ভৈলো আৰু দেউচি হৈছে পৰম্পৰাগত নেপালী লোকগীত, যাক সামূহিকভাৱে দেউচি/ভৈলো নামেৰে জনা যায়। এই লোকগীতসমূহ তিহাৰ উৎসৱৰ সময়ত গোৱা হয়। নেপালৰ লগতে ভাৰতৰ দাৰ্জিলিং পাহাৰ, ছিক্কিম, অসম আৰু আন কিছুমান অঞ্চলতো প্ৰবাসী গোৰ্খালীসকলৰ মাজত ইয়াৰ প্ৰচলন দেখা যায়।১ শিশুৰ লগতে প্ৰাপ্তবয়স্কসকলেও নিজৰ সমাজৰ বিভিন্ন ঘৰলৈ গৈ গীত গাই আৰু নৃত্য কৰি দেউচি/ভৈলো পৰিবেশন কৰে। টকা-পইচা, মিঠাই আৰু খাদ্যবস্তু সংগ্ৰহ কৰি তেওঁলোকে গৃহস্থৰ সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়ে।২
সাধাৰণতে লক্ষ্মী পূজাৰ নিশা ছোৱালী আৰু মহিলাসকলে ভৈলো পৰিৱেশন কৰে আনহাতে পিছৰ নিশা ল’ৰা আৰু পুৰুষসকলে দেউচি পৰিৱেশন কৰে। যদিও শেহতীয়া বছৰবোৰত, দেউচি/ভৈলোৰ মিশ্ৰিত গোটে দুয়োটা নিশা বা দুয়োটা নিশাৰ যিকোনো এটাতে ইয়াক সামূহিকভাৱে পৰিৱেশন কৰা দেখা গৈছে। ভৈলো পৰিবেশন কৰা ছোৱালীকেইজনীক ভৈলিনী আৰু দেউচি পৰিবেশন কৰা ল’ৰাবোৰক দেউচে বুলি কোৱা হয়। এই গীতবোৰৰ শেষত গৃহস্থই খাদ্য পৰিবেশন কৰি দেউচি/ভৈলো কণ্ঠশিল্পী আৰু নৃত্যশিল্পীসকলক টকা-পইচা দিয়ে। ইয়াৰ বিনিময়ত দেউচি/ভৈলোৰ দলে গৃহস্থক সৌভাগ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে।৩৪৫
উৎপত্তিৰ কাহিনী
দেউচি/ভৈলো পৰিৱেশন প্ৰথাৰ উৎপত্তিৰ বিষয়ে তিনিটা মূল কাহিনী আছে। ঠাই আৰু জনগোষ্ঠী ভেদে কাহিনীবোৰ বেলেগ বেলেগ। কাহিনী তিনিটা এনেধৰণৰ:
বামন আৰু বলি

হিন্দু পৌৰাণিক কাহিনী অনুসৰি, প্ৰহ্লাদৰ নাতি আৰু বিৰোচনৰ পুত্ৰ তথা হিৰণ্যকশিপুৰ প্ৰপৌত্ৰ ৰজা মহাবলী আছিল পাতালৰ অতি উদাৰ আৰু বুদ্ধিমান দৈত্য ৰজা।৬ তেওঁ এবাৰ দেৱতা আৰু তেওঁলোকৰ ৰজা ইন্দ্ৰক পৰাস্ত কৰি দেৱলোক (স্বৰ্গ)ৰ সিংহাসন দখল কৰিছিল। তাৰ পিছত দেৱতাসকলে সহায় বিচাৰি বিষ্ণুৰ ওচৰলৈ গ’ল। বিজয় লাভৰ পিছত ৰজা বলিয়ে অশ্বমেধ যজ্ঞ কৰাৰ সিদ্ধান্ত লয়। এই অনুষ্ঠান চলি থকাৰ সময়তে ভগৱান বিষ্ণুৱে বামন অৱতাৰ লৈ দৈত্যৰাজ বলিৰ আগত উপস্থিত হয়। এই যজ্ঞৰ সময়ত পুৰোহিত বা ঋষিসকলক দান দিয়াৰ প্ৰথা আছিল। গতিকে, ৰজাই বামনক তেওঁৰ ইচ্ছা ব্যক্ত কৰিবলৈ ক’লে। বামনে তিনিপদ ভূমি বিচাৰিলে। ৰজা বলিয়ে বামনক তিনিপদ ভূমি দান কৰিবলৈ সন্মত হয়।
