থিৰুভাথিৰা (ইংৰাজী ভাষা: Thiruvathira; বা থিৰুভাথিৰাই বা আৰুদ্ৰা দৰ্শনম) হৈছে মূলতঃ ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যত পালন কৰা এটা হিন্দু উৎসৱ।১২৩ তামিল ভাষাত 'থিৰুভাথিৰাই' (আৰুদ্ৰা) শব্দৰ অৰ্থ হৈছে "পৱিত্ৰ মহাতৰংগ", যিয়ে ভগৱান শিৱৰ ব্ৰহ্মাণ্ডীয় নৃত্যক (cosmic dance) প্ৰতিধ্বনিত কৰে।
তামিলনাডুত এই উৎসৱৰ বিশেষ তাৎপৰ্য আছে চিদাম্বৰমৰ নটৰাজ মন্দিৰত, য'ত বাৰ্ষিক আৰুদ্ৰা দৰ্শনম অতি আড়ম্বৰপূৰ্ণভাৱে উদ্যাপন কৰা হয়।৪৫ এই অনুষ্ঠানত ভগৱান শিৱৰ এক মূৰ্তমান ৰূপ নটৰাজৰ মহাজাগতিক নৃত্যক স্মৰণ কৰা হয়।
কেৰালাত মালয়ালম কেলেণ্ডাৰৰ মকৰম (জানুৱাৰী–ফেব্ৰুৱাৰী) মাহত থিৰুভাথিৰা নক্ষত্ৰৰ অধীনত এই উৎসৱ পালন কৰা হয়। কোল্লাম জিলাৰ কদাক্কলত থকা মথিৰা পীঠিকা দেৱী মন্দিৰত এক উল্লেখযোগ্য উদ্যাপন দেখা যায়। ভক্তসকলে ধৰ্মীয় ৰীতি-নীতি, উপবাস আৰু পৰম্পৰাগত ঘূৰণীয়া নৃত্য 'থিৰুভাথিৰাকালী' প্ৰদৰ্শনৰ জৰিয়তে ভগৱান শিৱক আৰাধনা কৰে।

চিদাম্বৰম (থিল্লাই)ত আৰুদ্ৰা দৰ্শন
ভগৱান নটৰাজৰ সৈতে জড়িত পাঁচখন পৱিত্ৰ 'সভা' বা প্ৰেক্ষাগৃহত থিৰুভাথিৰা – আৰুদ্ৰা দৰ্শন উৎসৱ অতি ধুম-ধামেৰে উদ্যাপন কৰা হয়:
- কনক সভা (সোণালী প্ৰেক্ষাগৃহ) – চিদাম্বৰম (থিল্লই), তামিলনাডু।
- বেল্লি সভা (ৰূপালী প্ৰেক্ষাগৃহ) – মাদুৰাই, তামিলনাডু।
- ৰত্ন সভা (ৰত্নৰ প্ৰেক্ষাগৃহ) – তিৰুভালাংকাডু, তামিলনাডু।
- তাম্ৰ সভা (তাম্ৰ প্ৰেক্ষাগৃহ) – তিৰুনেলভেলী, তামিলনাডু।
- চিত্ৰ সভা (চিত্ৰময় প্ৰেক্ষাগৃহ) – কুট্ৰালাম, তামিলনাডু।
থিল্লই চিদাম্বৰমৰ নটৰাজ মন্দিৰত থিৰুভাথিৰা নক্ষত্ৰৰ সময়ত ১০ দিনীয়া উৎসৱ পালন কৰা হয়। দশমদিনাৰ অতি প্ৰত্যূষতে (প্ৰায় নিশা ৩:০০ বজাত) ৰাজা সভাত নটৰাজ আৰু শিৱকামীসুন্দৰী দেৱীৰ বাবে 'মহা অভিষেক' (পৱিত্ৰ স্নান) সম্পন্ন কৰা হয়। এই আড়ম্বৰপূৰ্ণ ৰীতিটো ৩-৪ ঘণ্টীয়া হয়। ইয়াৰ পিছত দেৱতাদ্বয়ক 'থিৰুভাভৰণম' (পৱিত্ৰ অলংকাৰ) পিন্ধোৱা হয় আৰু 'ৰহস্য পূজা' সম্পন্ন কৰা হয়। দুপৰীয়া 'পঞ্চ মূৰ্তি থিৰুভিথি উলা' (পাঁচগৰাকী দেৱ-দেৱীৰ শোভাযাত্ৰা) অনুষ্ঠিত হয়, যাৰ পিছতে আৰুদ্ৰা দৰ্শনম হয়; য'ত নটৰাজ আৰু শিৱকামীয়ে ভক্তসকলক শিৱৰ ব্ৰহ্মাণ্ডীয় নৃত্যৰ (আনন্দ তাণ্ডৱ) দৰ্শন কৰায় আৰু শেষত পুনৰ কনক সভালৈ প্ৰত্যাৱৰ্তন কৰে।৬
