সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অয়লা (পানীয়)
অয়লা (अयला) নেপালৰ এবিধ পৰম্পৰাগত পানীয়; ভাত, আন শস্য আৰু বজৰা আদিৰ পৰা কিন্বন পদ্ধতিৰে উপাদানসমূহ ডিষ্টিলেচন কৰি প্ৰস্তুত কৰা ই এক নেৱাৰী পানীয়। সাধাৰণ মদ্যপানৰ উপৰি অয়লা নেপালৰ উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ। এই সুৰা সাধাৰণতে ঘৰতে তৈয়াৰ কৰা হয় আৰু পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা হয়।
-
অল ইণ্ডিয়ান চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচন
অল ইণ্ডিয়ান চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচন (All Indian Cine Workers Association) চমুকৈ 'এআইচিডব্লিউএ' (AICWA) হৈছে মুম্বাইত পঞ্জীয়নভুক্ত এটা অলাভজনক সংগঠন। সুৰেশ শ্যামলাল গুপ্তাই এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল।
-
অলিম্যান গোত্ৰ
অলিম্যান ঋষিৰ বংশধৰক অলিম্যান গোত্ৰ বুলি কোৱা হয়। অলিম্যান গোত্ৰক বহুতে আলম্যান গোত্ৰ, আলিম্মান গোত্ৰ, আলম্বায়ন গোত্ৰ বুলিও কোৱা পৰিলক্ষিত হয়।
-
অষ্ট্ৰিয়াৰ নাৰী
১৯৭০ চনৰ মাজভাগৰ পৰা অষ্ট্ৰিয়াত মহিলাৰ আইনী অৱস্থাৰ উন্নতি ঘটিছিল। নাৰীৰ অধিকাৰৰ সন্দৰ্ভত অষ্ট্ৰিয়াত কেৱল সমঅধিকাৰ থকাতকৈ দুয়োটা লিংগৰ সম ব্যৱহাৰৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। এইদৰে অষ্ট্ৰিয়াৰ মহিলাসকলে তেওঁলোকৰ চৰকাৰে লিংগ-নিৰ্দিষ্ট বোজাৰ বৈষম্যৰ ক্ষতিপূৰণৰ প্ৰচেষ্টাৰ দ্বাৰা লাভৱান হয়।
-
অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা
অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা বা চমুকৈ আনা (Assam Association of North America) হৈছে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি উত্তৰ আমেৰিকাত বাস কৰা ভাৰতৰ অসমবাসী, তেওঁলোকৰ প্ৰজন্ম তথা বৈবাহিক সুত্ৰত অনা-অসমীয়া পতি বা পত্নীৰ এক জাতীয় সংগঠন।
-
অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও
অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও অসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত অৱস্থিত। ১৯৬৮ চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই প্ৰথম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয।
-
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী (Assam State Primary Teachers' Association) অসম ৰাজ্যৰ প্ৰাথমিক শিক্ষক, শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ উত্তৰণত সেৱাৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটি শিক্ষক সংগঠন।
