অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আভা খেতৰপাল

আভা খেতৰপাল (ইংৰাজী: Abha Khetarpal; জন্ম: ১০ জুন ১৯৬৮) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী ভাৰতীয় প্ৰতিবন্ধকতা অধিকাৰ কৰ্মী আৰু পৰামৰ্শদাতা। তেওঁ হৈছে “ক্ৰছ দ্য হাৰ্ডলছ” নামৰ এটা বিশেষভাৱে সক্ষম লোকৰ বাবে নিৰ্মাণ কৰা পৰামৰ্শ/শৈক্ষিক সমলৰ ৱেবছাইট আৰু মোবাইল এপ্লিকেচনৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ৫ জুলাই ২০২৬ ৩৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আভা খেতৰপাল (ইংৰাজী: Abha Khetarpal;১ জন্ম: ১০ জুন ১৯৬৮) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী ভাৰতীয় প্ৰতিবন্ধকতা অধিকাৰ কৰ্মী২ আৰু পৰামৰ্শদাতা।৩৪ তেওঁ হৈছে “ক্ৰছ দ্য হাৰ্ডলছ”৫ নামৰ এটা বিশেষভাৱে সক্ষম লোকৰ বাবে নিৰ্মাণ কৰা পৰামৰ্শ/শৈক্ষিক সমলৰ ৱেবছাইট আৰু মোবাইল এপ্লিকেচনৰ প্ৰতিষ্ঠাপক।

২০১৬ চনত বিশেষভাৱে সক্ষম লোকৰ সবলীকৰণৰ হকে কৰা কৰ্মৰ বাবে “শ্ৰেষ্ঠ আদৰ্শ” ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ২০১৯ চনত “হেনৰী ভিস্কাৰ্ডি এচিভমেণ্ট এৱাৰ্ড” আৰু ১০০ গৰাকী কৃতকাৰ্য মহিলা বঁটা লাভ কৰিছে।৬

তথ্যচিত্ৰ “এক্সেক্স”ত (Accsex) প্ৰদৰ্শিত কৰা মুখ্য চাৰি চৰিত্ৰৰ ভিতৰত আভা অন্যতম আছিল।৭৮৯ তেওঁ ডিচেবলড লাইভছ মেটাৰ, ৱাৰিয়ৰ অন হুইলছ আৰু আন কেইবাখনো গন্থ আৰু গৱেষণামূলক প্ৰকাশন ৰচনা কৰিছে।১০

ব্যক্তিগত জীৱন

আভা খেতৰপালৰ জন্ম হৈছিল হাৰিয়ানাৰ আম্বালাত।১১ পিতৃ-মাতৃ বাৰ্মা প্ৰব্ৰজনকাৰী আছিল।১২ তেওঁৰ পিতৃ-মাতৃ দুয়োজনে শিক্ষকতা কৰিছিল।১৩ খেতৰপাল তিনি বছৰ বয়সতে পলিঅ’ত আক্ৰান্ত হৈছিল। তেওঁ খোজকাঢ়িবৰ বাবে ভৰিৰ ব্ৰেচ, স্পাইনেল ব্ৰেচ আৰু হুইল চেয়াৰৰ দৰে সহায়ক প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে।১৪ মেৰুদণ্ডৰ বক্ৰতা (scoliosis) দূৰ কৰিবলৈ খেতৰপালে পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ (Reconstructive surgery) আৰু বিভিন্ন উন্নত পদ্ধতিৰ চিকিৎসা কৰি আহিছে।১৪ নিয়মীয়া বিদ্যালয়ত চাৰি বছৰ পঢ়াৰ পিছত তেওঁ দুৰ্গমতাৰ সন্মুখীন হৈ দূৰ শিক্ষাৰ জৰিয়তে উচ্চ শিক্ষা অব্যাহত ৰাখিছিল।

খেতৰপালে ১৮ বছৰ বয়সৰ পৰাই হিন্দী ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।১২

শিক্ষা

খেতৰপালক নৱম শ্ৰেণীলৈকে মাক-দেউতাক দুয়োজনে ঘৰতেই পঢ়ুৱাইছিল। কেৱল তেওঁৰ সুবিধাৰ বাবেই শ্ৰেণীকোঠা তলৰ মহলালৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰা এখন বিদ্যালয় যোগদান কৰি তেওঁ নিয়মীয়া শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।১৫