পৌৰাণিক কাহিনী অনুসৰি, শেষনাগ আৰু ঋষি ব্যাঘ্ৰপাদে শিৱৰ মহাজাগতিক নৃত্য দৰ্শনৰ বাবে চিদাম্বৰমৰ নটৰাজ মন্দিৰত গভীৰ তপস্যা কৰিছিল। শিৱই তেওঁলোকৰ ভক্তিত সন্তুষ্ট হৈ তেওঁলোকৰ মনস্কামনা পূৰণ কৰে আৰু 'আনন্দ তাণ্ডৱ' প্ৰদৰ্শন কৰে। লগতে, ভোমোৰাৰ আমনি নোহোৱাকৈ ফুল সংগ্ৰহ কৰিবলৈ ঋষি ব্যাঘ্ৰপাদক বাঘৰ দৰে ঠেং বৰদান দিছিল, যিয়ে ঋষিগৰাকীৰ অদম্য ভক্তি প্ৰকাশ কৰে।৭
উৎপত্তি
আৰুদ্ৰা দৰ্শন (থিৰুভাথিৰা) তামিল ভাষা বৰ্ষৰ মাৰ্গাজী (ডিচেম্বৰ-জানুৱাৰী) মাহৰ পূৰ্ণিমা তিথিত উদ্যাপন কৰা হয়, যিটো বছৰৰ আটাইতকৈ দীঘল ৰাতিৰ সৈতে মিলি পৰে।৮৯১০ শিলালিপিসহ ঐতিহাসিক প্ৰমাণসমূহে সূচায় যে এই উৎসৱ ১৫০০ বছৰতকৈও অধিক সময় ধৰি উদযাপিত হৈ আহিছে। তামিল পৰম্পৰাত শিৱক 'আথিৰায়ান' বুলিও স্তুতি কৰা হয়, যিটো নাম 'থিৰুভাথিৰা'ৰপৰা আহিছে ('থিৰু' অৰ্থাৎ পৱিত্ৰ আৰু 'আথিৰৈ' অৰ্থাৎ স্থিৰতা বা মহানতা)।১১১২
তামিলনাডুত তাৎপৰ্য
তামিলনাডু, বিশেষকৈ কোংগুনাডু অঞ্চলত থিৰুভাথিৰা উৎসৱৰ গভীৰ সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য আছে। বিবাহিত মহিলাসকলে থিৰুভাথিৰা উৎসৱৰ ৯ দিন আগৰ পৰা আৰম্ভ কৰি উৎসৱৰ দিনলৈকে চলি থকা 'থিৰুভেম্বাভাই নোনবু' নামৰ ১০ দিনীয়া এক উপবাস ব্ৰত পালন কৰে।১৩ এই সময়ছোৱাত তেওঁলোকে একেবাৰে প্ৰত্যূষতে আহাৰ গ্ৰহণ কৰে আৰু তাৰ পিছত চন্দ্ৰোদয়লৈকে উপবাসে থাকি চন্দ্ৰ দৰ্শন কৰাৰ পিছতহে ব্ৰত ভাঙে।
খাদ্য পৰম্পৰা
থিৰুভাথিৰা উৎসৱৰ দিনা এক বিশেষ ভোজৰ আয়োজন কৰা হয়, য'ত প্ৰধানকৈ অন্তৰ্ভুক্ত থাকে:
- থিৰুভাথিৰা কালি: চাউল, গুড়, মুগ দাইল, নৰিকল, ইলাচী আৰু ঘিউৰে তৈয়াৰী এবিধ মিঠা খাদ্য।
