থৰ: লাভ এণ্ড থাণ্ডাৰ (ইংৰাজী: Thor: Love and Thunder) হৈছে মাৰ্ভেল ষ্টুডিঅ'ৰ দ্বাৰা প্ৰযোজিত আৰু ৱাল্ট ডিজনী ষ্টুডিঅ'জ মোচন পিকচাৰ্ছে বিতৰণ কৰা মাৰ্ভেল কমিক্সৰ ওপৰত আধাৰিত ২০২২ চনত মুক্তি প্ৰাপ্ত এখন আমেৰিকান ছুপাৰহিৰো ছবি। ই “থৰ: ৰাংনাৰক (২০১৭)”ৰ ছিকুৱেল আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ (এম.চি.ইউ.)ৰ ২৯ সংখ্যক ছবি। ছবিখনৰ চিত্ৰনাট্যকাৰ হৈছে জেনিফাৰ কেটিন ৰবিনছনৰ আৰু টাইকা ৱাইটিটি। টাইকা ৱাইটিটিয়ে পৰিচালনা কৰা এই ছবিখনত ক্ৰিষ্টিয়ান বেল, টেছা থম্পছন, জেইমি আলেকজেণ্ডাৰ, ৱেইটিটি, ৰাছেল ক্ৰ’, আৰু নাটালি প’ৰ্টমেনৰ সৈতে থৰৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰিছ হেমছৱৰ্থে। ছবিখনত থৰে অভ্যন্তৰীণ শান্তিৰ সন্ধান কৰে, কিন্তু ভেলকাইৰী (থম্পছন), কৰ্গ (ৱাইটিটি), আৰু জেন ফষ্টাৰ (পৰ্টমেন)— ছবিখনত মাইটি থৰ—ৰ সহযোগত সকলো দেৱতাক নিৰ্মূল কৰাৰ পৰা “গ’ৰ দ্য গড বুচাৰ” (বেল)ক পৰাস্ত কৰিবলৈ কৰ্মক্ষেত্ৰলৈ প্ৰত্যাগমন কৰিবলগীয়া হয়।
হেমছৱৰ্থ আৰু ৱাইটিটিয়ে ২০১৮ চনৰ জানুৱাৰী মাহৰ ভিতৰত ৰেংনাৰকৰ ছিকুৱেলৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল। ২০১৯ চনৰ জুলাই মাহত লাভ এণ্ড থাণ্ডাৰৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা হৈছিল। ১৯৮০ চনৰ পৰা অনুপ্ৰাণিত দুঃসাহসিক অভিযান কাহিনী আৰু এখন ৰোমান্তিক ছবি হিচাপে পৰিচালকে লাভ এণ্ড থাণ্ডাৰক ৰাংনাৰকতকৈ কিছু পৃথক শৈলীত নিৰ্মাণ কৰিব বিচাৰিছিল। তেওঁ জেছন এৰনৰ কমিক চৰিত্ৰ মাইটি থৰৰ উপাদানসমূহ ছবিখনত সংযোজিত কৰিছিল, য'ত কৰ্কট ৰোগত আক্ৰান্ত ফষ্টাৰে থৰৰ পোছাক আৰু শক্তি আহৰণ কৰা দেখা গৈছিল। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ৰবিনছনে চিত্ৰনাট্যত অৰিহণা যোগাবলৈ যোগদান কৰে, আৰু সেই বছৰৰ শেষৰ ফালে “গাৰ্ডিয়ানছ অৱ দ্য গেলাক্সি”ৰ উপস্থিতিকে ধৰি অধিক কাষ্টিং প্ৰকাশ পায়। ২০২০ চনৰ শেষৰ ফালে ছবিখন আৰম্ভ কৰাৰ আশা কৰা হৈছিল যদিও ক’ভিড-১৯ মহামাৰীৰ বাবে পলম হৈছিল। অৱশেষত ২০২১ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ ছিডনীত চিত্ৰগ্ৰহণ আৰম্ভ হয় আৰু জুন মাহৰ আৰম্ভণিত নিৰ্মাণ কাৰ্য সমাপ্ত কৰা হয়।
এম.চি.ইউ.ৰ চতুৰ্থ পৰ্যায়ৰ অংশ হিচাপে ২০২২ চনৰ ২৩ জুনত হলিউডৰ এল কেপিটান থিয়েটাৰত থৰ: লাভ এণ্ড থাণ্ডাৰৰ প্ৰিমিয়াৰ আৰু ৮ জুলাইত আমেৰিকাত মুক্তি পাইছিল। ছবিখনে ইয়াৰ লঘু স্বভাৱ আৰু অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ৰ বাবে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰাৰ বিপৰীতে চিত্ৰনাট্য আৰু সুৰ অসামঞ্জস্যৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে। থৰ: লাভ এণ্ড থাণ্ডাৰে বিশ্বজুৰি ৩১৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে আৰু ২০২২ চনৰ দশম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থৰ: লাভ এণ্ড থাণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৩২৭৫৮৭ (১৩ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।