অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আৰা (পানীয়)

আৰা (তিব্বতী আৰু ডোংখা: ཨ་རག་) ভূটানত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ইয়াক আৰাগ নামেৰেও জনা যায়। আৰা থলুৱা যৱ, চাউল, গোমধান, বাজৰা বা ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক দুই ধৰণেৰে, অৰ্থাৎ কিম্বন কৰি বা ডিষ্টিলড কৰি প্ৰস্তুত কৰা হ'ব পাৰে।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আৰা (তিব্বতী আৰু ডোংখা: ཨ་རག་) ভূটানত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ইয়াক আৰাগ নামেৰেও জনা যায়। আৰা থলুৱা যৱ, চাউল, গোমধান, বাজৰা বা ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক দুই ধৰণেৰে, অৰ্থাৎ কিম্বন কৰি বা ডিষ্টিলড কৰি প্ৰস্তুত কৰা হ'ব পাৰে। সাধাৰণতে এই পানীয়বিধ ফটফটীয়া (স্বচ্ছ), মাখন বা বগা ৰঙৰ হ'ব পাৰে।১

উৎপাদন

আৰা বেছিকৈ ঘৰুৱাভাৱে বা ফাৰ্মত চাউল বা গোমধানৰ পৰা তৈয়াৰ কৰা হয়।। ইয়াক কিম্বন বা ডিষ্টিল প্ৰক্ৰিয়াৰ মাজেৰে প্ৰস্তুত কৰা হ'ব পাৰে।২ ভূটানত ইয়াক কেৱল ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা হয়। আৰা উৎপাদন পদ্ধতি আৰু গুণগত মান দুয়োটা দিশতে নিয়ন্ত্ৰণহীন আৰু ভূটানত ইয়াৰ বিক্ৰীতো নিষেধাজ্ঞা আছে। পূৰ্বে নিষেধাজ্ঞাৰ মাজতো মানুহে ব্যক্তিগতভাৱে দোকানীসকলৰ জৰিয়তে আৰা বিক্ৰী কৰিছিল। ইয়াৰ বাবে তেওঁলোকে কঠোৰ চৰকাৰী দমন নীতিৰো সন্মুখীন হৈছিল। কিন্তু আৰাই অন্য প্ৰকাৰৰ কৃষি কাৰ্যতকৈ বহু বেছি পৰিমাণে লাভ দিয়াৰ বাবে ভূটানৰ বহু কৃষকে এইক্ষেত্ৰত আইনী সংস্কাৰৰ বাবে হেঁচা প্ৰয়োগ কৰিছে আৰু ইয়াৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল কৰাৰ বাবে প্ৰস্তাৱ দিছে।৩ ইয়াৰ বিপৰীতে ভূটান চৰকাৰে অত্যধিক মদ্যপান, অপব্যৱহাৰ, আৰু ইয়াৰ লগত জড়িত ৰোগসমূহক কৰ আৰু নিয়ন্ত্ৰণৰ জৰিয়তে নিৰুৎসাহিত কৰাৰ উদ্যোগ লৈছে।৪৫

ব্যক্তিগতভাৱে সেৱনৰ বাদেও আৰা ধৰ্মীয় কাৰ্যৰ বাবেও উৎপাদন কৰা হয়। বিশেষকৈ পূব ভূটানত ইয়াক কিছুমান শুভ দিনত লাছোৱেল প্ৰসাদ হিচাপে আগবঢ়োৱা হয়।৬৭ আৰাই ৰাসায়নিকভাৱে সাপক দূৰত ৰাখে বুলিও বিশ্বাস কৰা হয়। কেতিয়াবা শিশুৱেও সুৰক্ষাৰ বাবে আৰা কঢ়িয়াই লৈ ফুৰে।৮

ভূটানৰ পূব অঞ্চলত আৰা উৎপাদন আৰু ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে চৰকাৰী প্ৰচেষ্টা লোৱা হৈছে। স্থানীয় লোকসকলে এই কথা স্বীকাৰ কৰে যে ভূটানৰ পূব অঞ্চলৰ অত্যাধিক মদ্যপানৰ পৰম্পৰাক ৰোধ কৰিবলৈ কোনো এক ব্যৱস্থা হাতত লোৱা উচিত। আৰাৰ ব্যৱহাৰ নাইকিয়া নোহোৱালৈকে ক্ৰমান্বয়ে আৰা উৎপাদন আৰু ব্যৱহাৰ হ্ৰাস কৰা চৰকাৰৰ এক কৌশল। বিশেষকৈ স্থানীয় পৰ্যায়ত মদ্যপান আৰু আৰা উৎপাদন ভূটানৰ ৰাজনৈতিক আলোচনাৰ এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হৈ আহিছে।৯

সেৱন

আৰা সাধাৰণতে গৰমে গৰমেই পৰিৱেশন কৰা হয়। ইয়াক দুই ধৰণে পৰিৱেশন কৰা হয়: মাখন আৰু নাহৰফুলীয়াকৈ ভজা কণীৰ সৈতে, বা কণীৰ গুড়ি ভজা আৰু ভাত আদিৰ সৈতে।২

তথ্যসূত্ৰ

  1. ↑ Merak and Sakteng - The Land of Brokpas. Wind Horse Tours online
  2. ↑ Jones, Noa. (2011-06-02). Making Moonshine: How to Make Bhutanese Rice Wine. Tricycle online
  3. ↑ Wangdi, Tempa. (2011-01-27). Ara Production and Sale Should Be Legalized, Farmers Say. Bhutan Observer online
  4. ↑ Namgyal, Gyembo. (2011-03-15). Reduce Alcohol Abuse, Lyonchhen Urges Local Leaders. Bhutan Observer online
  5. ↑ Namgyal, Gyembo. (2011-07-18). Alcohol Price Hike Doesn't Quite Discourage Drinking. Bhutan Observer online
  6. ↑ Namgyal, Gyembo. (2010-01-19). It is Lhasoel Time in the East. Bhutan Observer online
  7. ↑ Frank Rennie, Robin Mason (ed.). (2008). Bhutan: Ways of Knowing. IAP. পৃ. 113. ISBN 978-16-07528-24-1
  8. ↑ Dema, Tashi. (2007-06-04). Trongsa: Slithering with Snakes. Kuensel online
  9. ↑ Wangchuck, Jigme. (2011-09-05). Ara Faces Banishment in Lhuentse. Bhutan Observer online

সম্পৰ্কিত শ্ৰেণী

সুৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰা (পানীয়)” প্ৰবন্ধৰ সংশোধন ৫৭৪২৫৩ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।