- থিৰুভাথিৰা এজহু কাৰী কূট্টু: সাতবিধ পাচলিৰে তৈয়াৰী এবিধ আঞ্জা। সাধাৰণতে এই আঞ্জাত ৰঙালাউ, চাল কোমোৰা, কাচকল, পথাৰৰ মাহ (field beans), মিঠা আলু, কচু, আলু (পাচলি) আৰু বেঙেনা ব্যৱহাৰ কৰা হয়।১৪
মন্দিৰৰ উদ্যাপন
তামিলনাডুৰ শিৱ মন্দিৰসমূহৰ মাজেৰে ভগৱান নটৰাজৰ (শিৱৰ নৃত্যৰত ৰূপ) বিশাল শোভাযাত্ৰা উলিওৱাটো এই উৎসৱৰ এক অন্যতম বৈশিষ্ট্য। চিদাম্বৰম নটৰাজ মন্দিৰত নিম্নলিখিত ধৰ্মীয় ৰীতিসমূহ পালন কৰা হয়:
- নৱৰত্নম অভিষেক (Navaratnam Abhishekam): পূৰ্ণিমাৰ পূৰ্বসন্ধিয়া দেৱতাক পবিত্ৰ দ্ৰব্যৰে স্নান কৰোৱা হয়। ইয়াৰ ভিতৰত হীৰা, প্ৰবাল, মুকুতা আৰু মৰকত (পান্না) আদিকে ধৰি ৯ বিধ বহুমূলীয়া ৰত্ন (নৱৰত্ন) ব্যৱহাৰ কৰি কৰা এক বিৰল অভিষেকো অন্তৰ্ভুক্ত।১৫
- ৰথোৎসৱম (Rathotsavam): পূৰ্ণিমাৰ দিনা নটৰাজ আৰু শিৱকামী (পাৰ্বতী) দেৱীৰ মূৰ্তি মন্দিৰৰ ৰথত তুলি শোভাযাত্ৰা কৰোৱা হয়।
- ব্ৰহ্মাণ্ডীয় নৃত্যৰ পুনৰভিনয়: ইয়াত শিৱৰ 'আন্দ তাণ্ডৱ' (ব্ৰহ্মাণ্ডীয় নৃত্য) প্ৰতীকাত্মকভাৱে প্ৰদৰ্শন কৰা হয়, যাৰ ফলত এই পবিত্ৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে।
চিদাম্বৰম মন্দিৰ হৈছে আৰুদ্ৰা দৰ্শন উদ্যাপনৰ প্ৰধান কেন্দ্ৰবিন্দু, যিয়ে সৃষ্টি আৰু ধ্বংসৰ চক্ৰ নিয়ন্ত্ৰণ কৰা ব্ৰহ্মাণ্ডীয় নৰ্তক হিচাপে শিৱৰ ভূমিকাক প্ৰতিষ্ঠা কৰে।
কেৰালাত তাৎপৰ্য


মালয়ালম কেলেণ্ডাৰত ভগৱান শিৱৰ নক্ষত্ৰৰ সৈতে জড়িত থিৰুভাথিৰা উৎসৱৰ কেৰালাত গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব আছে। পৰম্পৰা অনুসৰি, এই বিশেষ দিনটোতে দেৱী পাৰ্বতীয়ে ভগৱান শিৱক নিজৰ অৰ্ধাংগিনী (সহধৰ্মিণী) হিচাপে লাভ কৰিছিল। এই উৎসৱে দাম্পত্য জীৱনৰ সম্প্ৰীতি আৰু ঐক্যক প্ৰতিনিধিত্ব কৰে, যিটো ভগৱান শিৱৰ অৰ্ধনাৰীশ্বৰ (আধা শিৱ, আধা পাৰ্বতী) ৰূপত প্ৰতিফলিত হয়।১৬ আন এক লোকবিশ্বাস অনুসৰি, এই উৎসৱটো প্ৰেমৰ দেৱতা কামদেৱৰ মৃত্যুৰ সৈতে জড়িত বুলি গণ্য কৰা হয়।১৭
ৰীতি-নীতি আৰু উদ্যাপন
কেৰালাত ওনাম আৰু বিষুৰ সমান্তৰালভাৱে থিৰুভাথিৰাও এটা ডাঙৰ উৎসৱ। মূলতঃ মহিলাসকলে পালন কৰা এই উৎসৱৰ প্ৰধান অংগসমূহ হ’ল:
