অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আমৰ আচাৰ

আমৰ আচাৰ হৈছে সাধাৰণতে কেঁ‌চা আম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ আচাৰ ৷দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ই অতিকে জনপ্ৰিয় ৷ এই টেঙা, মিঠা বা জ্বলা আৰু মচলা দিয়া আচাৰ ঘৰত খাবলৈ প্ৰস্তুত কৰাৰ লগতে ব্যৱসায়িকভাৱেঅনলাইন বা দোকানতো পোৱা যায়।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ৬০২ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বাণিজ্যিক বুৰং মাংগা]]

আমৰ আচাৰ হৈছে সাধাৰণতে কেঁ‌চা আম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ আচাৰ ৷দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ই অতিকে জনপ্ৰিয় ৷ এই টেঙা, মিঠা বা জ্বলা আৰু মচলা দিয়া আচাৰ ঘৰত খাবলৈ প্ৰস্তুত কৰাৰ লগতে ব্যৱসায়িকভাৱেঅনলাইন বা দোকানতো পোৱা যায়।

প্ৰকাৰ

ভাৰতৰ বিভিন্ন অঞ্চলৰ আচাৰ প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া অন্য এছিয়ান বা ইউৰোপিয়ান বা আমেৰিকন অঞ্চলতকৈ ভিন্ন। আচাৰ ভাৰতৰ বা পশ্চিমীয়া দ্ৰেশসমূহৰ বহু অঞ্চলৰ এবিধ প্ৰধান পাৰ্শ্ব খাদ্য আৰু ইয়াক প্ৰস্তুত কৰিবলৈ বহু প্ৰকাৰ শাক-পাচলি, মছলা আদি ব্যৱহাৰ কৰা হয়। অসমত ইয়াক কাঁ‌হীৰ দাঁ‌তিৰ মুখৰোঅচক হিচাপে খোৱা হয়। কেঁচা বা কুমলীয়া আম হৈছে আচাৰৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ফলৰ আটাইতকৈ জনপ্ৰিয় প্ৰকাৰ। পকা আম আচাৰত সাধাৰণতে ব্যৱহাৰ নহয়। পঅঞ্চল আৰু ব্যৱহৃত মছলাৰ ওপৰত নিৰ্ভৰ কৰি একাধিক প্ৰকাৰৰ আমৰ আচাৰ প্ৰস্তুত কৰা হয় যদিও বহলভাৱে ইয়াক দুবিধত ভগাব পাৰি। এইকেইবিধ হ'ল: গোটা আমৰ আচাৰ আৰু কটা আমৰ আচাৰ। গোটা আমৰ আচাৰ দক্ষিণ ভাৰতত অতি জনপ্ৰিয় পৰম্পৰাগত আচাৰ আৰু ইয়াক প্ৰস্তুত কৰিবলৈ কেইসপ্তাহমান আগতেই গছৰপৰা সংগ্ৰহ কৰি ৰখা কুমলীয়া আম ব্যৱহাৰ কৰা হয়। কেৱল আচাৰৰ বাবে বিশেষভাৱে ব্যৱহৃত আমৰো বিশেষ প্ৰকাৰ আছে আৰু ইয়াক কেতিয়াও পকা ফল হিচাপে খোৱা নহয়। যিবিলাক পকা আম হিচাপে সোৱাদযুক্ত সিহঁ‌তক ফল হিচাপেই গ্ৰহণ কৰা হয়। কুমলীয়া আম নিমখ, উদ্ভিদৰ পৰা সংগ্ৰহীত।তেল যেনে মিঠাতেল আৰু গৰম মছলা, হিং, জলকীয়া আদিৰ মিশ্ৰণ ব্যৱহাৰ কৰি আচাৰ প্ৰস্তুত কৰা হয়। ইয়াক অতি সাৱধানতাৰে কৰা হয় যাতে এই আচাৰ বহু বছৰ ধৰি সংৰক্ষিত হৈ থাকে।অসমতো ভাত, ৰুটী, পুৰি, ভাতুৰা আদি মূল খাদ্যৰ সৈতে আমৰ আচাৰ পৰিৱেশন কৰা হয়। এই আচাৰ সাধাৰণতে টেঙা-জ্বলা হয়।hen it is called১

কটা আমৰ আচাৰ

পাকিস্তানী আমৰ আচাৰ
পাকিস্তানী আমৰ আচাৰছবি: Miansari66 · CC0
ঘৰতে প্ৰস্তুত কৰা আমৰ আচাৰ
ঘৰতে প্ৰস্তুত কৰা আমৰ আচাৰছবি: Saileshpat · CC BY-SA 4.0

কটা আমৰ আচাৰ বিশেষ জাতৰ আম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় যিসমূহ সাধাৰণতে কেঁচাতে টেঙা সোৱাদৰ হয়। মিঠা সোৱাদৰ আম সাধাৰণতে আচাৰত ব্যৱহাৰ নহয়। এই আমৰ আচাৰ প্ৰস্তুত কৰিলে বেছি সময়লৈকে টিকি থাকিব পাৰে অৰ্থাৎ ভাল হৈ থাকে। এইবিধ আম বিশেষভাৱে গ্ৰাফ্টিং কৰি ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয়। অসমত সাধাৰণতে কেঁ‌চা বা কুমলীয়া আম কাটি টুকুৰা কৰি আমৰ আচাৰ প্ৰস্তুত কৰা হয়। ইয়াত মিঠাতেল আৰু মছলা দিয়া হয়। আচাৰ মিঠা কৰিবলৈ গুড় ব্যৱহাৰ কৰা হয়।