বামনে প্ৰথম খোজ দিলে আৰু তেওঁ আকাৰত প্ৰসাৰিত হ’বলৈ ধৰিলে। তেওঁ ইমানেই ডাঙৰ হৈ পৰিল যে তেওঁৰ এখন ভৰিয়ে গোটেই পৃথিৱীখনকে আবৰি ধৰিলে। দ্বিতীয় খোজত তেওঁ দেৱলোক (স্বৰ্গ) আৱৰি ধৰিলে। এতিয়া বামনৰ তৃতীয় খোজ দিবলৈ ঠাই নাছিল। গতিকে, তৃতীয় খোজটো দিবলৈ ৰজাই বামনক নিজৰ মূৰটো আগবঢ়াই দিলে। বামনে বলিৰ মূৰত ভৰি থৈ দিয়াৰ লগে লগে বলি পুনৰ পাতাল লোকত পৰিলেগৈ। তাৰ পিছত ৰজা বলিয়ে বামনৰ আগত কামনা কৰিলে, যাতে তেওঁ মৃত্যুলোকলৈ আৰোহণ কৰিব পাৰে। ভগৱান বিষ্ণুৱে ৰজা বলিক যমপঞ্চকত পাঁচ দিনৰ বাবে মৃত্যুলোকত আৰোহণ কৰিবলৈ অনুমতি দিছিল।
ইয়াৰ পিছতে ৰাইজে মহাবলীৰ মহানুভৱতাৰ প্ৰতি সন্মান জনাই দেউচি পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। দেউচিৰে শব্দটোৰ উৎপত্তি নেপালী ভাষাৰ শব্দ দেউ মানে দান কৰা আৰু চিৰে মানে মূৰৰ পৰা হোৱা বুলি কোৱা হয়। ভৈলোতো গীতটোৰ এটা শ্লোকে ৰজা বলিক বুজায়।৭৮
জুমলাৰ বলিৰাজা

আন এটা কাহিনী অনুসৰি এসময়ত এগৰাকী গৰ্ভৱতী মহিলা বাস কৰিছিল আৰু তেওঁ বৰ্তমানৰ নেপালৰ জুমলা জিলাৰ কল্লৈ নামৰ ঠাই এখনত উপস্থিত হৈছিল। সাংস্কৃতিক বিশেষজ্ঞ জগমন গুৰুঙৰ মতে, মহিলাগৰাকী হয়তো কোনো অনাচাৰ বা অন্যান্য নিষিদ্ধ কামত জড়িত আছিল আৰু সেয়েহে ঘৰৰ পৰা পলায়ন কৰি কল্লৈত উপস্থিত হৈছিল। পিছত মহিলাগৰাকীয়ে বলি নামেৰে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে। জুমলাত ইতিমধ্যে খাছ ৰাজ্যৰ পতন ঘটিছিল আৰু তাত কোনো শাসক নাছিল। এদিন চন্দন্নাথ নামৰ এজন ঋষি সেই ঠাইত উপস্থিত হৈ বলিক শাসক হিচাপে যোগ্য বুলি ভাবি তেওঁক জুমলাৰ ৰজা হিচাপে ঘোষণা কৰিছিল। বলিৰ বংশই পিছলৈ কল্লাল বংশলৈ পৰিণত হয়। তেওঁৰ শাসন কালত দাস প্ৰথাৰ প্ৰচলন আছিল। সমাজৰ দুখীয়া শ্ৰেণীৰ মানুহে নিজৰ সন্তানক মন্দিৰত বলি দিছিল। কিন্তু পিছলৈ এই প্ৰথা সলনি হ’ল আৰু মানুহে নিজৰ সন্তানক দেৱদাস (আক্ষৰিক অৰ্থত ভগৱানৰ পুৰুষ দাস) আৰু দেৱদাসী (দেৱতাৰ মহিলা দাস) হিচাপে মন্দিৰত উচ্ছৰ্গা কৰি দিবলৈ ধৰিলে। প্ৰতি বছৰে এবাৰ ৰজাই দেৱদাস আৰু দেৱদাসীসকলক গাঁওখন ভ্ৰমণ কৰি তেওঁৰ পৰা উপহাৰ গ্ৰহণ কৰিবলৈ অনুমতি দিছিল। গতিকে, দেৱদাসীয়ে ‘ভৈলো’ (নেপালী শব্দ ভালোৰ পৰা, যাৰ অৰ্থ কল্যাণ) গাবলৈ ধৰিলে আৰু দেৱদাসীয়ে ‘দেৱদাস ৰে’ গাবলৈ ধৰিলে। এই প্ৰথাই পিছলৈ দেউচি/ভৈলো পৰম্পৰাত পৰিণত হয়।৯১০