- উপবাস: বিবাহিত মহিলাসকলে স্বামী আৰু পৰিয়ালৰ মংগলৰ বাবে উৎসৱৰ ঠিক আগৰ দিনটোৰ (মকায়িৰম নক্ষত্ৰ) পৰা থিৰুভাথিৰা দিনালৈকে উপবাস পালন কৰে। আনহাতে অবিয়ৈ ছোৱালীসকলে এক আদৰ্শ জীৱনসংগী লাভৰ বাবে এই ব্ৰত ৰাখে। এগৰাকী ন-কইনাৰ বাবে বিবাহৰ পিছৰ প্ৰথম থিৰুভাথিৰা উৎসৱটোক 'পূথিৰুভাথিৰা' বুলি কোৱা হয়।


- খাদ্যৰ নিয়ম: এই উপবাসৰ সময়ত চাউল বা ভাতজাতীয় খাদ্য গ্ৰহণ কৰা নহয়। ইয়াৰ পৰিৱৰ্তে খাদ্য তালিকাত সাধাৰণতে তলৰ উপাদানসমূহ থাকে:
- সিজোৱা ভঙা গম।
- থিৰুভাথিৰা পুঝুক্কু (Thiruvathira puzhukku): ই হৈছে বিভিন্ন আলু বা কন্দজাতীয় পাচলি (কচু, কাঠ আলু, চাইনিজ আলু, মিঠা আলু), দীঘল মাহ (long beans), কেঁচা কাচকল আৰু সতেজভাৱে বটা নৰিকল দি প্ৰস্তুত কৰা এবিধ বিশেষ ব্যঞ্জন।
- কূভা পায়েচম: আৰাৰুট পাউদাৰ, গুড় আৰু নৰিকলৰ গাখীৰেৰে তৈয়াৰী এবিধ মিঠা পায়স।
থিৰুভাথিৰাকালী নৃত্য
মহিলাসকলে দলীয়ভাৱে প্ৰদৰ্শন কৰা পৰম্পৰাগত নৃত্য 'থিৰুভাথিৰাকালী' (Thiruvathirakali) এই উদ্যাপনৰ এক কেন্দ্ৰীয় আকৰ্ষণ। 'থিৰুভাথিৰা পাত্তু' (দেৱী পাৰ্বতীৰ ভক্তি আৰু শিৱৰ মহিমা বৰ্ণনা কৰা লোকগীত) গাই গাই নৃত্যশিল্পীসকলে একোটা 'নীলভিলক্কু' (পৰম্পৰাগত পিতলৰ চাকি)ৰ চাৰিওফালে ঘূৰণীয়া হৈ নৃত্য কৰে। এই নৃত্যত 'লাস্য' অৰ্থাৎ সুকোমল আৰু সুন্দৰ নাৰীসুলভ অংগী-ভংগী প্ৰকাশ পায়।১৮ এক নিৰ্দিষ্ট তালত হাত চাপৰি বজাই আৰু ঘূৰি ঘূৰি কৰা এই নৃত্যই দাম্পত্য সুখ আৰু প্ৰেমৰ অনুভূতিক প্ৰতিফলিত কৰে।
ঐতিহাসিকভাৱে এই নৃত্য উৎসৱৰ সময়ত ঘৰৰ ভিতৰত প্ৰদৰ্শন কৰা হৈছিল (যাৰ বাবে ইয়াক কাইকোত্তিকালী – "ঘৰৰ ভিতৰত হাত চাপৰি বজাই কৰা নৃত্য" বুলিও জনা গৈছিল)। ইয়াত অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত 'মুণ্ডু' (কেৰালাৰ ধুতি) আৰু 'নেৰিয়াথু' (উৰণি বা চাদৰ) পৰিধান কৰে আৰু চুলিত মালি বা বকুল ফুলৰ মালা গঁথে। থিৰুভাথিৰাকালী নৃত্যই আনন্দ, দাম্পত্য সমিলমিল আৰু অবিবাহিত ছোৱালীৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। সেয়েহে ইয়াক প্ৰায়েই কেৰালাৰ 'কাৰভা চৌথ' বুলিও অভিহিত কৰা হয়।১৯
