কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
তোৰণম
তোৰণম (তামিল: தோரணம்) হৈছে তামিলনাডুত ব্যৱহৃত একপ্ৰকাৰৰ ঝুলন্ত সজ্জা। এই সজ্জাসমূহৰ মূল শিপা তামিল সংস্কৃতিৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। এই সজ্জাৰ ইতিহাস সঙ্গম যুগলৈকে বিস্তৃত।
-
ত্ৰিপুৰাৰ লোক-নৃত্য
ত্ৰিপুৰাৰ লোক-নৃত্য বা ত্ৰিপুৰী নৃত্য বুলিলে উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত প্ৰদৰ্শিত কেইবাবিধো লোক-নৃত্যক বুজোৱা হয়। এই নৃত্যবোৰ ত্ৰিপুৰাৰ বিভিন্ন স্থানীয় বাৰ্ষিক উদযাপন, যেনে বীজ সিঁচা আৰু শস্য চপোৱা উৎসৱৰ সময়ত ত্ৰিপুৰী (বৃহত্তম আঞ্চলিক জনগোষ্ঠী) আৰু মগ (বা মাৰমা) জনগোষ্ঠীৰ লোকসকলে পৰিবেশন…
-
ত্ৰিপুৰাৰ সংস্কৃতি
ত্ৰিপুৰাৰ সংস্কৃতি(Culture of Tripura) উত্তৰ-পূব ভাৰতৰ আন মানুহৰ সৈতে সুকীয়া আৰু অলপ মিল আছে। কিন্তু অসম, মণিপুৰ, বাৰ্মা আৰু দক্ষিণ-পূব এছিয়াৰ দৰে ত্ৰিপুৰাৰ সংস্কৃতিৰ বৈশিষ্ট্য সৰু অংশত য'ত মানুহে সমতল আৰু পাহাৰীয়া অঞ্চলত বাস কৰে। ত্ৰিপুৰা উত্তৰ-পূব ভাৰত ৰ এখন ৰাজ্য।
-
ত্ৰিভুবনেৰ প্ৰিয় মুহাম্মদ
ত্ৰিভুবনেৰ প্ৰিয় মুহাম্মদ (ত্ৰিভুবনেব় প্ৰিয় মুহাম্মদ, অৰ্থাৎ "ত্ৰিভুৱনৰ প্ৰিয় মহম্মদ") বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামৰ দ্বাৰা ৰচিত এটি ইছলামিক গীত বা গজল, যিয়ে ইছলামৰ নবী মহম্মদৰ আগমনৰ আনন্দবাৰ্তা বহন কৰে।
-
তৰোৱাল নৃত্য
তৰোৱাল নৃত্য (ইংৰাজী: Sword dance) হৈছে হাতত তৰোৱাললৈ কৰা এক প্ৰকাৰৰ অস্ত্ৰ নৃত্য। তৰোৱাল বা অনুৰূপ অস্ত্ৰ অন্তৰ্ভুক্ত কৰা অস্ত্ৰ নৃত্য সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা পোৱা যায়। আফ্ৰিকা, এছিয়া আৰু ইউৰোপৰ বিভিন্ন অঞ্চলত তৰোৱাল নৃত্যৰ একক আৰু আখৰা-যুদ্ধ (Pyrrhic)ৰ বিভিন্ন পৰম্পৰা পৰিলক্ষিত হয়।
-
থম্পু (চলচ্চিত্ৰ)
থম্পু (Thampu) হৈছে ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত জি. অৰবিন্দনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনত ভাৰত গোপী, নেডুমুডি ভেণু, ভি. কে. শ্ৰীৰামন, জলজা আৰু গ্ৰেট চিত্ৰা চাৰ্কাছৰ শিল্পীসকলে অভিনয় কৰিছে।
-
থাই বৌদ্ধ ভাস্কৰ্য্য
থাই বৌদ্ধ ভাস্কৰ্য্য(:Thai Buddhist sculpture); থাইলেণ্ডত বুদ্ধৰ প্ৰতিমূৰ্তি সাধাৰণতে বুদ্ধৰ ত্ৰিমাত্ৰিক শিল, কাঠ, মাটি বা ধাতুৰ ঢালাই প্ৰতিমূৰ্তিক বুজায়। সাধাৰণতে বৌদ্ধ ধৰ্ম প্ৰচলন থকা সকলো অঞ্চলতে এনে প্ৰতিমূৰ্তি আছে।
-
থানমানা পূজা
থানমানা পূজা ( Thanmana Puja) ত্ৰিপুৰাৰ অধিবাসী চাকমাসকলৰ পৰম্পৰাগত পূজা৷ বাংলদেশৰ পাৰ্বত্য অঞ্চলৰ চাকমাসকলেও এই পূজা কৰে৷ ই পূজা নদীৰ তীৰত কৰা হয়৷ থানমানা পূজাক গাং পূজা বা গঙ্গা পূজাও বোলে৷ থানমানা শব্দৰ অৰ্থ “থান’’ মানে ঠাই আৰু “মানা’’ মানে মান বা সন্মান দিয়া; অৰ্থাৎ ঠাইক পূজা কৰা৷থানমানা…
