা
আমেৰিকাৰ বায়ুসেনাত মহিলা ১৯৪৮ চনৰ পৰা আছে আৰু আজিও মহিলাসকলে ইয়াত সেৱা আগবঢ়াই আছে। ২০২০ চনলৈকে আমেৰিকাৰ বায়ুসেনাত সক্ৰিয় কৰ্তব্যৰত মুঠ ৬৯,৫৬৪ গৰাকী মহিলা আছিল, য’ত ১৪,৩২৫ গৰাকীয়ে বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ৫৫,২৩৯ গৰাকীয়ে তালিকাভুক্ত হৈছিল।
-
আম্বুয়াত
আম্বুয়াত (Ambuyat) হৈছে চাগু গছৰ কাণ্ডৰ ভিতৰৰ অংশৰ পৰা প্ৰস্তুত কৰা এবিধ খাদ্য। ই শ্বেতসাৰযুক্ত আৰু সোৱাদহীন এক পদাৰ্থ, যিটো দেখিবলৈ 'টেপিঅ’কা'ৰ দৰে। আম্বুয়াত হৈছে ব্ৰুণেইৰ ৰাষ্ট্ৰীয় খাদ্য, আৰু ই মালয়েছিয়াৰ চাৰাৱাক, চাবাহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাবুয়ানতো যথেষ্ট জনপ্ৰিয়, য’ত ইয়াক…
-
আমৰ আচাৰ
আমৰ আচাৰ হৈছে সাধাৰণতে কেঁচা আম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ আচাৰ ৷দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ই অতিকে জনপ্ৰিয় ৷ এই টেঙা, মিঠা বা জ্বলা আৰু মচলা দিয়া আচাৰ ঘৰত খাবলৈ প্ৰস্তুত কৰাৰ লগতে ব্যৱসায়িকভাৱেঅনলাইন বা দোকানতো পোৱা যায়।
-
আমৰ সৈতে আঠাজাতীয় চাউল
আমৰ সৈতে আঠাজাতীয় চাউল (Mango sticky rice) হৈছে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ এবিধ পৰম্পৰাগত মিঠা খাদ্য। এই মিঠা খাদ্যবিধ বৰা চাউল, আম আৰু নাৰিকলৰ গাখীৰেৰে ৰন্ধা হয়। ইয়াক চামুচ বা হাতেৰে খোৱা হয়।
-
আমৰাজ
আমৰাজ (আমৰাছ বুলিও জনা যায়) ভাৰতীয় উপমহাদেশৰ খাদ্যত আমফলৰ গুড়িৰ পৰা তৈয়াৰী মিঠা খাদ্য। পকা আমৰ গুড়ি উলিওৱা হয়, সাধাৰণতে হাতেৰে, আৰু পূৰিছ বা চাপাটি, ভাৰতীয় ৰুটিৰ সৈতে একেলগে খোৱা হয়। কেতিয়াবা ঘিউ আৰু গাখীৰ মিহলাই তাৰ সোৱাদ বৃদ্ধি কৰা হয়। মিঠাৰ বাবে চেনি দিব পাৰে।
-
আলবেনিয়াৰ নাৰী
১৯০৯ চনত আলবেনিয়াত প্ৰথম মহিলা সংস্থা প্ৰতিষ্ঠা কৰা হয়। উত্তৰ ঘেগ অঞ্চলৰ আলবেনিয়ান মহিলাসকলে ৰক্ষণশীল আৰু পিতৃতান্ত্ৰিক সমাজৰ ভিতৰত বাস কৰে। এনে পৰম্পৰাগত সমাজত "পুৰুষ প্ৰাধান্য" বুলি বিশ্বাস কৰা ঘেগ সম্প্ৰদায়ত মহিলাসকলৰ অধীনত কিছুমান ভূমিকা থাকে।
-
আলা অল-ইৰায়নী
আলা অল-ইৰায়নী (Alaa Al-Eryani; জন্ম:- ১৯৯০) য়েমেনৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ, লেখিকা আৰু নাৰীবাদী কৰ্মী।
-
আলু চাট
