অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আমৰ সৈতে আঠাজাতীয় চাউল

আমৰ সৈতে আঠাজাতীয় চাউল (Mango sticky rice) হৈছে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ এবিধ পৰম্পৰাগত মিঠা খাদ্য। এই মিঠা খাদ্যবিধ বৰা চাউল, আম আৰু নাৰিকলৰ গাখীৰেৰে ৰন্ধা হয়। ইয়াক চামুচ বা হাতেৰে খোৱা হয়।

হালনাগাদ: ৮ মাৰ্চ ২০২৪ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আমৰ সৈতে আঠাজাতীয় চাউল (Mango sticky rice) হৈছে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ এবিধ পৰম্পৰাগত মিঠা খাদ্য। এই মিঠা খাদ্যবিধ বৰা চাউল, আম আৰু নাৰিকলৰ গাখীৰেৰে ৰন্ধা হয়। ইয়াক চামুচ বা হাতেৰে খোৱা হয়।১

ৰন্ধন প্ৰণালী

সাধাৰণতে এই মিঠা ব্যঞ্জন বিধ বৰা চাউলৰ (আঠা থকা চাউল) লগত তাল গুটিৰ চেনি বা গুড়, নাৰিকলৰ গাখীৰ আৰু নাৰিকলৰ সৰু টোকোৰাৰে মিহলাই কল পাতত বান্ধি ভাপত দিয়া হয় নাইবা ইয়াক এটা বাঁহৰ চুঙাত ভৰাই কাঠ বা কয়লাৰ জুইত সেকি চুঙাত দিয়া চাউলৰ দৰে ৰন্ধা হয়।২ পাছত বাঁহৰ চুঙাটো কাটি তাৰপৰা ভাত উলিওৱা হয়।২ইয়াৰ প্ৰধান উপাদান সমূহ হৈছে বৰা বা আঠা থকা চাউল, নাৰিকলৰ গাখীৰ, নিমখ, তাল গুটি বা খেজুৰৰ চেনি আৰু আম। এই মিঠা ভাত বনাবলৈ প্ৰথমে চাউলখিনি পানীত তিয়াই থোৱা হয়, তাৰপাছত ভাপত দি নাইবা কুকাৰত ৰান্ধি ল'ব লাগে। একেলগে আনফালে নাৰিকলৰ গাখীৰৰ লগত অলপ নিমখ আৰু চেনি মিহলাই উতলি নোযোৱাকৈ গৰম কৰিব লাগে। ভাতখিনি ভালকৈ হোৱাৰ পাছত, মিঠা কৈ তৈয়াৰ কৰি থোৱা নাৰিকলৰ গাখীৰৰ লগত ভাত(একে পৰিমাণৰ) মিহলাই লৈ গাখীৰখিনি ভাতৰ লগত ভালদৰে শুহি যোৱাকৈ ৰ'ব লাগে। তাৰপাচত আমখিনিৰ বাকলি গুচাই কাটি লব লাগে। পৰিবেশন কৰিবৰ বাবে এক হেতা মিঠা ভাত কাঁহীখনত লৈ আমৰ টুকুৰাকেইটা কাষত দি সজাই দি আৰু বাকী থকা নাৰিকলৰ গাখীৰখিনি লাহেকৈ ওপৰত সুন্দৰকৈ ঢালি দি সজাই দিব লাগে। কেতিয়াবা মিঠা ভাতখিনিৰ ওপৰত ধুৱা মগু দাইলো তেলত কৰকৰিয়াকৈ ভাজি পৰিবেশন কৰা হয়।৩

আমৰ সৈতে আঠাজাতীয় চাউল
আমৰ সৈতে আঠাজাতীয় চাউলছবি: Charles Haynes · CC BY-SA 2.0

বৈচিত্ৰ্য

এই তলত দিয়া কেইটা হৈছে মিঠা ভাতৰ বিভিন্নতা, যিটোৱে বগা আঠা ভাতৰ ঠাইত ক'লা আঠা ভাতে ঠাই লৈছে আৰু যাৰ ফলত ভাতখিনি বেঙুনীয়া ৰঙৰ দেখা যায়।৪

থাইলেণ্ডত

থাইলেণ্ডত সাধাৰণতে আম আৰু আঠা থকা মিঠা ভাত এপ্ৰিল বা মে মাহত যেতিয়া আমৰ ভৰপক সময় আৰু প্ৰচুৰ পৰিমাণে আম পোৱা যায় তেতিয়া খোৱা হয়।৫ সাধাৰণ মিঠা আমৰ প্ৰজাতি যেনে নাম ডাউক মাই নাইবা অ'কে লং একেলগে আঠা থকা চাউল আৰু নাৰিকলৰ লগত মিঠাকৈ ৰান্ধি গৰমে গৰমে পৰিবেশন কৰা হয়।৫

আমৰ সৈতে ক'লা আঠাজাতীয় চাউল
আমৰ সৈতে ক'লা আঠাজাতীয় চাউলছবি: deror_avi · CC BY-SA 3.0

লাওছত

আমৰ সৈতে আঠাজাতীয় চাউল বৃহত্তৰ মেকং উপ- অঞ্চলৰ লাওছ সকলৰ বাবে এটি সৰ্বসাধাৰণ মিঠা খাদ্য য'ত বহুতো পুৰণি কালৰ পৰাই আঠাজাতীয় ধানৰ খেতি কৰা হৈছে।৬

ফিলিপিনছত

ফিলিপিনছত নাৰিকলৰ গাখীৰ আৰু কেতিয়াবা আদা দি আঠাজাতীয় চাউলৰ জলপান ৰন্ধা হয়। ইয়াক পুতঅ মায়া বুলা হয়।৭ এই জলপান ভিষায়াণ লোকসকলৰ মাজত অতি প্ৰিয়।৮

তথ্যসূত্ৰ

  1. ↑ "What Is Mango Sticky Rice?". wiseGEEK. Retrieved 29 May 2015
  2. ↑ The Foreign Missionary. Mission House. 1876
  3. ↑ "Thai Mango Sticky Rice Recipe". Mark Wiens. 6 July 2016. Retrieved 6 March 2017
  4. ↑ "Coconut Milk Sticky Rice with Mangoes". Epicurious.com. 16 May 2006. Retrieved 21 December 2017
  5. ↑ "Mango sticky rice". Taste of Thailand. 2020. Retrieved 19 July 2021
  6. ↑ "Rice Landscape Analysis - Feasibility of and opportunities for rice fortification in the Lao People's Democratic Republic | World Food Programme". www.wfp.org. Retrieved 2021-07-17
  7. ↑ Fernandez, Raymund (December 27, 2013). "Puto maya". Inquirer.net
  8. ↑ Dizon, Erika (August 16, 2017). "Ever Wonder Why Puto Bumbong Is Violet? (It's Not Ube)". Spot.ph

সম্পৰ্কিত শ্ৰেণী

খাদ্যথাইলেণ্ডৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমৰ সৈতে আঠাজাতীয় চাউল” প্ৰবন্ধৰ সংশোধন ৪১০২১৪ (৮ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।