অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আলু পৰঠা

আলু পৰঠা (শব্দগত অৰ্থ: 'আলু পৰাঠা') হৈছে ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত খাদ্য, যিটো আলু ভৰাই চেপেতা কৰি ঘূৰণীয়াকৈ বেলি লৈ তৈয়াৰ কৰা হয়।পৰম্পৰাগতভাৱে ইয়াক পুৱাবেলাৰ আহাৰ হিচাপে খোৱা হয়। ইয়াত ময়দা বা আটাগুৰি লোৱা হয়।

হালনাগাদ: ১০ মে’ ২০২৫ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আলু পৰঠা (শব্দগত অৰ্থ: 'আলু পৰাঠা') হৈছে ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত খাদ্য, যিটো আলু ভৰাই চেপেতা কৰি ঘূৰণীয়াকৈ বেলি লৈ তৈয়াৰ কৰা হয়।১২পৰম্পৰাগতভাৱে ইয়াক পুৱাবেলাৰ আহাৰ হিচাপে খোৱা হয়।১৩

ইয়াত ময়দা বা আটাগুৰি লোৱা হয়। আলু পিটিকা ৰ লগত, মছলাৰ মিশ্ৰণ (আমচুৰ, গৰম মছলা) ভালদৰে মিহলাই,ঘূৰণীয়া লাডুৰ ভিতৰত সাবধানে ভৰাই লোৱা হয়। এতিয়া বেলনীৰে বেলি তৈয়াৰ কৰা পৰঠা মাখন বা ঘিঁউৰ সৈতে গৰম তাৱাত ভাজি ৰন্ধা হয়।৪৫ আলু পৰঠা সাধাৰণতে মাখন, চাটনি, দৈ বা ভাৰতীয় আচাৰৰ সৈতে পৰিবেশন কৰা হয়।৬৭

পৰঠাৰ গুণগত মানদণ্ড বেচি; আলু ভৰাই ভজা হ'লে ইয়াৰ কেলৰি (২৯০-৩৬০ কেলৰি) সাধাৰণ ৰ'টি (৬০ কেলৰি)তকৈ বেছি হয়।৫

একবিংশ শতিকাত সময়ৰ অভাব, ব্যস্ত ৰুটিন, বৃদ্ধি পোৱা ঘৰুৱা আয়, সৰু পৰিয়াল আৰু সময়ৰ বাধাৰ বাবে চহৰীয়া ভাৰতীয়সকলৰ মাজত আলু পৰাঠাৰ প্ৰভাৱ কমি আহিছে। এই পৰিৱৰ্তনৰ ফলস্বৰূপে, পুৱাৰ নাস্তাত অধিক সুবিধাজনক খাদ্য যেনে চিৰিয়েলজাতীয় খাদ্যৰ প্ৰচলন বাঢ়িছে।৩

ভিন্নতা

জম্মু আলু আনৰদনা বা আলু ডাডুনি পৰঠা

জম্মু ডাডুনি নামৰ স্থানীয় জাতৰ ডালিমৰ গুটিৰে ভৰাই প্ৰস্তুত কৰা আলু পৰঠাৰ বাবে জনাজাত। এই পৰঠাবোৰ সাধাৰণ ডোগ্ৰা ব্ৰেকফাষ্টৰ নিয়মীয়া অংশ আৰু শ্ৰী বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত যিকোনো ডগ্ৰী বৈষ্ণো ধাবাত সহজে উপলব্ধ।৮

যোধপুৰী জয়ফলী আলু পলক পৰঠা

ৰাজস্থানত যোধপুৰ জয়ফল (জাইফল) আৰু পালক (পালেং)ৰে ৰন্ধা আলুৰ বিশেষ ভৰ্তিৰে ভৰাই থোৱা আলু পৰঠাৰ বাবে জনাজাত।৯

তেলেগু পল্লেম অব্বাট্টু বা আলুগদ্দা কাৰা অব্বাট্টু

তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত পল্লেম অব্বাট্টু১০ বা আলুগদ্দা কাৰা অব্বাট্টু১১ আটাগুড়িৰ লগত টেঙা আলুৰ মিশ্ৰণ ভৰাই প্ৰস্তুত কৰা হয়। যিটো তাৰ পিছত অলপ তেল ব্যৱহাৰ কৰি গৰম তাৱাত ভজা হয়।[13] ইয়াক সকলো সময়ত সকলে উদ্দেশ্যত পৰিবেশন কৰাহয়।

লগতে চাওক

  • ৰুটিৰ বাচনৰ তালিকা
  • পাকিস্তানী খাদ্য
  • ভাৰতীয় খাদ্য

তথ্যসূত্ৰ

  1. ↑ Benson, Heather L.; Helzer, Jennifer. (January 2017). Central Valley Culinary Landscapes: Ethnic Foodways of Sikh Transnationals. California Geographer. পৃ. 55–95
  2. ↑ Al-Khusaibi, Mohammed; Rahman, Mohammad Shafiur. (2019). Traditional Foods: History, Preparation, Processing and Safety. Springer. পৃ. 1–8. ISBN 978-3-030-24620-4
  3. ↑ Iyer, Lakshmi Shankar. (8 June 2014). A Study of Breakfast Habits of Urban Indian Consumers. The International Journal's Research Journal of Economics and Business Studies. পৃ. 107–118
  4. ↑ Basak, Somnath; Chakraborty, Snehasis; Singhal, Rekha S. (1 January 2023). Revisiting Indian traditional foods-A critical review of the engineering properties and process operations. Food Control. পৃ. 109286
  5. ↑ Padave, Chef Priya; Sawant, Chef Vijay; Salvi, Chef Swapnil. Indian Bread: Traditional and Innovative Indian Breads. Educreation Publishing. পৃ. 25–32. ISBN 978-93-5373-066-6
  6. ↑ Ananthanarayan, Laxmi; Dubey, Kirti Kumari; Muley, Abhijeet B. (2019). Traditional Foods: History, Preparation, Processing and Safety. Springer. পৃ. 135. ISBN 978-3-030-24620-4
  7. ↑ Sachdev, M; Misra, A. (17 January 2022). Heterogeneity of Dietary practices in India: current status and implications for the prevention and control of type 2 diabetes.. European Journal of Clinical Nutrition. পৃ. 145–155
  8. ↑ Kapoor, Sanjeev. How to make Jammu Ka Aloo Anardana Parantha, recipe by MasterChef Sanjeev Kapoor. sanjeev kapoor
  9. ↑ (11 May 2022). Aloo Palak Parantha (Jodhpuri Parantha) Recipe On Plattershare. www.plattershare.com
  10. ↑ Srivalli. (2020-07-24). Pallem Obbattu ~ A to Z Indian Breakfast Dishes. Spice your Life!
  11. ↑ S R Setty's Kitchen. (2019-02-05). ಆಲೂಗಡ್ಡೆಯ ಖಾರ ಒಬ್ಬಟ್ಟು / POTATO SPICY OBBATTU /Braekfast recipe / Lunch box recipe

সম্পৰ্কিত শ্ৰেণী

খাদ্যৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলু পৰঠা” প্ৰবন্ধৰ সংশোধন ৫০৭৪৮৪ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।