অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তৰ্জাতিক প্ৰাইমেট দিৱস

আন্তৰ্জাতিক প্ৰাইমেট দিৱস (International Primate Day) হʼল প্ৰতিবছৰে ১ ছেপ্টেম্বৰ তাৰিখে উদ্‌যাপিত এটি শিক্ষামূলক অনুষ্ঠান। ২০০৫ চনৰপৰা এই অনুষ্ঠানটি মূলতঃ ব্ৰিটিছ-ভিত্তিক এনিমেল ডিফেণ্ডাৰছ ইণ্টাৰনেশ্যনেল (এডিআই)ৰদ্বাৰা আয়োজিত হৈ আহিছে।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ৬৭৭ শব্দ · ৪ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক প্ৰাইমেট দিৱস (International Primate Day) হʼল প্ৰতিবছৰে ১ ছেপ্টেম্বৰ তাৰিখে উদ্‌যাপিত এটি শিক্ষামূলক অনুষ্ঠান। ২০০৫ চনৰপৰা এই অনুষ্ঠানটি মূলতঃ ব্ৰিটিছ-ভিত্তিক এনিমেল ডিফেণ্ডাৰছ ইণ্টাৰনেশ্যনেল (এডিআই)ৰদ্বাৰা আয়োজিত হৈ আহিছে।১২৩৪ বিভিন্ন প্ৰাইমেট-ভিত্তিক পোষক সংস্থাৰদ্বাৰা সমৰ্থিত, এই অনুষ্ঠানটিয়ে প্ৰতিবছৰে সকলো উচ্চ আৰু নিম্ন প্ৰাইমেটৰ হৈ মাত মাতে। এই অনুষ্ঠানটিয়ে সাধাৰণতে এনে কিছু ক্ষেত্ৰত মানৱীয় এজেণ্ডাৰ অনুমোদন জনায় যʼত প্ৰাইমেটসমূহ বিপদত পৰা দেখা যায়, যেনে গৱেষণা প্ৰতিষ্ঠান বা অনিশ্চিত পৰিৱেশগত পৰিস্থিতিত প্ৰজাতিৰ বিপন্নতা।৫৬৭৮৯

কেইবাখনো দেশৰ প্ৰাইমেট পোষকতাৰ অলাভজনক সংস্থাই এই অনুষ্ঠানটো পালন কৰাত আগভাগ লৈছে। ২০০৫ চনৰপৰা প্ৰতি বছৰে এঅ’এল নিউজে এই দিৱস উদ্‌যাপনৰ বাতৰি পৰিৱেশন কৰিছিল। শেহতীয়াকৈ য়াহুনিউজে এই অনুষ্ঠানৰ বাতৰি পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে।

এনিমেল ডিফেণ্ডাৰছ ইণ্টাৰনেশ্যনেল (এডিআই)ৰ মতে, ২০০৭ চনত, "আন্তৰ্জাতিক প্ৰাইমেট দিৱসৰ পিছৰ সপ্তাহটোত মাৰিয়া ডেইনছৰ ‘মংকি ইন এ কেজ’ শীৰ্ষক গীতটি ইণ্ডি সংগীতৰ তালিকা (Indie music chart)ত শীৰ্ষস্থান দখল কৰিছিল, কিয়নো এটি প্ৰচাৰণা অভিযানৰ পিছত মানুহে আমাৰ ৱেবছাইটৰ জৰিয়তে গীতটি ডাউনলোড কৰিবলৈ সক্ষম হৈছিল।" ১০

২০১৬ চনত, এনিমেল ডিফেণ্ডাৰছ ইণ্টাৰনেশ্যনেলে (এডিআই) সেই বৰ্ষৰ অনুষ্ঠানৰ বাবে বাৰ্বাৰী মেকাক (Macaca sylvanus)ক সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে আমেৰিকাৰ সংগীত-শিল্পী মবীৰপৰা চেলিব্ৰিটি সমৰ্থন লাভ কৰিছিল।১১