-
থাপ্পড় (চলচ্চিত্ৰ)
থাপ্পড় (Thappad) হৈছে ২০২০ চনৰ ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবি অনুভ সিনহাৰ পৰিচালনা আৰু সহ-লেখক তাপসী পান্নু অভিনীত। ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰা এই ছবিখনে সমালোচক আৰু দৰ্শক উভয়ৰে ইতিবাচক সমালোচনা লাভ কৰে।
-
থায়ী চাহেবা
থায়ী চাহেবা (Thaayi Saheba) ১৯৯৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই ছবিখন ৰংগনাথ শ্যামৰাও লোকপুৰা ৰচিত একে নামৰ কানাড়া উপন্যাসৰ অভিযোজন আছিল। ছবিখনে চাৰিটা শিতানত ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
থিড়াম্বু নৃত্যম
থিড়াম্বু নৃত্যম বা থিড়াম্বু নৃত্য হৈছে ভাৰতৰ উত্তৰ মালাবাৰ অঞ্চলৰ মন্দিৰসমূহত পৰিবেশন কৰা হিন্দু পৰম্পৰাগত লোক-নৃত্য। ইয়াক প্ৰধানকৈ নামবুদিৰী সম্প্ৰদায়ে আৰু শিৱল্লী, কৰ্হাদে আৰু হাব্যক আদি কিছু ব্ৰাহ্মণ, থিয়য়াৰ সম্প্ৰদায়ে পৰিৱেশন কৰে।
-
থিৰুভাথিৰা
থিৰুভাথিৰা (ইংৰাজী: Thiruvathira; বা থিৰুভাথিৰাই বা আৰুদ্ৰা দৰ্শনম) হৈছে মূলতঃ ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যত পালন কৰা এটা হিন্দু উৎসৱ। তামিল ভাষাত 'থিৰুভাথিৰাই' (আৰুদ্ৰা) শব্দৰ অৰ্থ হৈছে "পৱিত্ৰ মহাতৰংগ", যিয়ে ভগৱান শিৱৰ ব্ৰহ্মাণ্ডীয় নৃত্যক (cosmic dance) প্ৰতিধ্বনিত কৰে।
-
থুদৰম
থুদৰম হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত এক ভাৰতীয় মালয়ালম ভাষাৰ একচন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে তৰুণ মূৰ্তিকিয়ে, আৰু তেওঁ কে আৰ সুনিলৰ সৈতে যুটীয়াভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে। ৰেজা পুত্ৰ ভিজুৱেল মিডিয়াৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে এম ৰঞ্জিতে।
-
থোলপাভাকুথু
থলপাভাকুথু ( মালয়ালম:തോൽപ്പാവക്കൂത്ത്, তামিল:தோல்பாவைக்கூத்து) ভাৰতৰ কেৰেলা আৰু তামিলনাডুত প্ৰচলিত এক প্ৰকাৰৰ ছাঁয়া পুতলা নাটক। চামৰাৰ সহায়ত নিৰ্মিত পুতলা ব্যৱহাৰ কৰি মন্দিৰত বা গাঁৱে-ভূঞে বিশেষভাৱে নিৰ্মিত থিয়েটাৰ মঞ্চত এই নাট পৰিবেশন কৰা হয়।
-
থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী
থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী (Thrissur Pooram Exhibition) হৈছে সৰ্বভাৰতীয় কৃষি, উদ্যোগ, শিক্ষা আৰু সাংস্কৃতিক প্ৰদৰ্শনী, কেৰালাৰ থ্ৰিচূৰত অৱস্থিত পাৰামেক্কাভু ভাগৱতী মন্দিৰ দেৱস্বম আৰু তিৰুৱাম্বাদি শ্ৰীকৃষ্ণ মন্দিৰ দেৱস্বমে যৌথভাৱে আয়োজন কৰা এখন বৃহৎ প্ৰদৰ্শনী।
-
