ত্ৰিপুৰাৰ লোক-নৃত্য বা ত্ৰিপুৰী নৃত্য বুলিলে উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত প্ৰদৰ্শিত কেইবাবিধো লোক-নৃত্যক বুজোৱা হয়। এই নৃত্যবোৰ ত্ৰিপুৰাৰ বিভিন্ন স্থানীয় বাৰ্ষিক উদযাপন, যেনে বীজ সিঁচা আৰু শস্য চপোৱা উৎসৱৰ সময়ত ত্ৰিপুৰী (বৃহত্তম আঞ্চলিক জনগোষ্ঠী) আৰু মগ (বা মাৰমা) জনগোষ্ঠীৰ লোকসকলে পৰিবেশন কৰে।
নৃত্যশিল্পীসকল
জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত সংখ্যাগৰিষ্ঠ হ’ল ত্ৰিপুৰাৰ পাহাৰত ঝুম খেতি কৰি জীৱন নিৰ্বাহ কৰা ত্ৰিপুৰী সম্প্ৰদায়। তেওঁলোকৰ নৃত্য আৰু উৎসৱ সাধাৰণতে কৃষিক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে।১ অন্যান্য বৃহৎ স্থানীয় জনগোষ্ঠী যেনে মাৰমা, হালাম আৰু ৰিয়াংসকলেও এই নৃত্য উৎসৱসমূহৰ নিজা সংস্কৰণসমূহ পালন কৰে।২
নৃত্যসমূহ
গৰিয়া নৃত্য
ত্ৰিপুৰীসকলে ঝুম খেতি কৰে আৰু বীজ সিঁচাৰ বতৰত গৰিয়া পূজা পালন কৰে। প্ৰচুৰ শস্যৰ উৎপাদনৰ কামনাৰে প্ৰাৰ্থনা আৰু পূজাৰ লগতে গৰিয়া নৃত্যৰ জৰিয়তে এপ্ৰিল মাহত বাবা গৰিয়াক স্মৰণ কৰি উৎসৱ উদ্যাপন কৰে।৩ এপ্ৰিল মাহত শস্যৰ বীজ সিঁচাৰ৪ সময়ত অনুষ্ঠিত কৰা গৰিয়া নৃত্য উৎসৱত ত্ৰিপুৰীসকলৰ উপৰিও অন্যান্য জনগোষ্ঠীৰ লোককো অন্তৰ্ভুক্ত কৰা হয়।৫ এই নৃত্যৰ লগত ঢোল আৰু বাঁহী সংগত কৰা হয়,৬ আৰু ইয়াত পুৰুষ মহিলা উভয়ে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ প্ৰকৃতিৰ বিভিন্ন দিশৰ অনুকৰণত মুদ্ৰা প্ৰদৰ্শনৰ নৃত্য কৰি যাত্ৰা কৰে।৭
হাই-হাক নৃত্য
হাই-হাক নৃত্য হৈছে ত্ৰিপুৰৰ হালাম সম্প্ৰদায়ৰ লোকসকলে পালন কৰা এবিধ লোক-নৃত্য। সাধাৰণতে লক্ষ্মী দেৱীৰ উপাসনা স্থানত বাৰ্ষিক শস্য চপোৱাৰ পিছত লক্ষ্মী দেৱীক অৰ্চনা জনোৱাৰ বাবে এই নৃত্য পৰিৱেশন কৰা হয়।৮
হোজাগিৰি/হজাগিৰি
হোজাগিৰি (হজাগিৰি) হৈছে ৰিয়াং সম্প্ৰদায়ৰ যুৱতীসকলে পৰিবেশন কৰা এক প্ৰকাৰৰ লোক-নৃত্য।৯১০ এই নৃত্যত চাৰিৰ পৰা ছয়গৰাকীমান সদস্যৰ এটা নৃত্য শিল্পীৰ গোটে গীত গাই গাই শৰীৰৰ কেৱল তলৰ অংশটোহে লৰচৰ কৰি মূৰ আৰু হাতত বিভিন্ন বস্তু বা সামগ্ৰীৰ (যেনে মূৰত বটল বা মাটিৰ কলহ; আৰু হাতত লেম্প) ভাৰসাম্য ৰক্ষা কৰি নৃত্য কৰে।১১
ঝুম নৃত্য
ঝুম নৃত্য কেৱল যুৱক যুৱতী সকলেহে পৰিৱেশন কৰে।১২
লেবাং বুমনি নৃত্য
শস্য চপোৱাৰ সময়ত পৰিৱেশন কৰা লেবাং বুমনি নৃত্যত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰে। পুৰুষসকলে টকা১৩ নামৰ বাঁহৰ এবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এটা ছন্দ সৃষ্টি কৰে আৰু মহিলাসকলে সেই ছন্দে ছন্দে ৰঙীন কাপোৰ জোকাৰি লেবাং (অঞ্চলটোত পোৱা এবিধ ৰঙীন পোক) ধৰিবলৈ যত্ন কৰে। টকাৰ ছন্দময় শব্দত লেবাং বোৰ লুকাই থকা ঠাইৰ পৰা ওলায় আহে আৰু তাৰ ফলত মহিলাসকলে ধৰিব পাৰে বুলি ভবা হয়।১৪১৫ এই নৃত্যৰ লগত বাঁহী, খাম্ব, পুং নামেৰে জনাজাত তত্ বাদ্য, আৰু সাৰিন্দা আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। মহিলাসকলে ৰূপৰ শিকলি, আঙঠি আৰু খাৰু পৰিধান কৰে লগতে ব্ৰঞ্জৰ কাণ ফুলি আৰু নাক ফুলি পিন্ধে।১৬
লেবাং
গৰিয়া পূজাৰ পিছতে ত্ৰিপুৰীসকলে বাৰিষাৰ বাবে অপেক্ষা কৰি থকাৰ বাবে কৃষি কাৰ্যত কিছু স্থবিৰতা আহি পৰে। এই সময়ছোৱাত নতুনকৈ সিঁচা বীজৰ সন্ধানত পাহাৰৰ পৰা লেবাং নামৰ এবিধ ৰঙীন পোক নামি আহি শস্যবোৰ নষ্ট কৰে। নৃত্যশিল্পীসকলে কেনেকৈ বাঁহৰ টকাৰ শব্দৰে কেনেকৈ লেবাং পাৰি তাক চিত্ৰিত কৰি দেখুৱাই। ত্ৰিপুৰীসকলৰ মতে ধৰা পৰা লেবাংৰ সংখ্যাই শস্য উৎপাদন কিমান ভাল হ’ব তাৰ ইংগিত বহন কৰে।১১৩