প্ৰাইমেটৰ সংক্ষিপ্ত বিৱৰণ

প্ৰাইমেট হʼল প্ৰায় ২০০বিধ প্ৰজাতিৰে গঠিত এটা অতি বৃহৎ পৰিয়াল। ইয়াত মানুহ, গ্ৰেট এপ্, বান্দৰ, লীমাৰ আদি অন্তৰ্ভুক্ত। গ্ৰেট এপ‌্ছ সম্বন্ধীয় যিবোৰ বিবৃতি প্ৰাথমিকভাৱে বা সম্পূৰ্ণৰূপে এপ‌্ছৰ ওপৰত কেন্দ্ৰীভূত, সেইবোৰে সকলো প্ৰাইমেটক সামৰি নলয়।

প্ৰাইমেট পোষকতাৰ তাৎপৰ্য্য

উত্তৰ আমেৰিকাত সেই আন্দোলনৰ উত্থান ঘটাৰ প্ৰায় পোন্ধৰ বছৰ আগতেই ইউৰোপ আৰু জাপানত জৈৱ চিকিৎসা পৰীক্ষাগাৰৰপৰা এপ্‌বোৰৰ মুক্তিৰ কাম আৰম্ভ হৈছিল।

ইউৰোপত বিকাশ

যোৱা কেইবাটাও দশকত প্ৰাইমেটৰ পোষকতাৰ সময়ছোৱাত গ্ৰেট এপ প্ৰজেক্টৰ উত্থান ঘটিছে আৰু ইউৰোপৰ আন্দোলনবোৰে গ্ৰেট এপ‌্ছ, উচ্চ প্ৰাইমেটক বৰ্ধিত আইনী সুৰক্ষাৰ আহ্বান জনোৱা দেখা গৈছে।

জাপানত বিকাশ

জাপানী মেকাক চাওক।

আমেৰিকা যুক্তৰাষ্ট্ৰত বিকাশ

আমেৰিকাত এনআইএইচ (NIH)ৰ আৰ্থিক সহায় প্ৰত্যাহাৰ

নেচনেল ইনষ্টিটিউট অৱ হেল্থ (এনআইএইচ)ৰ নিৰ্দেশত আৰু ইনষ্টিটিউট অৱ মেডিচিন (আইঅ’এম)ৰদ্বাৰা কৰা এক অধ্যয়নত ২০১১ চনৰ ১৫ ডিচেম্বৰত প্ৰকাশ পোৱা এক প্ৰতিৱেদনত (ৰিপ’ৰ্টখন চমুকৈ চাওক১২) এই সিদ্ধান্ত লোৱা হৈছে যে ‘যদিও বিগত গৱেষণাত চিম্পাঞ্জী এটা মূল্যৱান প্ৰাণীৰ আৰ্হি হৈ আহিছে, বৰ্তমান জৈৱ চিকিৎসা গৱেষণাৰ বাবে চিম্পাঞ্জীৰ বেছিভাগ ব্যৱহাৰেই অপ্ৰয়োজনীয়’। প্ৰাথমিক পৰামৰ্শ এয়ে যে গৱেষণাত চিম্পাঞ্জীৰ ব্যৱহাৰ নীতি আৰু মাপকাঠীৰদ্বাৰা পৰিচালিত হ’ব লাগে, কাৰ্যতঃ চিম্পাঞ্জী ব্যৱহাৰ কৰি চৰকাৰী পুঁজিৰে কৰা গৱেষণাক বহু পৰিমাণে সীমিত কৰিব লাগে। গৱেষণাৰ বাবে চিম্পাঞ্জী ব্যৱহাৰ কৰাত সোঁপন্থী নিষেধাজ্ঞাৰ আহ্বান জনোৱাৰপৰা বিৰত হৈ প্ৰতিৱেদনখনে স্বীকাৰ কৰিছে যে নতুন উদীয়মান, বা পুনৰ উত্থানশীল ৰোগৰ বাবে চিম্পাঞ্জী ব্যৱহাৰৰ প্ৰয়োজন হ’ব পাৰে, যিয়ে অধ্যাপক কলিন ব্লেকম’ৰৰ উদ্বেগৰ প্ৰতিধ্বনি দিয়ে।

