অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তজাৰ্তিক ৰেডক্ৰছ সমিতি

আন্তজাৰ্তিক ৰেডক্ৰছ সমিতি (আইচিআৰচি) হৈছে চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত এক মানৱতাবাদী সংগঠন। মানবীয়তাৰ ক্ষেত্ৰত বিশেষ ভূমিকাৰ বাবে ৰেডক্ৰছে তিনিবাৰকৈ নবেল বঁটা বিজয়ী হ'বলৈ সক্ষম হৈছে। সংগঠনটোৱে যুদ্ধৰ সময়ছোৱাত মানৱীয় সহায় তথা নিয়মৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৫ ৫৪১ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আন্তজাৰ্তিক ৰেডক্ৰছ সমিতি (আইচিআৰচি) হৈছে চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত এক মানৱতাবাদী সংগঠন। মানবীয়তাৰ ক্ষেত্ৰত বিশেষ ভূমিকাৰ বাবে ৰেডক্ৰছে তিনিবাৰকৈ ন'বেল বঁটা বিজয়ী হ'বলৈ সক্ষম হৈছে। সংগঠনটোৱে যুদ্ধৰ সময়ছোৱাত মানৱীয় সহায় তথা নিয়মৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।১ ১৯৪৯ চনৰ জেনেভা সন্মিলন আৰু ৰেডক্ৰছৰ ১৯৭৭ চনৰ অতিৰিক্ত প্ৰটোকল (প্ৰটোকল ১, প্ৰটোকল ১) আৰু ২০০৫ ত ৰাজ্যিক পক্ষবোৰে আইচিআৰচিক আন্তৰ্জাতিক আৰু অভ্যন্তৰীণ সশস্ত্ৰ সংঘৰ্ষৰ ভুক্তভোগী সকলক সুৰক্ষা দিয়াৰ বাবে আদেশ প্ৰদান কৰিছে। এনে ভুক্তভোগীসকলৰ ভিতৰত আছে যুদ্ধত আঘাতপ্ৰাপ্ত ব্যক্তি, বন্দী, শৰণাৰ্থী, অসামৰিক লোক আৰু অন্যান্য।২

চোলফেৰিনো, হেনৰী ডুনাণ্ট আৰু ৰেডক্ৰছৰ ভেটি

হেনৰী ডুনাণ্ট,'এ মেমৰি অৱ ছলফেৰিনো'ৰ লেখক
হেনৰী ডুনাণ্ট,'এ মেমৰি অৱ ছলফেৰিনো'ৰ লেখকছবি: Time Life Pictures · Public domain

উনবিংশ শতিকাৰ মাজভাগলৈকে হতাহত লোকসকলৰ বাবে কোনো সংগঠিত আৰু সুপ্ৰতিষ্ঠিত সেনা নাৰ্চিং প্ৰণালী নাছিল আৰু যুদ্ধক্ষেত্ৰত আঘাতপ্ৰাপ্ত লোকসকলক ভালদৰে শুশ্ৰূষা কৰা আৰু চিকিৎসা কৰাৰ বাবে কোনো সুৰক্ষিত প্ৰতিষ্ঠান নাছিল।