আলু চাট হৈছ্ৰ ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ পথৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰীট ফুড। ই উত্তৰ ভাৰত, পূব ভাৰতৰ পশ্চিম বংগ, পাকিস্তান আৰু বাংলাদেশৰ ছিলেট সংমণ্ডলৰ কিছু অংশতো জনপ্ৰিয়।
-
আলু পৰঠা
আলু পৰঠা (শব্দগত অৰ্থ: 'আলু পৰাঠা') হৈছে ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত খাদ্য, যিটো আলু ভৰাই চেপেতা কৰি ঘূৰণীয়াকৈ বেলি লৈ তৈয়াৰ কৰা হয়।পৰম্পৰাগতভাৱে ইয়াক পুৱাবেলাৰ আহাৰ হিচাপে খোৱা হয়। ইয়াত ময়দা বা আটাগুৰি লোৱা হয়।
-
আলু ভৰ্তা
আলু ভৰ্তা, হ'ল সিজোৱা কোমল আলু গুড়ি কৰি কটা জলকীয়া, পিঁয়াজ, নিমখ আৰু সৰিয়হৰ তেল মিহলাই তৈয়াৰ কৰা খাদ্য। ইয়াক অন্যতম চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়। এইবিধ খাদ্য ভাৰতৰ পশ্চিমবংগ, অসম, বিহাৰ আদি ৰাজ্যৰ লগতে বাংলাদেশত জনপ্ৰিয়।
-
আলুৰ দম
আলুৰ দম বা দম আলু ( दम आलू ) আলুৰ পৰা তৈয়াৰী এবিধ ব্যঞ্জন। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ কাশ্মীৰ উপত্যকাৰ পৰম্পৰাগত কাশ্মীৰী পণ্ডিত সকলৰ খাদ্যৰ অংশ । সাধাৰণতে সৰু আলুবোৰ প্ৰথমে ডিপ ফ্ৰাই কৰা হয়, তাৰ পিছত মছলাৰ সৈতে জোল কৰি অলপ সিজোৱা হয়।
-
আহৱেনেপা নাকাছা
আহৱেনেপা নাকাছা (Ahwenepa nkasa) হৈছে ঘানা, টোগো, বেনিন আৰু আইভৰি ক'ষ্টত পোৱা এবিধ বস্ত্ৰৰ ঘানাৰ নাম। এই কাপোৰবিধ VLISCO-ৰ অধীনত ঘানা টেক্সটাইল কোম্পানী (GTP) আৰু আকোচোম্বো ইণ্ডাষ্ট্ৰিয়েল কোম্পানী লিমিটেডৰ (পূৰ্বৰ আকোচোম্বো টেক্সটাইল লিমিটেড বা ATL) দ্বাৰা উৎপাদিত হয়।
-
আৰব ফেমিনিষ্ট ইউনিয়ন
আৰব ফেমিনিষ্ট ইউনিয়ন (AFU) আছিল আৰব দেশত ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা নাৰীবাদী সংঘৰ এটা মূল সংগঠন। ইয়াৰ উদ্দেশ্য আছিল আৰব জাতীয়তাবাদক প্ৰসাৰিত কৰাৰ লগতে সামাজিক আৰু ৰাজনৈতিক লিংগ সমতা লাভ কৰা। ১৯৩৮ চনত ই এফ ইউয়ে কাইৰোত পেলেষ্টাইনৰ প্ৰতিৰক্ষাৰ বাবে পূব মহিলা সন্মিলনৰ আয়োজন কৰে।
-
আৰা (পানীয়)
আৰা (তিব্বতী আৰু ডোংখা: ཨ་རག་) ভূটানত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ইয়াক আৰাগ নামেৰেও জনা যায়। আৰা থলুৱা যৱ, চাউল, গোমধান, বাজৰা বা ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক দুই ধৰণেৰে, অৰ্থাৎ কিম্বন কৰি বা ডিষ্টিলড কৰি প্ৰস্তুত কৰা হ'ব পাৰে।
-
