আলু চাট হৈছ্ৰ ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ পথৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰীট ফুড। ই উত্তৰ ভাৰত, পূব ভাৰতৰ পশ্চিম বংগ, পাকিস্তান আৰু বাংলাদেশৰ ছিলেট সংমণ্ডলৰ কিছু অংশতো জনপ্ৰিয়। আলু চাট আলু কাটি ঊদ্ভিদজাত তেলত ভাজি বা সিজাই তাত মছলা আৰু চাটনি মিহলাই প্ৰস্তুত কৰা হয় ৷ ইয়াক নভজাকৈ কেৱল সিজোৱা আলুৰ সৈতেও প্ৰস্তুত কৰিব পাৰি আৰু লগতে মছলা, নেমুৰ ৰস আৰু জ্বলা-টেঙা চাটনিৰ সৈতে পৰিবেশন কৰিব পাৰি।
আলু চাট মূলতঃ পথৰ দাঁতিৰ খাৰদ্য বা এবিধ ষ্ট্ৰীট ফুড। ইয়াক পুৱাৰ আহাৰ,পাৰ্শ্ব খাদ্য বা চাহৰ লগত লঘু মুখৰোচক হিচাপে পৰিবেশন কৰিবও পৰা যায়।১ ইয়াক সিজোৱা আৰু ভজা বৰ্গাকাৰ আলুৰ পৰা প্ৰস্তুত কৰা হয় আৰু চাট মছলাৰ সৈতে পৰিবেশন কৰা হয়। আলু চাটৰ।ৰ বহুতো আঞ্চলিক ভিন্নতা বা সংস্কৰণ আছে।২ হিন্দীত আলু শব্দৰ অৰ্থ আলু পাচলি। চট বা চাট শব্দটো হিন্দী শব্দ চট্না শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে আঙুলিৰ মূৰত সোৱাদ লোৱা। এইদৰে আলু চাটৰ অৰ্থ হ’ল আলুৰ সোৱাদৰ খাদ্য।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলু চাট” প্ৰবন্ধৰ সংশোধন ৬৩২৫১৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।