অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আলু ভৰ্তা

আলু ভৰ্তা, হ'ল সিজোৱা কোমল আলু গুড়ি কৰি কটা জলকীয়া, পিঁয়াজ, নিমখ আৰু সৰিয়হৰ তেল মিহলাই তৈয়াৰ কৰা খাদ্য। ইয়াক অন্যতম চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়। এইবিধ খাদ্য ভাৰতৰ পশ্চিমবংগ, অসম, বিহাৰ আদি ৰাজ্যৰ লগতে বাংলাদেশত জনপ্ৰিয়।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আলু ভৰ্তা,১২৩ হ'ল সিজোৱা কোমল আলু গুড়ি কৰি কটা জলকীয়া, পিঁয়াজ, নিমখ আৰু সৰিয়হৰ তেল মিহলাই তৈয়াৰ কৰা খাদ্য। ইয়াক অন্যতম চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়।২ ভাৰতীয় উপমহাদেশৰ পূব অংশত ইয়াক সাধাৰণতে খিচিৰিৰ সৈতে খোৱা হয়।৪ এইবিধ খাদ্য ভাৰতৰ পশ্চিমবংগ, অসম, বিহাৰ আদি ৰাজ্যৰ লগতে বাংলাদেশত জনপ্ৰিয়।

Meshed potato (alu bharta).jpg
ছবি: Ferdous · CC BY-SA 4.0

সামগ্ৰীসমূহ

প্ৰস্তুতি পদ্ধতি

প্ৰথমে এটা সুকীয়া পাত্ৰত পৰ্যাপ্ত পৰিমাণৰ আলু উতলাই লওক। সিজোৱা আলুৰ খোলা উলিয়াই এটা সুকীয়া বাটিত এফালে থৈ দিব। এতিয়া কেৰাহীত কটা পিয়াঁজ আৰু কটা জলকীয়াখিনি অলপ তেল দি ভাজিব। এই পৰ্যায়ত সিজোৱা আলুখিনি হাতেৰে হেঁচা মাৰি থেতেলিয়াই পেলাব লাগে। ভজা পিঁয়াজ, চিলি পাউদাৰ, আৰু সৰিয়হৰ তেল দি ভালদৰে মিহলাই লওক। পৰ্যাপ্ত পৰিমাণৰ নিমখ দিব। বহুতে আলুৰ লগতে সিজোৱা কণী, বীন, বেঙেনা আদিও ব্যৱহাৰ কৰে।

ইয়াৰ উপৰিও বহুতে জলকীয়া পাউদাৰ ব্যৱহাৰ কৰে; ইয়াৰ ফলত সোৱাদ আৰু গোন্ধ বেলেগ হয়। কটা সেউজীয়া জলকীয়াও ব্যৱহাৰ কৰা হয়। ঘিউ প্ৰায়ে বৈচিত্ৰ্য আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয়।

বৈচিত্ৰ্য

আলু ভৰোৱাৰ বৈচিত্ৰ্য বিভিন্ন উপাদান যোগ কৰাৰ পৰাই আহে। উদাহৰণ স্বৰূপে:

তথ্যসূত্ৰ

  1. ↑ DUBEY. (2010-09-27). THE INDIAN CUISINE. PHI Learning Pvt. Ltd. ISBN 978-81-203-4170-8
  2. ↑ Amit, Dassana. (2023-01-25). Aloo Chokha. Dassana's Veg Recipes
  3. ↑ Samaroo; Gooptar, Primnath; Mahabir, Kumar. (2021-11-22). Global Indian Diaspora: Charting New Frontiers (Volume I). Routledge. ISBN 978-1-000-50715-7
  4. ↑ Kumar; Kumar, Sonali. (2016-08-15). The Ultimate Guide to Cooking Vegetables the Indian Way: #9 in the Cooking In A Jiffy Series

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰন্ধনশৈলীৰন্ধনশৈলীখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলু ভৰ্তা” প্ৰবন্ধৰ সংশোধন ৪৭৫০৩৭ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।