কিংবদন্তিটোৰ আন এটা সংস্কৰণে এই পৰম্পৰাৰ উৎপত্তিৰ কাৰণ ১৪ শতিকাৰ সময়ছোৱাত জুমলাৰ বলিৰাজা আৰু তৈমুৰৰ মাজত হোৱা যুদ্ধ বুলি কয়। যুদ্ধত বলিৰাজা পৰাজিত হোৱাৰ পিছত, ৰজাই জনসাধাৰণৰ পৰা কৰ সংগ্ৰহৰ বাবে এই গীত আৰু নৃত্য পৰিবেশন কৰিবলৈ লয় বুলি কোৱা হয়।১১
পাল্পাৰ বলিহাং
আন এক কিংবদন্তি অনুসৰি এই পৰম্পৰাৰ উৎপত্তি মগৰ জাতিৰ পৰাই হোৱা বুলি কোৱা হয়। মগৰ সম্প্ৰদায়ৰ মাজত ভৈলোক গৰ্ৰা ভৈলো নামেৰে জনা যায়। এবাৰ পাল্পাৰ ৰজা, বলিহাঙে কাল (মৃত্যু)ৰ ভাবুকি পাইছিল। গতিকে কালক এৰাই চলিবলৈ তেওঁ নিজৰ প্ৰজাসকলক ঘৰ সজাই পোহৰাই ৰাখিবলৈ আৰু ‘ফাইলো’ (শাব্দিক অৰ্থত তেওঁ ৰক্ষা পৰিল) গীত গাবলৈ নিৰ্দেশ দিয়ে। ৰজাৰ প্ৰতি থকা প্ৰজাৰ ভক্তিভাৱলৈ লক্ষ্য কৰি কালে ৰজাক লগত নিনিয়াকৈয়ে উভতি যায়। সেয়েহে, প্ৰতি বছৰে এই পৰম্পৰা চলি থকা বুলি কোৱা হয়।১১
পৰিৱেশন
দেউচি/ভৈলো অনুষ্ঠানত পুৰুষ বা মহিলাৰ এটা দলে সাংস্কৃতিক মনোৰঞ্জন প্ৰদান কৰে। তেওঁলোকে দেউচি/ভৈলো গীত আৰু অন্যান্য গীত গাই নিজৰ স্থানীয় অঞ্চলত ঘূৰি ফুৰে। দলটোত সাধাৰণতে এজন মুখ্য কণ্ঠশিল্পী আৰু এদল সমবেত সংগীতশিল্পী থাকে। কেতিয়াবা অতিৰিক্ত অংশগ্ৰহণকাৰী যেনে সংগীতজ্ঞ আৰু নৃত্যশিল্পীও থাকে। দলটোৱে যোৱা ঘৰটোৰ গৃহস্থজনক দলটোৰ মুখ্য কণ্ঠশিল্পীজনে আশীৰ্বাদ দিয়ে। পৰম্পৰাগতভাৱে এই অনুষ্ঠানটো লাইভ হয় আৰু ইয়াত বৈদ্যুতিন বাদ্যযন্ত্ৰৰ ব্যৱহাৰ খুব কমেইহে কৰা হয়। এটা ঘৰত প্ৰায় ১০ মিনিটৰ পৰা আধা ঘণ্টালৈকে এই সমগ্ৰ কাৰ্যসূচী চলিব পাৰে। তাৰ পিছত দলটোৱে অন্য এটা স্থানলৈ গৈ অনুষ্ঠান পৰিৱেশন কৰে।
এই অনুষ্ঠানটি তিহাৰৰ তৃতীয় আৰু চতুৰ্থ দিনা অনুষ্ঠিত কৰা হয়। তৃতীয় দিনা (লক্ষ্মী পূজা) ভৈলো আৰু চতুৰ্থ দিনা (গোৱৰ্ধন পূজা) দেউচি পৰিবেশন কৰা হয়।১২১৩
গীতৰ কথা