-
অসমত নাৰীবাদ
অসমত নাৰীবাদ অসমৰ সামাজিক, ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিতত বিকশিত হোৱা নাৰী-অধিকাৰ আৰু লিংগ-সমতাৰ এক বহুমাত্ৰিক আন্দোলন। ই কেৱল পুৰুষ আৰু নাৰীৰ সমান অধিকাৰৰ দাবীত সীমাবদ্ধ নহয়; বৰং সামাজিক ন্যায়, সাংস্কৃতিক স্বীকৃতি, শিক্ষাৰ সুযোগ, ৰাজনৈতিক অংশগ্ৰহণ আৰু আৰ্থ-সামাজিক সমতাৰ ক্ষেত্ৰত…
-
অসমীয়া চীনা
মাকুমৰ অসমীয়া চীনাসকল বা মাকুম জনগোষ্ঠী, যাক ঝোংগুম জনগোষ্ঠী বুলিও কোৱা হয়, ভাৰতৰ অসম ৰাজ্যৰ মাকুম চহৰত বসবাস কৰা জনগোষ্ঠীয় চীনা লোকৰ এটা সৰু সম্প্ৰদায়। বৰ্তমান সমগ্ৰ অসমতে সিঁচৰতি হৈ আছে। এই গোটটো মূলতঃ দুটা সুকীয়া পৰ্যায়ত অসমলৈ প্ৰব্ৰজন কৰা চীনা অনুপ্ৰৱেশকাৰীৰ বংশধৰেৰে গঠিত।
-
অসমীয়া পাগুৰি
মানুহে ৰ'দ, তাহ-বৰষুণ-ঠাণ্ডাৰ পৰা আত্মৰক্ষা কৰিবলৈ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে মূৰত পাগুৰি মাৰিছিল আৰু ইয়াৰ সংস্কৃত নাম হ'ল উষ্ণীষ। শীত-বাতাদিৰ পৰা ৰক্ষা পাবলৈ যে উষ্ণীষৰ প্ৰয়োজন, তাক সুশ্ৰুত সংহিতাৰ নিদান স্থানৰ চৰ্তু বিংশতি অধ্যায়ত বৰ্ণিত হৈছে।
-
অসমৰ জনগোষ্ঠীসমূহৰ মৃতদেহ সৎকাৰ পদ্ধতি
অসম হৈছে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ সংস্কৃতিৰ ৰম্যভূমি। সকলো জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ় দিছে যদিও জনগোষ্ঠীবোৰে স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যবোৰ অটুত ৰাখিছে।
-
অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ
পুৰণি অসমত প্ৰাপ্ত বিভিন্ন অভিলেখ আৰু পুথি-পাঁজিৰ সহায়ত অসম ভূখণ্ডত বসবাস কৰা বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়ৰ বিষয়ে ধাৰণা এটা কৰিব পাৰি।
-
অসমৰ ভূঞাসকল
অসমৰ ভূঞাসকল খৃষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকামানলৈ অসমৰ বিভিন্ন ঠাইত সৰু সৰু ৰাজ্য শাসন কৰা এক জনগোট আছিল৷ এই ভূঞা জনগোটৰ কেইবাটাও ফৈদ আছিল৷ তেওঁলোক কনৌজৰ পৰা অসমলৈ আহে৷ ভূঞাসকলে কোনো এটা জাতিক প্ৰতিনিধিত্ব কৰা নাছিল৷ তেওঁলোকৰ মাজত ব্ৰাহ্মণ, কলিতা(কায়স্থ) আৰু কিছুমান মুছলমান মানুহো ভূঞা…
-
অসমৰ মাছমৰীয়া সম্প্ৰদায়
উত্তৰ-পূব ভাৰতত বেছিভাগ সম্প্ৰদায় মাছ ধৰাত জড়িত। কিন্তু মাত্ৰ কেইটামান খিলঞ্জীয়া জনগোষ্ঠীয়েহে ব্যৱসায়িক মাছ ধৰাৰ কামত নিয়োজিত। ইয়াৰে অধিকাংশই ক্ষুদ্ৰ উদ্যোগ,আৰু অভ্যন্তৰীণ নদীৰ মাছৰ উদ্যোগত জড়িত।
-
অৰ্নেক