থৰ: লাভ এণ্ড থাণ্ডাৰ
থৰ: লাভ এণ্ড থাণ্ডাৰ (ইংৰাজী: Thor: Love and Thunder) হৈছে মাৰ্ভেল ষ্টুডিঅ'ৰ দ্বাৰা প্ৰযোজিত আৰু ৱাল্ট ডিজনী ষ্টুডিঅ'জ মোচন পিকচাৰ্ছে বিতৰণ কৰা মাৰ্ভেল কমিক্সৰ ওপৰত আধাৰিত ২০২২ চনত মুক্তি প্ৰাপ্ত এখন আমেৰিকান ছুপাৰহিৰো ছবি।
-
দক্ষিণ ৰায়
দক্ষিণ ৰায় হৈছে বাংলাদেশ আৰু ভাৰতৰ সুন্দৰবন অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পূজিত এগৰাকী লোকদেৱতা। তেওঁক পশু আৰু দানৱৰ নিয়ন্ত্ৰক বা বাঘৰ ৰাজা বুলি গণ্য কৰা হয়। সুন্দৰবনৰ অধিবাসীসকলে দক্ষিণ ৰায়ক সুন্দৰবনৰ ভাটি অঞ্চলৰ অধিপতি হিচাপে পূজা কৰে।
-
দমন (২০০১ চলচ্চিত্ৰ)
দমন: বৈবাহিক হিংসাৰ বলি'(Daman: A Victim of Marital Violence) ২০০১ চনত কল্পনা লাজমীৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবিখনে ২০০১চনৰ ৪ মে'ত মুক্তি লাভ কৰে। ছবিখনত এগৰাকী প্ৰহাৰ কৰা পত্নীৰ কাহিনী অনুসৰণ কৰা হৈছে।
-
দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ
দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ ( DaliJunj Aru Hengerbhonga Utsav) কামৰূপ জিলাৰ ছয়গাঁৱৰ চণ্ডিকা দেৱালয়ত দূৰ্গাপূজাৰ সময়ত পালিত এক লোক-উৎসৱ৷ নৱমী পূজাৰ দিনা এই পৰম্পৰা পালিত হয়৷ জনবিশ্বাসমতে পূজাৰ কেইদিন বাহিৰৰ পূজামণ্ডপসমূহত পূজা খাই মন্দিৰলৈ উভতি আহোঁতে, আন কিছুমানৰ মতে মহাদেৱক নোসোধাকৈ মাতৃগৃহলৈ…
-
দহি-হাণ্ডী
দহি হাণ্ডী ( Dahi Handi ) কৃষ্ণ জন্মাষ্টমীৰ সৈতে জড়িত এক মনোৰঞ্জন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠান। ই কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা আগষ্ট বা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হয়। ইয়াৰ লগত জড়িত সম্প্ৰদায়সমূহে দৈ (দহি), মাখন বা আন গাখীৰ ভিত্তিক খাদ্যৰে ভৰা মাটিৰ পাত্ৰ এটা সুবিধাজনক বা ওখ উচ্চতাত ওলোমাই থোৱা থয়।
-
দাসকাঠিয়া
দাসকাঠিয়া উৰিষ্যাৰ এক ঐতিহ্যবাহী লোকশিল্প। ই এক পৰিৱেশ্য শিল্পকলা, যিটো উৰিষ্যা ৰাজ্যৰ স্থানীয় বা ভ্ৰাম্যমাণ শিল্পী সকলৰ দ্বাৰা ব্যাপকভাৱে প্ৰদৰ্শিত হয়। সঙ্গীত তথা নৃত্য সহ গল্প কঠনৰ এই কলাই গ্ৰামাঞ্চলত জনপ্ৰিয়তা লাভ কৰিছে। উৰিষ্যাৰ সংস্কৃতিত এয়া বিনোদনৰ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম আছিল।
-
দাসী (১৯৮৮ চনৰ চলচ্চিত্ৰ)
দাসী হৈছে বি নাৰ্চিং ৰাৱে লিখা আৰু পৰিচালনা কৰা ১৯৮৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ নাট্য চলচ্চিত্ৰ আৰু এইখন চলচ্চিত্ৰত অৰ্চনাই দাসী কমলাক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
দাৰখুৱাং
