অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ই কিচ চাইল্ডছ

ই কিচ চাইল্ডছ (E. Kitch Childs) এগৰাকী আমেৰিকান ক্লিনিকেল চাইক'লজিষ্ট আছিল৷ ইয়াৰ লগতে তেওঁ উত্তৰ আমেৰিকাৰ মহিলা মুক্তি আন্দোলন; সংখ্যালঘু মহিলা, বেশ্যা, সমকামী আৰু লেছবিয়ানসকলৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী লেছবিয়ান কৰ্মী।

হালনাগাদ: ২৯ জুন ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ই কিচ চাইল্ডছ (E. Kitch Childs) এগৰাকী আমেৰিকান ক্লিনিকেল চাইক'লজিষ্ট আছিল৷ ইয়াৰ লগতে তেওঁ উত্তৰ আমেৰিকাৰ মহিলা মুক্তি আন্দোলন; সংখ্যালঘু মহিলা, বেশ্যা, সমকামী আৰু লেছবিয়ানসকলৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী লেছবিয়ান কৰ্মী।১ তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ সমকামী মুক্তিৰ প্ৰতিষ্ঠাপক সদস্য ২ আৰু চিকাগো বিশ্ববিদ্যালয়ৰ পৰা মানৱ উন্নয়নত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম আফ্ৰিকান আমেৰিকান মহিলা।৩

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত চাইল্ডছে আমেৰিকাৰ নৌসেনাত যোগদান কৰে।৪১৯৭৩ চনত তেওঁ কেলিফৰ্ণিয়াৰ অকলেণ্ডত প্ৰথম ব্যক্তিগত অনুশীলন আৰম্ভ কৰে য'ত তেওঁ ১৭ বছৰ ধৰি ক্লিনিকেল চাইক'লজিষ্ট হিচাপে কাম কৰাৰ পিছত ১৯৯০ চনত তেওঁ আমষ্টাৰডামলৈ আহে৷২ চাইল্ডছ মনোবিজ্ঞানৰ ক্ষেত্ৰখনৰ তেওঁ এগৰাকী আগশাৰীৰ ব্যক্তি আছিল৷ তেওঁৰ ঘৰত আৰু তেওঁৰ ক্লায়েণ্টৰ ঘৰত থেৰাপী অধিবেশন অনুষ্ঠিত কৰা প্ৰথম থেৰাপিষ্টসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।২

চাইল্ডছ আছিল এগৰাকী লেছবিয়ান আৰু কুইয়াৰ, মহিলা আৰু কৃষ্ণাংগ স্থানৰ এগৰাকী কৰ্মী।৫যৌনকৰ্মীৰ অধিকাৰ সংগঠন COYOTE (Call Off Your Old Tired Ethics) আৰু বৰ্ণবাদ বিৰোধী সামাজিক আন্দোলনৰ সৈতে জড়িত হোৱাৰ জৰিয়তে তেওঁ বেশ্যাবৃত্তিক অপৰাধমুক্ত কৰাৰ পোষকতা কৰিছিল।৩ ভাৰ্নিটা গ্ৰে আৰু মিচাল ব্ৰডীৰ সৈতে চিকাগো বিশ্ববিদ্যালয়ৰ চিকাগো লেচবিয়ান লিবাৰেচনৰ তেওঁ প্ৰতিষ্ঠাপক সদস্য আছিল। সেই সময়ত এই সংস্থাটোক চিকাগো গে লিবাৰেচনৰ উইমেনছ ককাছ বুলি নামকৰণ কৰা হৈছিল। ১৯৭০ চনত চিকাগোত প্ৰথম গৌৰৱৰ আয়োজনত সংস্থাটোৱে সহায় কৰিছিল। এলজিবিটি ব্যক্তিৰ বাবে বিশেষকৈ এইডছ ৰোগীৰ বাবে চিকিৎসা প্ৰদান কৰিছিল।৬৭

১৯৯৩ চনত চাইল্ডছক চিকাগো এলজিবিটি হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।৮ এই সন্মান সমকামিতাৰ ওপৰত আমেৰিকান চাইকিয়াট্ৰিক এছ'চিয়েচনৰ স্থিতি ভংগ কৰাৰ প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে দিয়া হৈছিল৷৯ যিটো ১৯৭৩ চনলৈকে ডায়েগনষ্টিক এণ্ড ষ্টেটিষ্টিক্যাল মেনুৱেল অৱ মেন্টেল ডিছঅৰ্ডাৰত মানসিক বিকাৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Pioneers of Black Mental Health #BHMMAC2023. Student Wellness Centre
  2. ↑ E. KITCH CHILDS. Chicago LGBT Hall of Fame
  3. ↑ E. Kitch Childs. Feminist Voices
  4. ↑ Childs, Ellen. (1966). Careers in the Military Service: A Review of the Literature. National Opinion Research Center, University of Chicago
  5. ↑ (2022-02-10). Black History Month, CPT Remembers Mental Health Practitioner and Advocate E. Kitch Childs, PhD. Center for Practice Transformation
  6. ↑ Komar, Shreya. E. Kitch Childs was a pioneer in mental health. The Voyager
  7. ↑ (2022-02-18). Black Men and Women Who Shaped Mental Health Part 2. Fathers' UpLift
  8. ↑ Induction Ceremonies, Chicago LGBT Hall of Fame – Gerber/Hart Library and Archives. gerberhart.org
  9. ↑ (3 February 2023). Black Pioneers in Mental Health. Summit's Edge Counseling

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মীসমাজকৰ্মীমনোবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ই কিচ চাইল্ডছ” প্ৰবন্ধৰ সংশোধন ৬১৪৯৫৩ (২৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।