অৰ্নেক ক্ৰিমিয়ান তাতাৰসকলৰ এটা জাতীয় অলংকাৰ আৰু তেওঁলোকৰ অন্যতম প্ৰাচীন সাংস্কৃতিক ঐতিহ্য। ২০২১ চনত অৰ্নেক আৰু ইয়াৰ সৈতে জড়িত জ্ঞানক ইউনেস্কোৰ মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধিত্বমূলক তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
-
অৱতৰণ দিৱস
অৱতৰণ দিৱস সন্ত ৰামপাল মহাৰাজৰ শিষ্যৰ দ্বাৰা পালন কৰা এক উৎসৱ। এই উৎসৱ সন্ত ৰামপালৰ জন্ম দিনত প্ৰত্যেক বছৰে ৮ ছেপ্টেম্বৰৰ দিনা পালন কৰা হয়। এই উৎসৱৰ উপলক্ষে সকলো সতলোক আশ্ৰমত তিনি দিনীয়া বিশাল ভোজৰ আয়োজন কৰা হয় য'ত কোটি কোটি ভকত জড়িত থাকে।
-
আইৰিছ ক্ৰ’চেট জৰী
আইৰিছ ক্ৰ’চেট জৰী আইৰিছ জৰীৰ এটা শৈলী। ইয়াক প্ৰথমে ঊনবিংশ শতিকাৰ মাজভাগত আয়াৰলেণ্ডত দামী ভেনিচৰ পইণ্ট লেচ অনুকৰণৰ পদ্ধতি হিচাপে বিকশিত কৰা হৈছিল।
-
আইৱানোজ অডাফেন
আইৱানোছ অডাফেন (Aiwanose Odafen)নাইজেৰিয়াৰ এগৰাকী নাৰীবাদী লেখিকা৷ তেওঁ নাইজেৰিয়াৰ লাগোছত জন্মগ্ৰহণ কৰিছিল। ২০২২ চনত তেওঁৰ প্ৰথম উপন্যাস টুম'ৰ' আই বিকম এ ৱমেন আৰু ২০২৪ চনত দ্বিতীয়খন উপন্যাস উই ৱেৰ গাৰ্লছ ৱানছ প্ৰকাশিত হয়।নাইজেৰিয়ান তুৰ্কী আন্তঃৰাষ্ট্ৰীয় কলেজত পঢ়ি ২০০৯ চনত তেওঁ স্নাতক ডিগ্ৰী…
-
আউ পাক
আউ পাক (খ্মেৰ: អាវប៉ាក់, উচ্চাৰণ: aao pak) হ’ল কম্বোডিয়াৰ মহিলাসকলে পৰিধান কৰা এক পৰম্পৰাগত ব্লাউজ সদৃশ পোছাক। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে “কাঢ়ি কৰা চোলা” বা সূচীকৰ্মেৰে সজোৱা চোলা (embroidery shirt)।
-
আগবাডা
আগবাডা পৰম্পৰাগতভাৱে সমগ্ৰ পশ্চিম আফ্ৰিকাত ইয়োৰুবা লোকসকলে বিশেষকৈ নাইজেৰিয়া, বেনিন গণৰাজ্য আৰু ট'গোৰ ইয়োৰুবাসকলৰ মাজত পিন্ধা দীঘল চোলা। ইয়াৰ লগত ভিতৰৰ কাপোৰ ভিন্ন দৈৰ্ঘ্যৰ আৰু ইয়াৰ লগত শ্বোকোটো নামৰ স্থানীয় ট্ৰাউজাৰৰ আকাৰত তলৰ ৱেৰ এযোৰও আহে।
-
আগাল
আগাল (ইকাল, ইগাল বা ইগাল বুলিও বানান কৰা হয়) হৈছে জনজাতীয় আৰব পুৰুষে পৰম্পৰাগতভাৱে পিন্ধা কাপোৰৰ আনুষংগিক বস্তু। ই এডাল গাঢ় ক'লা ৰছী, যিহেৰে কেফীহ পিন্ধাজনৰ মূৰত কেফীহটো ঠাইতে ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। পৰম্পৰাগতভাৱে আগাল ছাগলী বা উটৰ নোমেৰে তৈয়াৰ কৰা হয়।
-
আগালমাকা
আগালমাকা (Agalmaka) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো জনগোষ্ঠীৰ এক কৃষিভিত্তিক লোক উৎসৱ।
-
আঙঠি
আঙঠি হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
-
আচাপ্পম