দাৰখুৱাং, যাক জামলুৱাং বুলিও কোৱা হয়, ভাৰতৰ উত্তৰ-পূব অংশৰ মিজোৰাম ৰাজ্যত নৃত্য আৰু উৎসৱৰ উদযাপনৰ সাংস্কৃতিক কাৰ্যকলাপৰ অংশ হিচাপে সংগীতত ব্যৱহাৰ কৰা এটা বৃহৎ পিতলৰ ঢোল। ই এটা মহামূল্যবান ঢোল।
-
দি আদাৰ চং
দি আদাৰ চং (The Other Song) হ'ল সাবা দেৱান দ্বাৰা পৰিচালিত ২০০৯ চনৰ এখন তথ্যচিত্ৰ যাৰ কাহিনীভাগ ভাৰতৰ বাৰাণসী, লক্ষ্ণৌ আৰু মুজাফৰপুৰত ভ্ৰমণ কৰে। বিশেষকৈ ৰছুলন বাইৰ এটা গীত, লগাট কাৰেজৱা মা চোট, ফুল গেণ্ডৱা না মাৰ আৰু ইয়াৰ কম পৰিচিত, পূৰ্বৰ সংস্কৰণ লগাট জবনৱা মা চোট, ফুল গেণ্ডৱা না মাৰ ১৯৩৫ চনত…
-
দি ফৰগটেন ৱমেন
দি ফৰগটেন ৱমেন (The Forgotten Woman) হৈছে ২০০৮ চনত দিলীপ মেহতাৰ দ্বাৰা পৰিচালিত আৰু দীপা মেহতাৰ দ্বাৰা লিখিত এখন কানাডিয়ান তথ্যচিত্ৰ। ছবিখনত ভাৰতৰ বিধৱাৰ বিষয়ে আলোকপাত কৰা হৈছে আৰু দীপা মেহতাৰ ২০৫ চনৰ একাডেমী বঁটা মনোনীত একে বিষয়ৰ চলচ্চিত্ৰ ৱাটাৰৰ দ্বাৰা অনুপ্ৰাণিত।
-
দিল্লী ফটোগ্ৰাফী মহোৎসৱ
দিল্লী ফটো ফেষ্টিভেল (Delhi Photo Festival) হৈছে দিল্লীত নজৰ ফাউণ্ডেচনে আয়োজন কৰা দুবছৰীয়া ফটোগ্ৰাফী মহোৎসৱ। ডিপিএফৰ তৃতীয় সংস্কৰণ ২০১৫ চনৰ ৩০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল। এই মহোৎসৱ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (IGNCA)ত অনুষ্ঠিত হৈছিল।
-
দৃশ্যম ২
দৃশ্যম ২: দ্য ৰিজাম্পচন হৈছে ২০২১ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ অপৰাধমূলক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াক জীতু জোচেফ ৰচনা আৰু পৰিচালনা কৰিছে। আশীৰ্বাদ চিনেমাছৰ বেনাৰত এণ্টনি পেৰুম্বাভুৰ ইয়াক প্ৰযোজনা কৰিছে।
-
দৃষ্টি বোম্মাই
দৃষ্টি বোম্মাই (তামিল), দৃষ্টি গোম্বে (কানাড়া) বা দৃষ্টি বোম্মা (তেলেগু) হৈছে পুতলা হিচাপে প্ৰতিনিধিত্ব কৰা তাবিজ, যিটো মূলতঃ দক্ষিণ ভাৰতত পোৱা যায়। এপ'ট্ৰ'পিক গুণ থকা বুলি বিশ্বাস কৰা এই পুতলাবোৰক নিৰ্মাণ স্থান, ঘৰ, আৱাসিক অট্টালিকা আৰু ট্ৰাকত বিশিষ্টভাৱে স্থাপন কৰা নাইবা ওলোমাই থোৱা হয়, বেয়াক…
-
দেউচি/ভৈলো
ভৈলো আৰু দেউচি হৈছে পৰম্পৰাগত নেপালী লোকগীত, যাক সামূহিকভাৱে দেউচি/ভৈলো নামেৰে জনা যায়। এই লোকগীতসমূহ তিহাৰ উৎসৱৰ সময়ত গোৱা হয়। নেপালৰ লগতে ভাৰতৰ দাৰ্জিলিং পাহাৰ, ছিক্কিম, অসম আৰু আন কিছুমান অঞ্চলতো প্ৰবাসী গোৰ্খালীসকলৰ মাজত ইয়াৰ প্ৰচলন দেখা যায়।
-
দেউদা নৃত্য
দেউডা নৃত্য বা দেউডা খেল নেপালৰ খাছ সম্প্ৰদায়ৰপৰা অহা আৰু নেপালৰ সুদূৰপশ্চিম আৰু কৰ্ণালী প্ৰদেশৰ লগতে ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ কুমাউন সংমণ্ডলত পৰিৱেশন কৰা গীত আৰু নৃত্যৰ এটা নেপালী ধাৰা। ইয়াত ইজনে সিজনৰ হাতত ধৰি বৃত্তাকাৰে দেউডা গীত গাই নৃত্য পৰিৱেশন কৰা হয়।