আলুৰ দম বা দম আলু ( दम आलू ) আলুৰ পৰা তৈয়াৰী এবিধ ব্যঞ্জন। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ কাশ্মীৰ উপত্যকাৰ পৰম্পৰাগত কাশ্মীৰী পণ্ডিত সকলৰ খাদ্যৰ অংশ ১ ১ ২। সাধাৰণতে সৰু আলুবোৰ প্ৰথমে ডিপ ফ্ৰাই কৰা হয়, তাৰ পিছত মছলাৰ সৈতে জোল কৰি অলপ সিজোৱা হয়। ৩ পশ্চিম বঙ্গত এইবিধ খাদ্য সাধাৰণতে লুচিৰ লগত খোৱা হয় আৰু ইয়াক বাংলা ভাষাত "আলুৰ দম" বুলি জনা যায়।
প্ৰস্তুত প্ৰণালী

উপকৰণ
- সৰু আলু - ২৫০ গ্ৰাম
- টমেটো পিউৰি - ২ চামুচ
- আদাৰ পেষ্ট - ১ চামুচ
- ৰঙা জলকীয়া গুড়ি – ১ চামুচ
- জিৰা - ১ চামুচ
- তেজপাত - ১খন
- নিমখ আৰু চেনি - ৰুচি অনুসৰি
- তেল - প্ৰয়োজন অনুসৰি ৪
পদ্ধতি
আলু নিমখ দি ভালদৰে সিজাই তাৰ পিছত খোলা উলিয়াই সামান্য পৰিমাণৰ নিমখ আৰু হালধি গুড়ি মিহলাই লোৱা হয়। কেৰাহীত তেল ঢালি তেল গৰম কৰি তাত আলু ভাজি লোৱা হয়। ভজা হলে আলুখিনি এফালে ৰাখি সেই তেলত জিৰা, তেজপাত ফোঁড়ন দি লোৱা হয়। তাৰ পিছত বটা আদাৰ (আদা পেষ্টৰ) লগত মিহলাই বিলাহী পিউৰিৰ লগত ভালদৰে ভাজি লোৱা হয়। তাৰ পিছত বিলাহী (টমেটো) পিউৰিৰ লগত ভালদৰে মিহলাই ৰঙা চিলি পাউদাৰৰ লগত মিহলাই ল'ব লাগে। তাৰ পিছত আলুৰ লগত ভালদৰে ভাজি লোৱা হয়। তাৰ পিছত অলপ পানীৰে সিজাই চেনিৰ লগত মিহলাই প্ৰস্তুত কৰা হয়। ৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলুৰ দম” প্ৰবন্ধৰ সংশোধন ৫৩৫০১৮ (২৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।