মমিতা নৃত্য
ত্ৰিপুৰী সকলৰ এন্য এক শস্য চপোৱাৰ উৎসৱ মমিতা উৎসৱত মমিতা নৃত্য পৰিবেশন কৰা হয়।১৭
মোছাক সুমনি নৃত্য
মোছাক চুলমানী নৃত্য হৈছে এক ভাৰতীয় পৰম্পৰাগত নৃত্য। ইয়াৰ উৎপত্তি ত্ৰিপুৰাৰ চিকাৰ ৰীতিৰ পৰা হৈছিল। এই নৃত্যৰ জৰিয়তে চিকাৰৰ কৌশলসমূহ প্ৰদৰ্শন কৰা হয়।১৮
ওৱা নাচ
এই নৃত্য ত্ৰিপুৰাৰ মাৰমা সম্প্ৰদায়ৰ এক অন্যতম পৰম্পৰাগত নৃত্য। মগ বুলিও জনাজাত মাৰ্মাসকল বৌদ্ধ ধৰ্মী; আৰু ওৱা-চো-লাব্ৰে হৈছে তেওঁলোকৰ অন্যতম প্ৰধান বৌদ্ধ উৎসৱ। বাংলা পঞ্জিকাৰ অশ্বিন মাহৰ পূৰ্ণিমা তিথিত মগসকলে ওৱা উৎসৱ পালন কৰে। এই উৱসৱত তেওঁলোকে বৌদ্ধ মন্দিৰলৈ গৈ পাৰ্থনা কৰে আৰু নদীত কাগজৰ নাও উটুৱাই।২১৯
সাংগ্ৰাই নৃত্য
সাংগ্ৰাই উৎসৱত মাৰমাসকলে সাংগ্ৰাই নৃত্য পৰিবেশন কৰে। সাংগ্ৰাই হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত ভাৰতীয় নৃত্য। ২০১৮ চনৰ ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজপথত অনুষ্ঠিত ভাৰতৰ গণৰাজ্য দিৱসত ত্ৰিপুৰাৰ মগ জনগোষ্ঠীৰ পৰম্পৰাগত সাংগ্ৰাই নৃত্য প্ৰদৰ্শন কৰা হৈছিল।২
তথ্যসূত্ৰ
- ↑ Folk Dances of Tripura
- ↑ Dey, Kallol. (7 January 2018). Sangrai dance from Tripura to debut at Rajpath on Republic Day. The Indian Express
- ↑ Raatan, T. (2006). History, Religion, Culture of North East India. Isha Books. পৃ. 302. ISBN 9788182051782
- ↑ Tribal Dances of Tripura
- ↑ S.C. Bhatt, Gopal K. Bhargava (eds), Land and People of Indian States and Union Territories: Volume 26: Tripura, p. 180, Kalpaz Publications, 2006
- ↑ Debapriya Deb Barman, Treatise on Traditional Social Institutions of the Tripuri Community, p. 104, Directorate of Research, Department of Welfare for Scheduled Tribes and Scheduled Castes, Government of Tripura, 1984
- ↑ Surajit Debbarma, "Folk music and dances of Tripura: with special reference to Tripura tribe", The Creative Launcher, vol. 2, iss. 3, August 2017
- ↑ Hai-Hak Dance in India. www.india9.com
- ↑ Hojagiri. Tripura.org.in
- ↑ Tripura, the land of fourteen gods and million statues. www.tripura.org.in
- ↑ The folk dance and music of Tripura. Tripura Tribal Areas Autonomous District Council
- ↑ Gupta, Shobhna. (2002). Dances Of India. Har-Anand Publications. পৃ. 85. ISBN 978-81-241-0866-6
- ↑ Tripura - tribal and folk dance forms. Eastern Zonal Cultural Centre
- ↑ Celebration of Life. Access Northeast
- ↑ Tripura Dance
- ↑ Bhatt, S C. (2006). Land & People of Indian States and Union Territories. Kalpaz Publications. পৃ. 181. ISBN 9788178353562
- ↑ Mamita. Tripura.org
- ↑ Mosak Sumani. Indian Culture
- ↑ Tripura. Diligent IAS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিপুৰাৰ লোক-নৃত্য” প্ৰবন্ধৰ সংশোধন ৬০২৩৬১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।