অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আফগানিস্তানত বাল্য বিবাহ

আফগানিস্তানত বাল্য বিবাহ (Child marriage in Afghanistan ) বহুলভাৱে প্ৰচলিত। আফগানিস্তানত ৫৭% ছোৱালী ১৯ বছৰ বয়সৰ আগতে এনে বিবাহপাশত আৱদ্ধ হয় আৰু বেছিভাগ ছোৱালীৰে বিয়া হোৱাৰ বয়স ১৫ আৰু ১৬ বছৰ দেখা যায়।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ৬৬১ শব্দ · ৪ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আফগানিস্তানত বাল্য বিবাহ (Child marriage in Afghanistan ) বহুলভাৱে প্ৰচলিত।১ আফগানিস্তানত ৫৭% ছোৱালী ১৯ বছৰ বয়সৰ আগতে এনে বিবাহপাশত আৱদ্ধ হয়২ আৰু বেছিভাগ ছোৱালীৰে বিয়া হোৱাৰ বয়স ১৫ আৰু ১৬ বছৰ দেখা যায়।৩ ইউনিচেফৰ মতে, বাল্য বিবাহ হৈছে “১৮ বছৰ বয়সৰ আগতে হোৱা আনুষ্ঠানিক বিবাহ বা অনানুষ্ঠানিক মিলন”, আৰু ই ল'ৰাতকৈ অধিক ছোৱালীক প্ৰভাৱিত কৰে।৪ ছোৱালী এজনীৰ বাল্য বিবাহ হোৱাৰ কাৰকবোৰৰ ভিতৰত আছে পাৰিবাৰিক গাঁথনি, লিঙ্গ বৈষম্য, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ধাৰণা/মতাদৰ্শ, ইত্যাদি।৫ বাল্য বিবাহৰ প্ৰথা ছোৱালীৰ বাবে ক্ষতিকাৰক কাৰণ ইয়াৰ ফলত বিবাহিত বালিকায় স্বতন্ত্ৰভাৱে কাম কৰিবলৈ শিক্ষা আৰু দক্ষতা প্ৰাপ্ত কৰিবলৈ সময় নাপায়।৬ ছোৱালীবোৰেও শাৰীৰিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে, কিয়নো ১৮ বছৰ বয়সৰ তলৰ বালিকাৰ শৰীৰ প্ৰায়ে সন্তানসম্ভবা হʼবৰ বাবে বিকশিত নহয়, যাৰ ফলত ছোৱালী আৰু সন্তান দুয়োৰে বাবে আৱেগিক, মানসিক আৰু শাৰীৰিক আঘাত হয়।৭

বিবাহৰ নিয়ম

আফগানিস্তানত সাধাৰণতে সজ্জিত বিবাহ আৰু বলপূৰ্বক বিবাহ হোৱা দেখা যায়। বিবাহ সংগঠিত কৰাৰ সময়ত দুয়োটা পৰিয়ালে এক চুক্তি স্বাক্ষৰ কৰে যাক দুয়োপক্ষই সামাজিক আৰু সাংস্কৃতিকভাৱে সন্মান কৰিবলৈ বাধ্য হয়। নিম্ন উপাৰ্জনৰ পৰিয়ালবোৰৰ ভিতৰত, দৰাৰ বাবে কইনাৰ পৰিয়ালক কইনাৰ মূল্য পৰিশোধ কৰাটো নিয়ম। মূল্যটো কেৱল অভিভাৱকৰ মাজত হে আলোচনা কৰা হয়। কইনাৰ মূল্যক কইনাৰ পৰিয়ালে তাইৰ যত্ন আৰু লালন-পালনৰ বাবে খৰচ কৰিব লগা ধনৰ ক্ষতিপূৰণ হিচাপে গণ্য কৰা হয়।৮ প্ৰায় ৫০% ক্ষেত্ৰত কইনাৰ বয়স ১৮ বছৰতকৈ কম আৰু ১৫% বিবাহত কইনাৰ বয়স ১৫ বছৰতকৈ কম। কেতিয়াবা মহিলাসকলে এই বিবাহৰ পৰা বাচিবলৈ আত্মহত্যাও কৰে।৯

কিছুমান ক্ষেত্ৰত, মহিলাসকলক কেতিয়াবা বিবাদ নিষ্পত্তিৰ পদ্ধতিত "পণ্যবিনিময়" কৰা হয় যাক "বাদ" বুলি কোৱা হয়। বাদৰ সমৰ্থকসকলে দাবী কৰে যে ই পৰিয়ালবোৰৰ মাজত শত্ৰুতা আৰু হিংসা প্ৰতিহত কৰাত সহায় কৰে, অৱশ্যে মহিলাসকলে কেতিয়াবা তেওঁলোকৰ বিবাহৰ আগতে আৰু পিছত পৰিয়ালত বাদৰ জৰিয়তে যথেষ্ট পৰিমাণৰ হিংসাৰ সন্মুখীন হয়। আফগানিস্তানত বাদৰ প্ৰথা কাৰিকৰীভাৱে অবৈধ।১০