দেউচি/ভৈলোৰ সময়ত শিশুৰ লগতে প্ৰাপ্তবয়স্কসকলেও নিজৰ ওচৰ-চুবুৰীয়া আৰু গাঁৱৰ ঘৰবোৰলৈ যায়। দেউচি/ভৈলোৰ সময়ত গোৱা গীতবোৰৰ বেছিভাগেই গৃহস্থৰ বাবে আশীৰ্বাদস্বৰূপ। কণ্ঠশিল্পীসকলে ঘৰখনলৈ গৈ পোৱাৰ বাবে সহ্য কৰা কষ্টৰ কথা গীতৰ ভংগীৰে গায় আৰু গৃহস্থক আশীৰ্বাদ দিয়ে।১৪ গীতৰ কথাবোৰত গৃহস্থৰ হাস্যৰসময়ী বৰ্ণনাৰো উল্লেখ থাকিব পাৰে।
দেউচি পৰিবেশনত দলৰ এজন নেতাই মূল শাৰীটো গায় আনহাতে আন সদস্যসকলে প্ৰতিটো শাৰীৰ পিছত "দেউছি ৰে" বুলি আওৰায়। ভৈলো পৰিবেশনত গোটেই দলটোৱে একে সুৰত গান গায়।
এফাঁকি ভৈলো পদ তলত উল্লেখ কৰা হৈছে:১৫
"हरियो गोबरले लिपेको, लक्ष्मी पूजा गरेको हे! औंसीको बारो, गाई तिहारो भैलो हामी त्यसै आएनौँ, बलि राजाले पठा'को हे! औंसीको बारो, गाई तिहारो भैलो " (দেৱনাগৰী লিপিত)
তথ্যসূত্ৰ
- ↑ History of Deusey and Bhailo on Laxmi Puja | Sikkim News – World Wide Press Release
- ↑ Deusi ransom - Nepali Times
- ↑ Tihar Festival of Nepal (Also known as Dipawali): From Travel Corner: Nepal Vista
- ↑ Tihar - Festival · Details · History and Origin · Explanations · Wishes & Greetings
- ↑ (22 October 2012). Tihar Deusi Bhailo
- ↑ बलीराजाले कसलाई पठाएका थिए देउसी खेल्न?. Online Khabar
- ↑ Rai, Bhakta. को हुन् बलिराजा?. nagariknews.nagariknetwork.com
- ↑ किन खेलिन्छ देउसी भैलो?. The Nepal Top
- ↑ (2020-11-14). Who started Deusi-Bhailo? Why, when and where? Here are probable answers - OnlineKhabar English News
- ↑ diwakar. (2022-10-25). 2 stories on who started Deusi-Bhailo? Why, when and where?
- ↑ देउसी भैलोमा बलिराजको प्रसङ्ग. Himal Khabar
- ↑ मौलिकता गुमाउँदै देउसी र भैलो: बज्दैनन् मादल र खैँजडी, नाचिँदैन सोरठी र मारुनी. रेडियो नेपाल
- ↑ देउसी भैलो: हराउँदै मौलिकता. Lokpath
- ↑ यसरी भट्याइन्छ भैली गीत!. Dcnepal
- ↑ हराउन थाले मौलिक देउसी भैलो. Online Khabar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেউচি/ভৈলো” প্ৰবন্ধৰ সংশোধন ৬১৬৫৩৯ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।