এনআইএইচৰ সঞ্চালক ফ্ৰান্সিছ কলিন্সে প্ৰতিৱেদন প্ৰকাশ পোৱাদিনাই ঘোষণা কৰে যে তেওঁ পৰামৰ্শসমূহ গ্ৰহণ কৰিছে আৰু তেওঁ এনে এক কাৰ্যকৰীকৰণ পৰিকল্পনা প্ৰস্তুত কৰিব য’ত চিম্পাঞ্জীৰ ব্যৱহাৰৰ সৈতে জড়িত ইতিমধ্যে চলি থকা সকলো দাখিল কৰা অনুদানৰ আবেদন আৰু প্ৰকল্পসমূহ পৰ্যালোচনা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰাটো অন্তৰ্ভুক্ত কৰা হʼব। তদুপৰি চিম্পাঞ্জী ব্যৱহাৰ কৰি কোনো নতুন অনুদানৰ আবেদন পৰৱৰ্তী জাননী নিদিয়ালৈকে পৰ্যালোচনা কৰা নহ’ব।১৩

২০১২ চনৰ ২১ ছেপ্টেম্বৰ তাৰিখে এনআইএইচে চৰকাৰৰ মালিকানাধীন ১১০টা চিম্পাঞ্জীয়ে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। এনআইএইচৰ গৱেষণাৰ বাবে প্ৰায় ৫০০টা চিম্পাঞ্জী আছে। ফ্ৰান্সিছ কলিন্সৰ মতে, এই পদক্ষেপে চিম্পাঞ্জী গৱেষণাত এনআইএইচৰ বিনিয়োগ বন্ধ কৰাৰ প্ৰথম পদক্ষেপৰ ইংগিত দিয়ে। বৰ্তমান লুইজিয়ানাৰ নিউ আইবেৰিয়া ৰিচাৰ্চ চেণ্টাৰত ৰখা অৱসৰপ্ৰাপ্ত চিম্পাঞ্জীবোৰৰ ভিতৰত দহটা চিম্পাঞ্জী অভয়াৰণ্য চিম্প হেভেনলৈ স্থানান্তৰিত হ’ব লাগিছিল, বাকীবোৰক ছান এণ্টনিঅ’ৰ টেক্সাছ বায়’মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউতলৈ যাব লাগিছিল।১৪ কিন্তু টেক্সাছ বায়’মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত চিম্পাঞ্জীক ‘অৱসৰপ্ৰাপ্ত’ নহয়, ‘গৱেষণাৰ অযোগ্য’ বুলি দিয়া মৰ্যাদাক লৈ এনআইএইচক এই পৰিকল্পনা পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰাইছিল। এনআইএইচ-য়ে ২০১২ চনৰ ১৭ অক্টোবৰত ঘোষণা কৰে যে ২০১৩ চনৰ আগষ্টৰ ভিতৰত যিমান পাৰি সিমান চিম্পাঞ্জী চিম্পাঞ্জী চিম্প হেভেনলৈ স্থানান্তৰ কৰা হʼব, আৰু শেষত ১১০টা চিম্পাঞ্জীকেই তালৈ স্থানান্তৰ কৰা হʼব।১৫

২০১৩ চনৰ ২২ জানুৱাৰীত এনআইএইচৰ টাস্ক ফ’ৰ্চে এটা প্ৰতিৱেদন প্ৰকাশ কৰি আমেৰিকা চৰকাৰে অনুমোদন জনোৱা বেছিভাগ চিম্পাঞ্জীকে অৱসৰ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। পেনেলে এই সিদ্ধান্তত উপনীত হয় যে জীৱ-চিকিৎসা সম্বন্ধীয় আৱিষ্কাৰসমূহত প্ৰাণীবোৰে কেইটামান ৰোগৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান নকৰে যিবোৰ ভৱিষ্যতৰ গৱেষণাৰ বাবে ৫০টা প্ৰাইমেটৰ ক্ষুদ্ৰ জনসংখ্যায় সমৰ্থন কৰিব পাৰে। জিনীয়ভাৱে পৰিৱৰ্তিত এন্দূৰৰ দৰে আন পদ্ধতিসমূহো উন্নত আৰু পৰিমাৰ্জিত কৰা উচিত।১৬১৭