কৰ্ম জীৱন

২০১০ চনত খেতৰপালে প্ৰতিবন্ধী লোকসকলৰ বাবে পৰামৰ্শ আৰু সম্পদ নিৰ্মাণৰ কাম কৰা১৬ “ক্ৰছ দ্য হাৰ্ডলছ”৪৫ প্ৰতিষ্ঠা কৰে। তেওঁ বিশেষভাৱে সক্ষম লোকসকলক উন্নত নিয়োগৰ সুযোগ, যৌন স্বাস্থ্য, আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ বাবে পৰামৰ্শ দিয়া কামৰ সৈতে জড়িত। তেখেতে ভাৰতৰ বিশেষভাৱে সক্ষম লোকসকলৰ হকে মাত মাতে, চৰকাৰী আঁচনি আৰু নীতিসমূহৰো সমালোচনা কৰে আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য ৰূপায়ণৰ ক্ষেত্ৰত কাৰ্য কৰে।১৭ লগতে তেওঁ ক'ভিডৰ সময়ত বিশেষভাৱে সক্ষম লোকসকলে সন্মুখীন অসুবিধাকে ধৰি অতিৰিক্ত প্ৰত্যাহ্বানৰ বিষয়েও আলোকপাত কৰে।১

২০১৬ চনত যেতিয়া সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিবন্ধী ব্যক্তিৰ সবলীকৰণ বিভাগৰ নাম “দিব্যাংজ্ঞ” ৰখা হৈছিল তেতিয়া খেতৰপালে ৰাজহুৱাভাৱে দিব্যাংজ্ঞ শব্দটোৰ ব্যৱহাৰক সমালোচনা কৰিছিল আৰু এয়া বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি অসন্মানজনক আৰু অন্যায় বুলি আলোকপাত কৰিছিল।১৮ চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমত বিশেষভাৱে সক্ষম মহিলাসকলৰ নেতিবাচক চিত্ৰণৰ সম্পৰ্কেও সমালোচনা কৰিছে।১৯ বিশেষভাৱে সক্ষম লোকসকলৰ বিষয়ে কমকৈ প্ৰকাশ কৰা আৰু ভুলকৈ বৰ্ণনা কৰাৰ লগতে প্ৰতিবন্ধী মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন ধৰণৰ হিংসাৰ বিষয়ে পৰ্যাপ্তভাৱে প্ৰকাশ নকৰাৰ বাবে খেতৰপালে সংবাদ মাধ্যমকো সমালোচনা কৰিছে।২০

খেতৰপাল এগৰাকী যৌন প্ৰশিক্ষকো। ক্ৰছ দ্য হাৰ্ডলছৰ ওপৰত স্ব-গতিশীল পাঠ্যক্ৰম বিকশিত আৰু প্ৰদান কৰি তেওঁ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে যৌন শিক্ষাৰ ব্যৱস্থা কৰিছে।৬ তেওঁ ঋতুস্ৰাৱ ব্যৱস্থাপনা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে ভাৰতত অক্ষম মহিলাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু অধিকাৰৰ ওপৰত কেইবাখনো কিতাপ আৰু গৱেষণা পত্ৰ১০ প্ৰকাশ কৰিছে।৪২১

খেতৰপালে বিশেষভাৱে সক্ষম লোকসকলক অযৌন২২ আৰু অতিমাত্ৰা সুৰক্ষাৰ ভুক্তভোগী হিচাপে সমাজৰ কু-সংস্কাৰক প্ৰত্যাহ্বান জনাইছে।২৩ তেওঁ দিল্লীৰ পৰা অহা ৫০ গৰাকী অক্ষম মহিলাৰ ওপৰত প্ৰয়োজনীয়তা মূল্যায়ন সমীক্ষা চলাই তেওঁলোকৰ যৌন আৰু প্ৰজনন স্বাস্থ্যৰ প্ৰতি থকা অৱহেলা প্ৰতিপন্ন কৰিছিল।২৪ যৌনতাৰ ওপৰত পৰামৰ্শ প্ৰদান কৰাৰ সমান্তৰালকৈ খেতৰপালে বিশেষভাৱে সক্ষম মহিলাসকলৰ যৌন আৰু প্ৰজনন অধিকাৰৰো পোষকতা কৰে।

প্ৰকাশন

খেতৰপালে আমেৰিকা টাইমছ, ফেমিনিজম ইন ইণ্ডিয়া আদি আলোচনীত কেইবাটাও প্ৰবন্ধ লিখিছে। তেওঁ প্ৰকাশ কৰা কেইখনমান গ্ৰন্থ হৈছে:

  • Warrior on Wheels ‌(২০২২)
  • Disabled Lives Matter
  • Going With The Flow (২০১৬)
  • Keeping you Abreast (২০১৩)
  • Tax Concessions and Exemptions for Persons with Disabilities in India (২০১২)

বঁটা আৰু সন্মান

  • ২০১৬ চনত প্ৰতিবন্ধীসকলৰ সবলীকৰণৰ বাবে শ্ৰেষ্ঠ আদৰ্শ ব্যক্তি ৰাষ্ট্ৰীয় বঁটা২৫
  • মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ১০০ গৰাকী কৃতকাৰ্য মহিলা বঁটা, ২০১৯৪
  • হেনৰী ভিস্কাৰ্ডি এচিভমেণ্ট বঁটা, ২০১৯
  • D-30 Disability Impact List 2020 Honoree২৬
  • FemiList100 2021২৭

তথ্যসূত্ৰ

  1. ↑ (2021-05-21). India's second COVID-19 wave has made healthcare, ableist even pre-pandemic, harder for disabled people to access. Firstpost
  2. ↑ Salian, Priti. (2022-01-22). "I am disabled, it doesn't mean I have no dignity". The Lancet. পৃ. 349–350
  3. ↑ (Sep 7, 2014). No policy to rescue disabled during emergency: Abha Khetarpal · Delhi News - Times of India. The Times of India. TNN
  4. ↑ (2016-06-09). Abha Khetarpal Maurya – India · WEF
  5. ↑ Manash Pratim Gohain. (Dec 2, 2016). Portal aims to remove barriers in education · Delhi News - Times of India. The Times of India
  6. ↑ Abha Khetarpal. The Viscardi Center
  7. ↑ Shreya Roy Chowdhury. (May 4, 2014). Disabled told to walk at film awards · Delhi News - Times of India. The Times of India
  8. ↑ Bhattacharya, Budhaditya. (2013-09-12). Framing women's narratives. The Hindu
  9. ↑ Accsex – PSBT
  10. ↑ Khetarpal, Abha; Singh, Satendra. (2012-06-30). Infertility: Why can't we classify this inability as disability?. The Australasian Medical Journal. পৃ. 334–339
  11. ↑ Abha Khetarpal:: Cross the Hurdles Web Network. crossthehurdles.org
  12. ↑ ability to win: Abha Khetarpal: A counselor with a Difference. ability to win
  13. ↑ (2016-10-03). Abha Khetarpal, who contracted polio at the age of 3, is helping hundreds overcome the hurdle of disability · The Optimist Citizen
  14. ↑ (2011-09-24). [https://www.indiatimes.com/health/healthyliving/survivors-story-abha-khetarpals-journey-[polio]-238479.html Survivor's Story: Abha Khetarpal's Journey (Polio)]. IndiaTimes
  15. ↑ ability to win: Abha Khetarpal: A counselor with a Difference. ability to win
  16. ↑ (2022-04-14). Desire, sexuality & choice: Disabled Indian women & queer persons on their experiences. The News Minute
  17. ↑ Khetarpal, Abha. (2019-01-25). India's preparedness of including disabled in SDGs; Gaps and strategies. The America Times
  18. ↑ Khetarpal, Abha. (2016-06-06). An Open Letter to Prime Minister Modi. The America Times
  19. ↑ Khetarpal, Abha. (2018-01-21). So How Has Indian Cinema Portrayed Women With Disabilities?. Feminism in India
  20. ↑ Khetarpal, Abha. (2017-12-20). Why Is Media Coverage Of Violence Against Disabled Women Still Scant?. Feminism in India
  21. ↑ (25 July 2020). Abha Khetarpal. Diversability
  22. ↑ Physically challenged or sexually challenged? - Times of India. The Times of India
  23. ↑ Kumar, Lalit. (2021-09-25). Abha Khetarpal: President of Cross the Hurdles. WeCapable
  24. ↑ Pandit, Ambika. (March 15, 2020). Sexual health tests still a challenge for disabled women · India News - Times of India. The Times of India
  25. ↑ Tejasvini: Interaction with Abha Khetrapal
  26. ↑ 2020 D-30 Honorees. Diversability
  27. ↑ FemiList100. GSP

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আভা খেতৰপাল” প্ৰবন্ধৰ সংশোধন ৬১৫৮৮১ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।