বাল্য বিবাহ সম্পৰ্কীয় আইন

আফগান চৰকাৰী আইন

আফগান অসামৰিক আইন অনুচ্ছেদ ৪০ অনুসৰি, "বিবাহ হৈছে এটা পৰিয়াল স্থাপনৰ বাবে পুৰুষ আৰু মহিলাৰ মাজত হোৱা চুক্তি।"১১ অনুচ্ছেদ ৭০-এৰ মতে বিবাহৰ আইনী বয়স মহিলাৰ বাবে ১৬ আৰু পুৰুষৰ বাবে ১৮ বছৰ নিৰ্ধাৰিত। এই আইনৰ অনুচ্ছেদ ৭১ (উপধাৰা ১)ৰ মতে দেউতাক বা অভিভাৱকে বিচাৰিলে এগৰাকী ছোৱালীৰ ১৬ বছৰ বয়সৰ তলতো বিবাহ হʼব পাৰে। কিন্তু ১৫ বছৰৰ তলৰ নাবালকসকলৰ বাবে কোনো পৰিস্থিতিতে বিবাহৰ অনুমতি দিয়া নহয়। অসামৰিক আইন স্থাপন হোৱা স্বত্বেও, ৰাষ্ট্ৰীয় আইন, বা স্বাৰিয়া আইনতকৈ আঞ্চলিক ৰীতি-নীতিক প্ৰাধান্য বেছি দিয়া হয়। অসামৰিক আইন ৰূপায়ণত ত্ৰুটিৰ বাবে, বাল্য বিবাহ এতিয়াও প্ৰচলিত হৈ আছে।১২১৩

যদিও নতুন আইন ক্ৰমান্বয়ে প্ৰৱৰ্তন কৰা হৈছে, ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ বাৰ্ষিক লিংগ বৈষম্য সূচকৰ মতে লিং অসমতাৰ ক্ষেত্ৰত আফগানিস্তানৰ মহিলা বিশ্বৰ ষষ্ঠ স্থানত আছে।১৪ আফগান স্বতন্ত্ৰ মানৱ অধিকাৰ আয়োগৰ পৰিসংখ্যাই দেখুৱাইছে যে আফগানিস্তানৰ মুঠ বিবাহৰ প্ৰায় ৬০-৮০% বলপূৰ্বক নহলে বাল্য বিবাহ।১৫

২০০৯ চনত, আফগানিস্তানে মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণ (ইভিএডব্লিউ) আইন গৃহীত কৰা হৈছিল, যি ঘৰুৱা হিংসা, মহিলাৰ বিৰুদ্ধে উৎপীড়ন, আৰু লগতে বলপূৰ্বক বাল্য বিবাহৰ বাবে জৰিমনা নিশ্চিত কৰিছিল। তথাপিও এই আইনৰ কাৰ্যকৰীকৰণ সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা হোৱা নাই, কিয়নো আইনখনৰ বিৰোধিতাও আছে। ২০১৩ চনত, আফগান সংসদে ছোৱালীসকলক বলপূৰ্বক বিবাহৰ বিৰুদ্ধে সাক্ষ্য দিয়াত বাধা দিয়াৰ বাবে এখন আইন গৃহীত কৰে। এই সন্দৰ্ভত কাবুল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰিছিল, কাৰণ ইয়াক তেওঁলোকে ইছলামিক নিতী নহয় বুলি গণ্য কৰিছিল।

শ্বৰিয়া আইন

ইছলামত বিবাহ হʼল এহাল দম্পতীৰ সামাজিক দায়বদ্ধতাৰ স্বীকৃতি আৰু বিবাহ চুক্তিৰ চৰ্তাৱলী আৰু নিয়মাৱলী মানি চলিবলৈ এক চুক্তি। ইছলাম বিবাহ চুক্তিৰ এটা চৰ্তৰ বাবে দৰা আৰু কইনা দুয়োৰে মৌখিক আৰু লিখিত সন্মতিৰ প্ৰয়োজন, লগতে পুৰুষৰ প্ৰস্তাৱটো মহিলাই গ্ৰহণ কৰাটোও প্ৰয়োজন।১৬ শ্বৰিয়া আইন, যাক ইছলামিক আইন বুলিও কোৱা হয়, বিবাহ সম্পৰ্কীয় নিম্নলিখিত নিয়মাৱলী নিৰ্ধাৰণ কৰে:

  • "দুয়োটা পক্ষ প্ৰাপ্তবয়স্ক আৰু বিশুদ্ধ হʼব লাগে
  • প্ৰাপ্তবয়স্ক নোহোৱাৰ ক্ষেত্ৰত, বিবাহৰ বাবে পিতৃ বা ককাদেউতাৰ অনুমতিৰ প্ৰয়োজন।
  • দেউতাক আৰু ককাদেউতাক তেওঁলোকৰ সন্তানৰ স্বত্বাধিকাৰী আৰু তেওঁলোকক বিয়া দিব পাৰে।"১৭