থিৰুভাথিৰাকালীৰ সৈতে জড়িত বিশ্ব অভিলেখ
বিশ্বৰ সৰ্ববৃহৎ থিৰুভাথিৰাকালী নৃত্য প্ৰদৰ্শন কাৰ্যসূচী কিটেক্স গ্ৰুপৰ এক কৰ্পোৰেট সামাজিক দায়িত্ব (CSR) পদক্ষেপ 'টুৱেণ্টি২০ কিঝাক্কাম্বালাম'ৰ দ্বাৰা চাভৰা সাংস্কৃতিক কেন্দ্ৰ আৰু পাৰ্বনেন্দু থিৰুভাথিৰা স্কুলৰ সহযোগত আয়োজন কৰা হৈছিল। ২০১৭ চনৰ ১ মে'ত অনুষ্ঠিত এই অনুষ্ঠানত কেৰালা, ভাৰতৰ আন ২০খন ৰাজ্য আৰু এগৰাকী ৰাছিয়াৰ নাগৰিকসহ মুঠ ৬,৫৮২ গৰাকী মহিলাই (বয়স ১০-৭৫ বছৰ) অংশগ্ৰহণ কৰিছিল। প্ৰখ্যাত থিৰুভাথিৰাকালী প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত অংশগ্ৰহণকাৰীসকলে কিতেক্স গ্ৰুপে যোগান ধৰা পৰম্পৰাগত 'কাছাভু মুণ্ডু' আৰু 'নেৰিয়াথু' পৰিধান কৰি একেলগে ১৬ মিনিট ধৰি এই নৃত্য প্ৰদৰ্শন কৰে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিচাৰক ঋষি নাথে আনুষ্ঠানিকভাৱে এই সফলতাক স্বীকৃতি প্ৰদান কৰে।
পূৰ্বৰ অভিলেখসমূহ
- ২০১৫: ২০১৫ চনৰ ২ ফেব্ৰুৱাৰীত থ্ৰিচূৰৰ ইৰিনজালাকুডাত 'তনিমা' নামৰ সংগঠনটোৰ বেনাৰত জিতা বিনয়ৰ নেতৃত্বত ৫,২১১ গৰাকী মহিলাই অংশগ্ৰহণ কৰি এক বিশ্ব অভিলেখ গঢ়িছিল।২০
- ২০১২: ২০১২ চনৰ ৯ নৱেম্বৰত মুম্বাই পুৰম ফাউণ্ডেচনে মহাৰাষ্ট্ৰৰ ডোম্বিভলীত এক কাৰ্যসূচীৰ আয়োজন কৰিছিল। ইয়াত মালয়ালম ভাষা, মাৰাঠী ভাষা, গুজৰাটী ভাষা, বাঙালী, তামিল ভাষা, তেলুগু ভাষা আৰু কন্নড় ভাষা লোককে ধৰি বিভিন্ন ভাষিক আৰু ধৰ্মীয় পটভূমিৰ ২,৬৩৯ গৰাকী মহিলাই একেলগে নৃত্য প্ৰদৰ্শন কৰিছিল।২১
- ২০১৩: ২০১৩ চনৰ ১৪ ডিচেম্বৰত কোচিত অনুষ্ঠিত এক অনুষ্ঠানত ৩,০০০ তকৈও অধিক অংশগ্ৰহণকাৰীয়ে থিৰুভাথিৰা উৎসৱৰ (১৮ ডিচেম্বৰ ২০১৩) পূৰ্বে পূৰ্বৰ অভিলেখ ভংগ কৰাৰ প্ৰয়াস কৰিছিল।২০২২
তথ্যসূত্ৰ
- ↑ திருவாரூர் கோயிலில் திருவாதிரை திருவிழா – - Dinakaran. dinakaran.com
- ↑ Error -DailyThanthi. dailythanthi.com
