অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আম্বুয়াত

আম্বুয়াত (Ambuyat) হৈছে চাগু গছৰ কাণ্ডৰ ভিতৰৰ অংশৰ পৰা প্ৰস্তুত কৰা এবিধ খাদ্য। ই শ্বেতসাৰযুক্ত আৰু সোৱাদহীন এক পদাৰ্থ, যিটো দেখিবলৈ 'টেপিঅ’কা'ৰ দৰে। আম্বুয়াত হৈছে ব্ৰুণেইৰ ৰাষ্ট্ৰীয় খাদ্য, আৰু ই মালয়েছিয়াৰ চাৰাৱাক, চাবাহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাবুয়ানতো যথেষ্ট জনপ্ৰিয়, য’ত ইয়াক…

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আম্বুয়াত (Ambuyat) হৈছে চাগু গছৰ কাণ্ডৰ ভিতৰৰ অংশৰ পৰা প্ৰস্তুত কৰা এবিধ খাদ্য। ই শ্বেতসাৰযুক্ত আৰু সোৱাদহীন এক পদাৰ্থ, যিটো দেখিবলৈ 'টেপিঅ’কা'ৰ দৰে। আম্বুয়াত হৈছে ব্ৰুণেইৰ ৰাষ্ট্ৰীয় খাদ্য,১২ আৰু ই মালয়েছিয়াৰ চাৰাৱাক, চাবাহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাবুয়ানতো যথেষ্ট জনপ্ৰিয়, য’ত ইয়াক কেতিয়াবা লিনুত বুলিও জনা যায়।৩

পাৰ্শ্বপটভূমি

আম্বুয়াত হৈছে ব্ৰুণেইৰ মালয়, বিচায়া, বাজাউ, কাদাজান-দুচুন আৰু লুণ্ডায়েহ/লুন বাৱাং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য। এই লোকসকল চাবাহৰ ইণ্টেৰিয়ৰ ডিভিজন আৰু ৱেষ্ট ক'ষ্ট ডিভিজন, চাৰাৱাকৰ লিম্বাং ডিভিজনৰ লগতে মালয়েছিয়াৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাবুয়ান আৰু ব্ৰুণেইত বিস্তৃত হৈ আছে,৪৫৬ য’ত ইয়াক ৰাষ্ট্ৰীয় খাদ্য হিচাপে গণ্য কৰা হয়।১৭

আম্বুয়াত খাবলৈ চান্দা নামৰ এযোৰ বাঁহৰ চপষ্টিক ব্যৱহাৰ কৰা হয়। চপষ্টিকেৰে শ্বেতসাৰখিনি পকাই লৈ চচৰ সৈতে ডুবাই খোৱা হয়।৫ ইয়াৰ বাবে ব্যৱহাৰ হোৱা চচবোৰ বিভিন্ন ধৰণৰ হ’ব পাৰে, যেনে মিছা মাছৰ পেষ্ট (সাম্বল বেলাকান), সাম্বল টেম্পোইয়াক (জলকীয়া আৰু কিম্বন কৰা দুৰিয়ানৰ পেষ্ট), সাম্বল চিনকালক (জলকীয়া আৰু কিম্বন কৰা মিছা মাছৰ পেষ্ট), আৰু সাম্বল বিনজাই (এবিধ বনৰীয়া আম)।৮ অতীতত ই এই অঞ্চলৰ আদিবাসীসকলৰ অন্যতম প্ৰধান খাদ্য আছিল।৬

পূব ইণ্ডোনেছিয়াৰ কিছুমান অংশত ইয়াৰ দৰেই এবিধ খাদ্য পোৱা যায় যাক 'পাপেদা' বুলি কোৱা হয়। পাপেদা সাধাৰণতে ভজা কলমৌ শাক (কাংকুন), অমিতাৰ কলি আৰু হালধিৰে ৰন্ধা মাছৰ তৰকাৰী 'কুয়াহ ইকান কুনিং'ৰ সৈতে পৰিবেশন কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ Tiah, Jessica. (8 January 2011). Ambuyat – Our iconic heritage. The Brunei Times
  2. ↑ Zainuddin, Afiq. (5 December 2023). Ambuyat sajian pilihan orang kitani. Media Permata
  3. ↑ Jayaweera, Himavee. (16 October 2023). Ambuyat: The Traditional and Exotic Food Gem. Munch Malaysia
  4. ↑ Lisut, Osman. (2 October 2016). Ambuyat sajian tradisional masyarakat Borneo. Berita Harian
  5. ↑ Mel. (19 March 2024). 10 Makanan Sabah Yang Unik dan Popular di Malaysia. eCentral
  6. ↑ Masakan tradisional 'ambuyat' (Pengenalan dan sejarah). National Department for Culture and Arts, Malaysia
  7. ↑ Ali, Bahrum. (21 February 2009). Fostering family ties with ambuyat feasts. The Brunei Times
  8. ↑ Rodrigues, Beverly. (21 November 2022). In Southeast Asia, an Exotic Sago Dish Awaits Adventurous Foodies. Explore AirAsia

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় ব্যঞ্জন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম্বুয়াত” প্ৰবন্ধৰ সংশোধন ৫৯৭৭১২ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।