অৱকায়া২ দক্ষিণ ভাৰতত জনপ্ৰিয় ভাৰতীয় আচাৰৰ প্ৰকাৰ আৰু ইয়াৰ উৎপত্তি হৈছে অন্ধ্ৰ প্ৰদেশৰ ডেল্টা জিলাত। ইয়াৰ প্ৰধান উপাদান হ'ল আম, আভাপিণ্ডি (গুৰি কৰা সৰিয়হৰ গুটি) আৰু আচাৰৰ বাবে ব্যৱহাৰ কৰা অন্যান্য মছলা।। এই অঞ্চলসমূহত আমক প্ৰধান উপাদান হিচাপে ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ আচাৰ পোৱা যায়।৩

এই আচাৰ সাধাৰণতে গ্ৰীষ্মকালত তৈয়াৰ কৰা হয়, এই সময়ত সেউজীয়া আমৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। সেউজীয়া আম, গৰম তেল, জলকীয়া আৰু বিভিন্ন ধৰণৰ মছলা আদি ইয়াৰ প্ৰধান উপাদান। এই আচাৰৰ প্ৰস্তুতি, সংৰক্ষণ আৰু পৰিবেশন প্ৰক্ৰিয়াক প্ৰায় এক অনুষ্ঠান বুলি গণ্য কৰা হয়।

আমবোৰ প্ৰায় ২ চে.মি. x ২ চে.মি.কৈ কাটি লোৱা হয়। এই টুকুৰাবোৰ শুকান কোমল কাপোৰেৰে মচি পৰিষ্কাৰ কৰি শুকুৱাই লোৱা হয়। সাধাৰণতে কোনো এম্ব্ৰয়ডাৰী নথকা পুৰণি বীজাণুমুক্ত কপাহী চাদৰ, মাৰ্কিন কাপোৰ আদি এই কামৰ বাবে উপযুক্ত। তাৰ পিছত সৰিয়হৰ গুড়ি, ৰঙা জলকীয়াৰ গুড়ি, নিমখ, তেল দি আচাৰ কৰি লোৱা হয়। এই মিশ্ৰণটো চাৰিৰ পৰা আঠ সপ্তাহত খাব পৰা হৈ উঠে। সময়ে সময়ে ইয়াৰ ভিতৰৰ বস্তুবোৰ মিহলি কৰি একেধৰণৰ মেৰিনেড অটুট ৰখাৰ বাবে যত্ন লোৱা হয়।

গৰম ভাতত এক বা দুটুকুৰা অৱকায়া আৰু ঘিউ বা মাটিমাহৰ তেল মিহলাই, তাৰ পিছত কামুৰিব পৰা আকাৰৰ গোলক তৈয়াৰ কৰা হয়। আভাকায়া প্ৰায়ে ভাত আৰু দৈৰ লগত খোৱা হয়। কেঁচা পিঁয়াজ দিব পাৰি। ই সোৱাদ বৃদ্ধি কৰে। বেছিভাগ মানুহেই ইয়াক মুদ্দাপাপ্পু আৰু নেয়িৰ (ঘিউ) সৈতে খাবলৈ পছন্দ কৰে। কিছুমান লোকে ইয়াক প্ৰস্তুত কৰাৰ পৰা ১–২ মাহৰ ভিতৰত খাবলৈ পছন্দ কৰে। এইবিধক 'কট্টাভাকায়া'' বুলি কোৱা হয়।৪

আচাৰ আমৰ চাটনি

এইটো এক প্ৰকাৰ য’ত আমবোৰ কুটি চাটনিৰ দৰে আচাৰ প্ৰস্তুত কৰা হয়।

কাদুমাংগো

কদুমংগা – ভাৰতৰ কেৰালাৰ এক বিশেষ ধৰণৰ আমৰ আচাৰ, কুমলীয়া আমৰ পৰা তৈয়াৰী
কদুমংগা – ভাৰতৰ কেৰালাৰ এক বিশেষ ধৰণৰ আমৰ আচাৰ, কুমলীয়া আমৰ পৰা তৈয়াৰীছবি: Ranjithsiji · CC BY-SA 4.0

এইটো আমৰ আচাৰৰ এটা প্ৰকাৰ। এই ধৰণৰ আচাৰ একেবাৰে কুমলীয়া আমৰ পৰা তৈয়াৰ কৰা হয়।৫ আমবোৰ লাগিবলৈ আৰম্ভ কৰাৰ লগে লগে সৰু কুমলীয়া আমবোৰ সংগ্ৰহ কৰা হয়। এই আচাৰত আমটো টুকুৰা টুকুৰকৈ কাটি লোৱা নহয়; গোটা আমটো আচাৰৰ প্ৰকাৰ হিচাপে প্ৰস্তুত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Pushpesh Pant. India: The Cookbook (2010) 960 pag
  2. ↑ (18 March 2019). https://www.newindianexpress.com/cities/bengaluru/2019/mar/18/ode-to-the-humble-garlic-pickle-1952450.html
  3. ↑ Usha's Pickle Digest: The Perfect Pickle Recipe Book. Mrs Usha R Prabakaran (1998) 347 pag
  4. ↑ Pushpesh Pant. India: The Cookbook (2010) 960 pag
  5. ↑ (18 June 2012). Tender Mango Pickle (Kadumanga Achar). MyRecip4u.Blogspot.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰন্ধনশৈলীখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমৰ আচাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৪২০ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।