১৮৫৯ চনৰ জুন মাহত ছুইজাৰলেণ্ডৰ ব্যৱসায়ী হেনৰী ডুনাণ্টে সেই সময়ত ফ্ৰান্সে দখল কৰা আলজেৰিয়াত ব্যৱসায় কৰাত অসুবিধাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যৰে ফ্ৰান্সৰ সম্ৰাট নেপোলিয়ন তৃতীয়ক লগ কৰিবলৈ ইটালী ভ্ৰমণ কৰে। তেওঁ ২৪ জুনৰ সন্ধিয়া ইটালীৰ সৰু চহৰ চোলফেৰিনোত উপস্থিত হৈছিল, তেতিয়া তেওঁ দ্বিতীয় ইটালীৰ স্বাধীনতা যুদ্ধত হোৱা চোলফেৰিনো যুদ্ধৰ পিছত হোৱা ঘটনাৰ নিজেই সাক্ষী হৈছিল। এদিনতে দুয়োপক্ষ ফালৰ পৰা প্ৰায় ৪০,০০০ সৈন্যৰ মৃত্যু হৈছিল বা যুদ্ধক্ষেত্ৰত আঘাতপ্ৰাপ্ত হৈছিল। যুদ্ধৰ ভয়ংকৰ পৰিণাম আঘাতপ্ৰাপ্ত সৈনিকসকলৰ দুখ-কষ্ট আৰু চিকিৎসাৰ উপস্থিতি আৰু প্ৰাথমিক যত্নৰ প্ৰায় সম্পূৰ্ণ অভাৱ দেখি হেনৰী ডুনাণ্ট হতবাক হৈছিল। তেওঁ তেওঁৰ ভ্ৰমণৰ মূল অভিপ্ৰায় সম্পূৰ্ণৰূপে ত্যাগ কৰিছিল আৰু কেইবাদিনো তেওঁ আঘাতপ্ৰাপ্ত সকলৰ চিকিৎসা আৰু যত্নত সহায় কৰিবলৈ নিজকে সমৰ্পিত কৰিছিল। তেওঁ স্থানীয় লোকসকলক কোনো বৈষম্য নোহোৱাকৈ সহায় কৰিবলৈ অনুপ্ৰেৰিত কৰি এক অভূতপূৰ্ব স্তৰৰ সাহায্য সংগঠিত কৰাত সফল হৈছিল। জেনেভাত থকা কালতে তেওঁ 'এ মেমৰি অৱ ছলফেৰিনো' ৩শীৰ্ষক এখন কিতাপ লিখিবলৈ সিদ্ধান্ত লয় আৰু তেওঁ ১৮৬২ চনত তেওঁ নিজৰ ধনেৰে কিতাপখন প্ৰকাশ কৰিছিল। তেওঁ কিতাপখনৰ প্ৰতিলিপি সমগ্ৰ ইউৰোপৰ আগশাৰীৰ ৰাজনৈতিক আৰু সামৰিক ব্যক্তিসকললৈ প্ৰেৰণ কৰিছিল। ১৮৫৯ চনত ছলফেৰিনোত তেওঁৰ অভিজ্ঞতাৰ এক স্পষ্ট বৰ্ণনা লিখাৰ উপৰিও, তেওঁ যুদ্ধৰ ক্ষেত্ৰত আঘাতপ্ৰাপ্ত সৈনিকসকলক সহায় কৰিবলৈ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সাহায্য সংগঠন গঠনৰ স্পষ্ট পোষকতা কৰিছিল। তদুপৰি যুদ্ধক্ষেত্ৰত আহত সকলৰ নিৰপেক্ষতা আৰু সুৰক্ষাৰ লগতে চিকিৎসক আৰু ক্ষেত্ৰ চিকিৎসালয়ৰ নিশ্চয়তা দিবলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ বিকাশৰ বাবে আহ্বান জনায়।

প্ৰথম জেনেভা সন্মিলনৰ মূল দস্তাবেজ,১৮৬৪
প্ৰথম জেনেভা সন্মিলনৰ মূল দস্তাবেজ,১৮৬৪ছবি: Kevin Quinn, Ohio, US · CC BY 2.0

বৈশিষ্ট্য

ৰেড ক্ৰছৰ আন্তৰ্জাতিক সমিতিৰ মূল মূলমন্ত্ৰ আছিল ইণ্টাৰ আৰ্মা কেৰিটাছ অৰ্থাৎ যুদ্ধৰ মাজত দাতব্য। ৰেডক্ৰছে এই নীতিবাক্যটো সংৰক্ষণ কৰিছে আনহাতে অন্যান্য চুইজাৰলেণ্ডৰ ফৰাচী ভাষী অংশত জেনেভাৰ অৱস্থানৰ বাবে আইচিআৰচি ইয়াৰ প্ৰাৰম্ভিক ফৰাচী নাম 'কমিটইই ইণ্টাৰনেছনেল ডে লা ক্ৰইক্স-ৰুজ '(চিআইচিআৰ)ৰ নামেৰে জনাজাত। অৱশ্যে আইচিআৰচিৰ তিনিটা চৰকাৰী ভাষা আছে। সেই ভাষাকেইটা হ'ল ইংৰাজী ভাষা,ফৰাচী আৰু স্পেনিছ। আই.চি.আৰ.চি.-ৰ আনুষ্ঠানিক প্ৰতীক হৈছে বগা পৃষ্ঠভূমিত ৰেড ক্ৰছ (চুইছ পতাকাৰ বিপৰীত) যাৰ ক্ৰছত "কমিট ইণ্টাৰনেচনেল জিনভে" বাক্যশাৰী বৃত্তাকাৰে আছে।