আৰ্জেণ্টিনাৰ নাৰী
১৯৫৪ চনত গণতন্ত্ৰৰ প্ৰত্যাৱৰ্তনৰ পিছত আৰ্জেণ্টিনাত মহিলাৰ মৰ্যাদা যথেষ্ট সলনি হৈছে; আৰু তেওঁলোকে তুলনামূলকভাৱে উচ্চ পৰ্যায়ৰ সমতা লাভ কৰিছে। ২০০৯ চনত বিশ্ব অৰ্থনৈতিক মঞ্চই প্ৰস্তুত কৰা গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্টত পুৰুষৰ তুলনাত সম্পদ আৰু সুযোগৰ সুবিধা অধ্যয়ন কৰা ১৩৪খন দেশৰ ভিতৰত আৰ্জেণ্টিনাৰ…
-
আৱান (জনগোষ্ঠী)
আৱান পাকিস্তানৰ উত্তৰাঞ্চল আৰু পঞ্জাব অঞ্চলত কেন্দ্ৰীভূত এটা জনগোষ্ঠী আৰু জনগোষ্ঠীয় সম্প্ৰদায়, এই জনগোষ্ঠীয়ে উপাধি হিচাপে আৱান নাম ব্যৱহাৰ কৰে। পঞ্জাৱৰ উত্তৰ, মধ্য আৰু পশ্চিম অংশত আৱান প্ৰধানকৈ পোৱা যায়, আজাদ কাশ্মীৰৰ খাইবাৰ পখতুনখৌ আৰু কম পৰিমাণে সিন্ধ আৰু বেলুচিস্তানতো উল্লেখযোগ্য জনসংখ্যা…
-
ই কিচ চাইল্ডছ
ই কিচ চাইল্ডছ (E. Kitch Childs) এগৰাকী আমেৰিকান ক্লিনিকেল চাইক'লজিষ্ট আছিল৷ ইয়াৰ লগতে তেওঁ উত্তৰ আমেৰিকাৰ মহিলা মুক্তি আন্দোলন; সংখ্যালঘু মহিলা, বেশ্যা, সমকামী আৰু লেছবিয়ানসকলৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী লেছবিয়ান কৰ্মী।
-
ইউক্ৰেইনৰ খাদ্য
ইউক্ৰেইনৰ খাদ্য হৈছে ইউৰোপৰ অন্যতম বৃহৎ আৰু জনবহুল দেশ ইউক্ৰেইনৰ জনসাধাৰণৰ বিভিন্ন পৰম্পৰাৰ ৰন্ধনশৈলী। ইউক্ৰেইনৰ ক'লা ৰঙৰ সৰুৱা মাটি (চ'ৰন'জেম)ত উপাদান সংখ্য়া অধিক।
-
ইউক্ৰেইনৰ জাতীয় সাজ-পোছাক
ইউক্ৰেইনৰ জনসাধাৰণৰ পৰম্পৰাগত সাজ-পোছাক হৈছে ইউক্ৰেইনত বাস কৰা জনগোষ্ঠীয় লোক লোকসকলে পিন্ধা কাপোৰ। ইউক্ৰেইনৰ সাজ-পোছাক কেঁচ বা ফুল বছা কাপোৰৰ বাবে আটাইতকৈ বিখ্যাত। এই দেশৰ কাপোৰ হ’ল ফুল বছা কামিজ (vyshyvanka), কাপোৰৰ চেছআৰু ভিনোক ফুলৰ মুকুট।
-
ইউক্ৰেইনৰ নাৰী
ইউক্ৰেইনৰ মহিলাসকলৰ (Women in Ukraine)অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক ক্ষেত্ৰৰ লগতে পৰিয়ালৰ ক্ষেত্ৰতো পুৰুষৰ সমান সাংবিধানিক অধিকাৰ আছে। তাৎপৰ্যপূৰ্ণভাৱে শাৰীৰিক, যৌন অথবা মানসিক হিংসাত ভোগা ইউক্ৰেইনৰ প্ৰায় ৪৫ শতাংশ জনসংখ্যা (৪.৫ কোটি)অধিকাংশই মহিলা।
-
ইউজেনি লে ব্ৰুন
ইউজেনি লে ব্ৰুন (Eugénie Le Brun)-ক মেডাম ৰুছদি নামেৰেও জনা যায় (মৃত্যু ১৬ অক্টোবৰ, ১৯০৮) ফ্ৰান্সত জন্মগ্ৰহণ কৰা ইজিপ্তৰ এগৰাকী নাৰীবাদী বুদ্ধিজীৱী, প্ৰভাৱশালী অভ্যৰ্থনা-সভাৰ আয়োজক আৰু হুদা শ্বাআৰাৱীৰ ঘনিষ্ঠ বন্ধু।