ইছলাম, বিশেষকৈ হানাফিৰ চুন্নী বিদ্যালয়, আফগান সংস্কৃতিৰ কেন্দ্ৰবিন্দু। অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা উনবিংশ শতিকাৰ মাজভাগলৈ, আফগান সমাজ বেছিভাগ বিকেন্দ্ৰীভূত হৈ আছিল, যাৰ ফলত বিভিন্ন জাতি-গোটক স্বতন্ত্ৰভাৱে অনুশীলন আৰু হানাফি নীতি ৰূপায়ণ কৰিবৰ সিদ্ধান্ত এৰি দিয়া হৈছিল। অৱশ্যে, গৱেষণাই দেখুৱাইছে যে পৰিয়ালৰ মূলমানুহজনে প্ৰায়ে সিদ্ধান্ত লোৱাৰ সময়ত শ্বৰিয়াত উল্লেখ কৰামতে মহিলাসকলৰ অধিকাৰক উপেক্ষা কৰিছিল।১৮

পিছত, ১৮৮০ চনৰ পৰা ১৯০১ চনলৈ, আফগান শাসক আমিৰ আব্দ আল-ৰহমান খানে শ্বৰিয়াৰ ওপৰত আধাৰিত কৰি ৰাজকীয় আদেশ প্ৰস্তুত কৰে যিয়ে বালক আৰু বলপূৰ্বক বিবাহ আঁতৰাবলৈ চেষ্টা কৰিছিল। একেদৰে, ১৯০১-১৯১৯ চনলৈ শাসক হিচাপে, তেওঁৰ পুত্ৰ আমিৰ হাবিবুল্লা হ'নে মহিলাৰ অধিকাৰৰ একেই আইনখন আৰু আগবঢ়াই নিছিল।১৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bahgam, S., & Mukhatari, W. (2004). Study on Child marriage in Afghanistan. MedicaMondiale, May
  2. ↑ Bahgam, S; Mukhatari (2004). "Study on Child Marriage in Afghanistan" (PDF). Medica Mondiale: 1–20. Archived from the original (PDF) on 6 May 2012. Retrieved 15 March 2014
  3. ↑ Riphenburg, Carol (May–June 2004). "Post-Taliban Afghanistan: Changed Outlook for Women?". Asian Survey. 44 (3): 401–422. doi:10.1525/as.2004.44.3.401
  4. ↑ Child protection from violence, exploitation and abuse: Child marriage. UNICEF.https://www.unicef.org/protection/child-marriage
  5. ↑ Smith, Deborah (2009). "Decisions, Desires and Diversity: Marriage Practices in Afghanistan". Afghanistan Research & Evaluation Unit (AREU)
  6. ↑ Smith, Deborah (2009). "Decisions, Desires and Diversity: Marriage Practices in Afghanistan". Afghanistan Research & Evaluation Unit (AREU)
  7. ↑ Smith, Deborah (2009). "Decisions, Desires and Diversity: Marriage Practices in Afghanistan". Afghanistan Research & Evaluation Unit (AREU)
  8. ↑ Hafizullah, Emadi (30 August 2002). Repression, Resistance, and Women in Afghanistan. Praeger. ISBN 978-0-275-97671-2
  9. ↑ "Afghan women escape marriage through suicide | DW | 18.04.2013". DW.COM. Retrieved 5 January 2019
  10. ↑ "Afghan Girls Suffer for Sins of Male Relatives". Wahida Paykan. Institute for War and Peace Reporting. 26 March 2009. Retrieved 26 May 2017
  11. ↑ Bahgam, S; Mukhatari (2004). "Study on Child Marriage in Afghanistan" (PDF). Medica Mondiale: 1–20. Archived from the original (PDF) on 6 May 2012. Retrieved 15 March 2014
  12. ↑ Smith, Deborah (2009). "Decisions, Desires and Diversity: Marriage Practices in Afghanistan". Afghanistan Research & Evaluation Unit (AREU)
  13. ↑ Early Marriage in Afghanistan". Women and Children Legal Research Foundation. 2008
  14. ↑ Johnson, Kay (5 January 2012). "Child bride's torture renews Afghan rights worries". Associated Press. Retrieved 24 February 2012
  15. ↑ "Afghanistan: The tribulations of child-bearing children". Integrated Regional Information Networks (IRIN). Retrieved 24 February 2012
  16. ↑ Huda. "The Islamic MarriageContract". Retrieved 24 February 2012
  17. ↑ Bahgam, S; Mukhatari (2004). "Study on Child Marriage in Afghanistan" (PDF). Medica Mondiale: 1–20. Archived from the original (PDF) on 6 May 2012. Retrieved 15 March 2014
  18. ↑ Riphenburg, Carol (May–June 2004). "Post-Taliban Afghanistan: Changed Outlook for Women?". Asian Survey. 44 (3): 401–422. doi:10.1525/as.2004.44.3.401
  19. ↑ Riphenburg, Carol (May–June 2004). "Post-Taliban Afghanistan: Changed Outlook for Women?". Asian Survey. 44 (3): 401–422. doi:10.1525/as.2004.44.3.401

সম্পৰ্কিত শ্ৰেণী

বলপূৰ্বক বিবাহআফগানিস্তান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফগানিস্তানত বাল্য বিবাহ” প্ৰবন্ধৰ সংশোধন ৩৯২৮৭৩ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।