আচাপ্পম (achappam); ‘আচ’ অৰ্থাৎ সাঁচ আৰু মালয়ালম ভাষাত ‘আপ্পাম’ অৰ্থাৎ আটাৰে তৈয়াৰ কৰা খাদ্য) বা আচু মুৰুক্কু (achu murukku; তামিল ভাষাত ‘murukku’ অৰ্থাৎ মচমচীয়া জলপান) হৈছে চাউলৰ গুড়ি, নাৰিকলৰ গাখীৰ, চেনি আৰু কণীৰে তৈয়াৰ কৰা এবিধ সামান্য মিঠা, গভীৰ তেলত ভজা গোলাপ আকৃতিৰ কুকিজ।
-
আজাৰবাইজানৰ নাৰী
আজাৰবাইজানৰ মহিলাসকলে পুৰুষৰ দৰেই আইনী অধিকাৰ লাভ কৰে; কিন্তু সমাজৰ বৈষম্য এতিয়াও এটা সমস্যা হৈয়ে আছে।বাকু গৱেষণা প্ৰতিষ্ঠানে ৰিপ'ৰ্ট কৰিছে যে: "ৰাজনৈতিক আৰু সামাজিক সম্পৰ্কত গোপনীয়তা উলংঘা, যেনে:ব্যক্তিগত জীৱনত হস্তক্ষেপ, ব্যক্তিগত তথ্য বিনিময় আৰু ব্যক্তিগত স্থানত অকৰ্তৃত্বশীল প্ৰৱেশ,…
-
আজেৰবাইজানৰ পৰম্পৰাগত সাজপাৰ
আজেৰবাইজানৰ পৰম্পৰাগত সাজপাৰ (আজাৰবাইজানী: Azərbaycan milli geyimi) হৈছে আজাৰবাইজানী জনসাধাৰণে পৰম্পৰাগতভাবে পৰিধান কৰা সাজ-পোছাক। তেওঁলোকৰ ইতিহাস, ধৰ্মীয় সংস্কৃতি আৰু জাতীয় পৰিচয়ৰ সৈতে এই সাজ-পাৰবোৰ ওতঃপ্ৰোতভাৱে জড়িত।
-
আঠমঙলা
আঠমঙলা হৈছে অসমীয়া সংস্কৃতিত বিবাহৰ লগত জড়িত এটা বিশেষ অনুষ্ঠান। সাধাৰণতে বিয়াৰ আঠদিনৰ দিনা দৰাক শহুৰেকৰ ঘৰলৈ খাবলৈ নিমন্ত্ৰণ জনোৱা পৰম্পৰাকে আঠমঙলা বুলি কোৱা হয়।
-
আনাৰ্ছা
আনাৰ্ছা বা হিলছা নেপাল আৰু ভাৰতৰ বিহাৰ আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ চাউলৰ পৰা তৈয়াৰ কৰা এবিধ বিস্কুট। ইয়াক সাধাৰণতে নেপাল, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ হিন্দু উৎসৱ দীপাৱলী (তিহাৰ)ৰ লগতে অন্যান্য বিশেষ অনুষ্ঠানৰ সৈতে জড়িত। ইয়াৰ উপাদানসমূহৰ ভিতৰত গুড়, চাউল, বগা তিল আৰু ঘিঁউ বা মাখন আদি উল্লেখযোগ্য।
-
আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন
আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন (Students' Experience in Inter-state Living) অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক প্ৰকল্প। উত্তৰ-পূব ভাৰতক অৱশিষ্ট ভাৰতৰ সৈতে একাত্মতা ভাৱেৰে যুক্ত কৰি এই অংশৰ যুৱ প্ৰজন্মক প্ৰকৃত দিকদৰ্শণ আৰু প্ৰশিক্ষণেৰে আগবঢ়াই নিয়াই এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য।
-
আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ
আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ (International Institute of Information Technology, Hyderabad,IIIT-Hyderabad বা IIIT-H)) হৈছে ভাৰতৰ হায়দৰাবাদত অৱস্থিত অ-লাভজনক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (N-PPP) (বেচৰকাৰী) প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত এখন স্বীকৃত (deemed) বিশ্ববিদ্যালয়।