১৯৫৪ চনত গণতন্ত্ৰৰ প্ৰত্যাৱৰ্তনৰ পিছত আৰ্জেণ্টিনাত মহিলাৰ মৰ্যাদা যথেষ্ট সলনি হৈছে; আৰু তেওঁলোকে তুলনামূলকভাৱে উচ্চ পৰ্যায়ৰ সমতা লাভ কৰিছে। ২০০৯ চনত বিশ্ব অৰ্থনৈতিক মঞ্চই প্ৰস্তুত কৰা গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্টত পুৰুষৰ তুলনাত সম্পদ আৰু সুযোগৰ সুবিধা অধ্যয়ন কৰা ১৩৪খন দেশৰ ভিতৰত আৰ্জেণ্টিনাৰ মহিলাসকলে ২৪ নম্বৰ স্থান লাভ কৰিছে।১ তেওঁলোকে তুলনামূলকস্তৰৰ শিক্ষা লাভ কৰে, আৰু তেওঁলোকৰ পুৰুষ সমকক্ষতকৈ বিদ্যালয়ত নামভৰ্তিৰ অনুপাত কিছু বেছি। জাতিটোৰ সাংস্কৃতিক আৰু বৌদ্ধিক জীৱনত তেওঁলোক সঠিকভাৱে সংযুক্ত হৈ আছে২যদিও জাতিটোৰ অৰ্থনীতিত সেই অংশগ্ৰহণ কম। পুৰুষৰ সম্পৰ্কত তেওঁলোকৰ অৰ্থনৈতিক প্ৰভাৱ অধিকাংশ লেটিন আমেৰিকাৰ দেশতকৈ বেছি৷ ৩ আৰ্জেণ্টিনাৰ কৰ্পোৰেট জগতত বহু আৰ্জেণ্টিনাৰ মহিলাই শীৰ্ষ পদবী লাভ কৰে৷৪
আৰ্জেণ্টিনাত ঘৰুৱা হিংসা এক গুৰুতৰ সমস্যা৷ আৰ্জেণ্টিনাত ঘৰুৱা হিংসা এক গুৰুতৰ সমস্যা৷ আন কিছুমান সমস্যাৰ ভিতৰত আছে ধৰ্ষণৰ সময়োচিত গোচৰ চলোৱাত বাধা, যৌন নিৰ্যাতনৰ প্ৰাদুৰ্ভাৱ আৰু লিংগভিত্তিক দৰমহাৰ স্থায়ী ব্যৱধান৷৫
১৯৩০ চনৰ সময়ছোৱাত দ্বিতীয় স্পেনিছ গণৰাজ্যৰ প্ৰতিৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্ৰিগেডৰ অংশ হিচাপে কাম কৰা কমিউনিষ্ট নেতা ফেনী এডেলমেন কমিউনিজম আৰু নাৰীবাদক প্ৰতিনিধিত্ব কৰা আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বত পৰিণত হয়। তেখেত ১৯৩৭ চনত আৰ্জেণ্টিনাৰ মহিলা সংঘ গঠনত অংশগ্ৰহণ কৰিছিল আৰু ১৯৭২ চনত মহিলা আন্তঃৰাষ্ট্ৰীয় গণতান্ত্ৰিক ফেডাৰেচনৰ মুৰব্বী হৈছিল। ২০১১ চনত মৃত্যুৰ আগলৈকে আৰ্জেণ্টিনাৰ কমিউনিষ্ট দলৰ সন্মানীয় সভানেত্ৰী আছিল।৬৭
আৰ্জেণ্টিনাত নাৰীৰ ওপৰত হোৱা হিংসা এক গুৰুতৰ সমস্যা। ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত এম্নেষ্টী ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা অনুসৰি আৰ্জেণ্টিনাত ঘৰুৱা হিংসাৰ ফলত প্ৰতি দুদিনৰ মূৰে মূৰে এগৰাকী মহিলাৰ মৃত্যু হয়।নাগৰিক সমাজৰ সংগঠন লা কাছা ডেল এনকুৱেণ্ট্ৰ’ই প্ৰকাশ কৰা অনুসৰি ২০১৩ চনৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ঘৰুৱা বা লিংগভিত্তিক হিংসাৰ ফলত ২০৯ গৰাকী মহিলাৰ মৃত্যু হৈছিল। ২০১২ চনৰ নৱেম্বৰ মাহত কংগ্ৰেছে নাৰীহত্যা বিৰোধী আইন প্ৰণয়ন কৰে য'ত লিংগভিত্তিক হিংসাৰ ফলত নিজৰ পত্নী, সংগী বা সন্তানক হত্যা কৰা অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰাৰ উল্লেখ আছে।৫
পৰম্পৰাগতভাৱে ৰাজনীতিক পুৰুষৰ ক্ষেত্ৰ বুলি ধৰা হৈছিল। আৰ্জেণ্টিনাৰ নাৰীৰ আইনী আৰু সামাজিক ভূমিকা বেছিভাগেই স্পেনিছ আইন (যি নিজেই ৰোমান আইনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল) আৰু কেথলিক গীৰ্জাৰ দ্বাৰা নিৰ্ধাৰিত আছিল। সেইবাবেই নাৰীক প্ৰথমে পিতৃৰ আৰু তাৰ পিছত স্বামীৰ অধীনত ৰখা হৈছিল।৮কিন্তু আজি আৰ্জেণ্টিনাৰ ৰাজনীতিত মহিলাৰ উল্লেখযোগ্য উপস্থিতি আছে আৰু তেওঁলোকে সংসদৰ প্ৰায় আধা অংশ গঠন কৰে।৯১৯৯১ চনত আৰ্জেণ্টিনাই সংসদত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে gender quota law অনুমোদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়৷ ২০১৭ চনত ইয়াক সম্প্ৰসাৰিত কৰি পুৰুষ আৰু মহিলাৰ মাজত সম প্ৰতিনিধিত্ব (৫০%) প্ৰদান কৰা হয়।
তথ্যসূত্ৰ
- ↑ La Nación: Mujeres siguen siendo discriminadas. Lanacion.cl
- ↑ La mujer y sus derechos - EID: Webcreatividad - educ.ar. portal.educ.ar
- ↑ iEco: Brecha salarial. Ieco.clarin.com
- ↑ iEco: Las mujeres que manejan los millones. Ieco.clarin.com
- ↑ Country Reports on Human Rights Practices for 2016. State.gov
- ↑ (2011-11-01). A los 100 años murió Fanny Edelman. Página/12
- ↑ (2011-11-03). Iconic Communist Leader Dies at the Age of 100. The Argentina Independent
- ↑ Switala, Kristin. Feminism in Argentina. Cddc.vt.edu
- ↑ Women in Parliaments: World Classification. Ipu.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্জেণ্টিনাৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৪২১০০২ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।