- ↑ LLP, Adarsh Mobile Applications. 2018 Arudra Darshan Date and Time for Ujjain, Madhya Pradesh, India. drikpanchang.com
- ↑ சிதம்பரம் நடராஜர் கோவிலில் ஆருத்ரா தரிசன திருவிழா – Captain News. captainnews.net
- ↑ Arudra Darisanam in Chidambaram
- ↑ K, Kandaswamy. Arudra Darisanam Schedule in Chidambaram. Live Trend. K Kandaswamy
- ↑ Arudra Darisanam: Know all about this day dedicated to Lord Shiva
- ↑ Kannikeswaran, Kanniks. Arudra Darisanam. templenet.com
- ↑ J.Sampath. Live Chennai: Arudra Darisanam at Natarajar Temple, Chidambaram – Commenced with Flag Hoisting, Arudra Darisanam at Natarajar Temple, Chidambaram, Flag Hoisting, Chidambaram, Natarajar Temple. livechennai.com
- ↑ ஆடல் அரசனின் ஆருத்ரா தரிசனம் – - Dinakaran. dinakaran.com
- ↑ ஆடி மாதத்து ஆதிரை விழா. Dinamani
- ↑ திருவாதிரைத் திருநாள்
- ↑ மார்கழி நோன்பு - திருவெம்பாவை விரதம் - திருவெம்பாவை, திருப்பாவை, திருபள்ளியெழுச்சி தோத்திரங்கள் இணைப்பு
- ↑ ৩-%E0%AE%95%E0%AE%B3%E0%AE%BF%E0%AE%A4%E0%AE%BF%E0%AE%B0%E0%AF%81%E0%AE%B5%E0%AE%BE%E0%AE%A4%E0%AE%BF%E0%AE%B0 திருவாதிரை களி திருவாதிரை கூட்டு
- ↑ ஆருத்ரா தரிசனம்: சிவ ஆலயங்களில் நடராஜபெருமானுக்கு சிறப்பு அபிஷேகங்கள்! – - Dinakaran. dinakaran.com
- ↑ Tubers are the veggies of choice to celebrate Thiruvathira
- ↑ Panikkar, T. K. Gopal. (1900). Malabar and its folk. G.A. Natesan. পৃ. 103
- ↑ Blend of rhythm and grace
- ↑ Thiruvathira – Kerala's own version of Karva Chauth
- ↑ (2015-02-03). Mega dance enters Guinness records. The Hindu
- ↑ A new 'thiruvathira' world record in the offing
- ↑ Thiruvathira Dancers Set World Record
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থিৰুভাথিৰা” প্ৰবন্ধৰ সংশোধন ৬২৬৫৩৮ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।