ৰেডক্ৰছত কাম কৰা লোকসকল

  • লুই আপ্পিয়া (১৮১৮-১৮৯৮), সহ-প্ৰতিষ্ঠাপক
  • অৰিয়ান আইমাৰ্ড (১৯৭৮), লেখক, প্ৰবক্তা আৰু হিমালয়বাদী
  • লৰেন্স বোইছিয়েৰ (১৯৬৫-২০২২), লেখক
  • ফ্ৰিডৰিখ বৰ্ণ (১৯০৩-১৯৬৩), কূটনীতিবিদ
  • কাৰ্ল জেকব বাৰ্কহাৰ্ড (১৮৯১- ১৯৭৪), কূটনীতিবিদ, ইতিহাসবিদ আৰু লেখক
  • পিয়েৰ কৰ্মন(১৯৬৫), সাংবাদিক আৰু লেখক
  • পেট্ৰিচিয়া ডাঞ্জি,জ্যেষ্ঠ অসামৰিক কৰ্মচাৰী
  • হেনৰী ডুনাণ্ট (১৮২৮-১৯১০), প্ৰতিষ্ঠাপক
  • মাৰ্গুৰাইট ফ্ৰিক-ক্ৰেমাৰ (১৮৮৭-১৯৬৩), ইতিহাসবিদ
  • আলফনছ' গোমেজ (১৯৬০), ৰাজনীতিবিদ
  • মেক্স হুবাৰ (ৰাজনীতিবিদ)(১৮৭৪-১৯৬০), আইনবিদ, আইচিআৰচিৰ সভাপতি
  • মাৰ্চেল জুনোদ (১৯০৪-১৯৬১), চিকিৎসক
  • জেকব কেলেনবাৰ্গাৰ (১৯৪৪), কূটনীতিবিদ, আইচিআৰচিৰ সভাপতি
  • দানিয়েল কোচ (চিকিৎসক) (১৯৫৫), চিকিৎসক আৰু জ্যেষ্ঠ অসামৰিক কৰ্মচাৰী
  • পিয়েৰ ক্ৰাহেনবুল (১৯৬৬), মহানিৰ্দেশক
  • ফিলিপ লাজাৰিনি (১৯৬৪), ইউএনআৰডব্লিউএ কমিছনাৰ জেনেৰেল
  • থিওডোৰ মৌনইৰ (১৮০৬-১৮৬৯), শল্য চিকিৎসক, আইচিআৰচিৰ সহ-প্ৰতিষ্ঠাপক
  • পিটাৰ ম'ৰেৰ (১৯৫৬), ইতিহাসবিদ,আন্তৰ্জাতিক মানৱতাবাদী আইনৰ বিশেষজ্ঞ, আইচিআৰচিৰ সভাপতি
  • গুস্তাভ ময়নিয়াৰ (১৮২৬-১৯১০), আইনবিদ, আইচিআৰচিৰ সহ-প্ৰতিষ্ঠাপক
  • জিন পিকট (১৯১৪-২০০২), ডক্টৰ অৱ ল
  • কৰ্ণেলিঅ সোমাৰুগা (১৯৩২-২০২৪), কূটনীতিবিদ, আইচিআৰচিৰ সভাপতি
  • মিৰ্জানা স্পোলজাৰিক এগৰ (১৯৭১), কূটনীতিবিদ, আইচিআৰচিৰ সভাপ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Finnemore, Martha. (1996). Norms and War: The International Red Cross and the Geneva Conventions. National Interests in International Society. Cornell University Press. পৃ. 69–88. ISBN 978-1-5017-0738-4
  2. ↑ (2007). Discover the ICRC p.6
  3. ↑ IRC, Memory of Solferino by Henry Dunant, ICRC publication 1986, complete text

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তজাৰ্তিক ৰেডক্ৰছ সমিতি” প্ৰবন্ধৰ সংশোধন ৪৬৩৮৬০ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।