২০১৩ চনৰ ১৩ নৱেম্বৰ তাৰিখে আমেৰিকাৰ কংগ্ৰেছ আৰু চেনেটে ‘চিম্পাঞ্জী স্বাস্থ্য উন্নয়ন, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা আইন’ গৃহীত কৰি চিম্পাঞ্জী হেভেন আৰু অন্যান্য চিম্পাঞ্জী অভয়াৰণ্যৰ ক্ষমতা বৃদ্ধিৰ বাবে ধনৰ অনুমোদন জনায়, যাৰ ফলত ফেডাৰেল চৰকাৰৰ মালিকানাধীন প্ৰায় সকলো এপে পৰীক্ষাগাৰতকৈ অধিক প্ৰাকৃতিক আৰু গোটৰ পৰিৱেশত বাস কৰিবলৈ অনুমতি লাভ কৰে। এই স্থানান্তৰণৰ বাবে পাঁচ বছৰ লাগিব বুলি আশা কৰা হৈছে যেতিয়া এনআইএইচৰ ৫০টা চিম্পাঞ্জীৰ বাহিৰে বাকী সকলোবোৰে ‘অৱসৰ’ পাব।১৮

তথ্যসূত্ৰ

  1. ↑ 2015 - Beneveniste, A. Today is International Primate Day!, AOL.com, September 1, 2015, 5:00AM
  2. ↑ 2010 - International Primate Day - 1st September Annually, Monkeyland Primate Sanctuary in Plettenberg Bay, South Africa, May 31, 2010
  3. ↑ 2009 - International Primate Day - September 1, 2009, Animal Rights Africa blog, Friday, 17 JULY 2009
  4. ↑ International Primate Day: Here are the 10 most endangered primates on the planet. Staff Reporter, International Business Times, YahooNews. August 31, 2016
  5. ↑ 2012, 2015 - International Primate Day 2012, Animal Defenders International, Posted: 31 August 2012. Updated: 21 April 2015
  6. ↑ 2013 - Guidi, R. Defending animal science: what’s the next step? Science plug: Just another scientific blog. August 30, 2013
  7. ↑ 2016 - Happy International Primate Day! Chimpanzee Sanctuary Northwest, September 1, 2016
  8. ↑ 2016 - Gershowitz, E. International Primate Day, The Horn Book, September 1, 2016
  9. ↑ ADI highlights from International Primate Day
  10. ↑ Music for monkeys, 23 November 2007
  11. ↑ 2016 - Garrett, T.K. For International Primate Day September 1, Moby Teams Up With ADI To ‘Back The Macaque’ And Help Endangered Primates. September 1, 2016
  12. ↑ (December 15, 2011). Chimpanzees in Biomedical and Behavioral Research: Assessing the Necessity. iom.edu. Institute of Medicine
  13. ↑ (December 15, 2011). Statement by NIH Director Dr. Francis Collins on the Institute of Medicine report addressing the scientific need for the use of chimpanzees in research. National Institutes of Health
  14. ↑ Greenfieldboyce, Nell. (21 September 2012). Government Officials Retire Chimpanzees From Research. NPR
  15. ↑ Lisa Myers and Diane Beasley. (17 October 2012). Goodall praises NIH decision to remove some chimps from research, but controversy erupts over their next home. nbcnews.com
  16. ↑ Flinn, Ryan. (23 January 2013). U.S. Panel Calls for Limits on Medical Use of Chimpanzees. Bloomberg.com
  17. ↑ Working Group on the Use of Chimpanzees in National Institutes of Health (NIH)-Supported Research. (22 January 2013). Council of Councils Working Group on the Use of Chimpanzees in NIH-Supported Research Report. NIH
  18. ↑ Dizard, Wilson. (15 November 2013). Federal government to transfer laboratory chimps to sanctuaries. Aljazeera America

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক প্ৰাইমেট দিৱস” প্ৰবন্ধৰ সংশোধন ৬২৩৪৬২ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।