কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দেৱকুথু
দেৱকুথু ( Devakoothu) ভাৰতৰ কেৰালাত পৰিবেশন কৰা এক আচাৰ-ব্যৱহাৰৰ নৃত্য। ই হৈছে এগৰাকী মহিলাই কৰা একমাত্ৰ থেয়্যাম। এই থেয়্যাম কান্নুৰ জিলাৰ চেৰুকুন্নুৰ ওচৰৰ টেকুম্পদ কুলোম থায়াকাভ মন্দিৰত কৰা হয়।
-
দেৱী (২০২০ চনৰ চলচ্চিত্ৰ)
দেৱী ভাৰতীয় হিন্দী ভাষাৰ উদ্বেগজনক নাটকীয় চুটি চলচ্চিত্ৰ, যাক প্ৰথমবাৰ পৰিচালনা কৰে প্ৰিয়ংকা বেনাৰ্জীয়ে। এই চলচ্চিত্ৰখন নীৰঞ্জন আইয়েংগাৰ আৰু ৰায়ান আইভান ষ্টিফেনে প্ৰযোজনা কৰিছিল, যাৰ প্ৰযোজনা গৃহটো ইলেকট্ৰিক এপল্ছ এণ্টাৰটেইনমেণ্ট নামেৰে পৰিচিত।
-
দোল পূৰ্ণিমা
দোল পূৰ্ণিমা, জনপ্ৰিয়ভাৱে দোল যাত্ৰা, দৌল উৎসৱ বা দেউল বুলিও জনা যায়, ব্ৰজ অঞ্চল, ৰাজস্থান, গুজৰাট, ওড়িশা, অসম, ত্ৰিপুৰা আৰু বংগ অঞ্চলৰ হোলী উৎসৱৰ সময়ত পালন কৰা হিন্দু দোল উৎসৱ।
-
দোহোৰী
দোহোৰী (दोहोरी) নেপালৰ এক প্ৰকাৰৰ লোকসংগীত। সাধাৰণতে এটা মহিলা আৰু এটা পুৰুষৰ দুটা দলে মিলি গোৱা ই এক নেপালী বৈশিষ্ট্যৰ সংগীত। এই গীতত প্ৰশ্ন আৰু উত্তৰৰ ৰূপত গীতটো গোৱা হয়।
-
দ্বীপ (চলচ্চিত্ৰ)
দ্বীপ (Dweepa)) হৈছে গিৰীশ কাছাৰৱল্লী পৰিচালিত ২০০২ চনৰ এখন কানাড়া ভাষাৰ ছবি, যিখন না ডিছুজাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াত সৌন্দৰ্য, অবিনাশ আৰু এম ভি বাসুদেৱ ৰাৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বান্ধ নিৰ্মাণ আৰু থলুৱা লোকৰ স্থানচ্যুতি ছবিখনৰ বিষয়।
-
দ্য অডিচি (২০২৬)
দ্য অডিচি (The Odyssey) হৈছে ২০২৬ চনত ক্ৰিষ্টোফাৰ ন'লানৰদ্বাৰা লিখিত আৰু পৰিচালিত এখন মহাকাব্যিক ফেণ্টাচি একচন ছবি। হোমাৰৰ প্ৰাচীন গ্ৰীক মহাকাব্য অডিচিৰ অভিযোজনা হিচাপে নিৰ্মাণ কৰা এই ছবিখনত মেট ডেমনে ইথাকাৰ গ্ৰীক ৰজা অডিচিয়াছৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ট্ৰ'জান যুদ্ধৰ পিছত দীঘলীয়া আৰু বিপজ্জনক…
-
দ্য আননোন ৱাৰ্ল্ড
দ্য আননোন ৱাৰ্ল্ড ২০১১ চনত ভাৰতৰ পৰা নাৰী শিশুহত্যা বা মহিলা ভ্ৰুণহত্যাৰ বিষয়ে নিৰ্মিত এনিমেটেড চলচ্চিত্ৰ। ইয়াৰ পৰিচালক আৰু প্ৰযোজক বৰুণ মেহতা। এইখন চলচ্চিত্ৰ ২০১১ চনত ভাৰতৰ চেন্নাইত অনুষ্ঠিত হোৱা জনসেৱা ঘোষণা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।
-
দ্য উইমেন (২০০৮ চনৰ চলচ্চিত্ৰ)
দ্য উইমেন (ইংৰাজী: The Women) হৈছে ২০০৮ চনত মুক্তি পোৱা এখন আমেৰিকান কমেডি-ড্ৰামা ছবি, যিখন ডায়েন ইংলিছৰদ্বাৰা লিখা, প্ৰযোজনা আৰু পৰিচালিত। ছবিখনত মেগ ৰিয়ান, এনেট বেনিং, ইভা মেণ্ডেছ, ডেব্ৰা মেছিং, জাডা পিনকেট স্মিথ, কেৰী ফিচাৰ, ক্লৰিছ লিচমেন, দেবি মাজাৰ, বেট মিডলাৰ আৰু কেণ্ডিচ বাৰ্গেনকে ধৰি একাংশ…
-
দ্য কাশ্মীৰ ফাইলচ
দ্য কাশ্মীৰ ফাইলচ হৈছে বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা লিখিত আৰু পৰিচালিত, ২০২২ চনৰ, ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ। দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন কাশ্মীৰ বিদ্ৰোহৰ সময়ত কাশ্মীৰী পণ্ডিতসকলৰ কাশ্মীৰ ত্যাগৰ ওপৰত আধাৰিত। ইয়াত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, দৰ্শন কুমাৰ আৰু পল্লৱী যোশীয়ে অভিনয় কৰিছে।
-
দ্য কেৰালা ষ্ট’ৰী
দ্য কেৰালা ষ্ট’ৰী ২০২৩ চনৰ ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালক সুদীপ্ত সেন আৰু প্ৰযোজক বিপুল অমৃতলাল শ্বাহ। ছবিখনত অভিনয় কৰিছে— অদা শৰ্মা, যোগিতা বিহানী, ছোনিয়া বালানী আৰু সিদ্ধি ইদনানী।
-
দ্য কৰ্টেজানছ অৱ বম্বে
দ্য কৰ্টেজানছ অৱ বম্বে ( The Courtesans of Bombay ) ইছমাইল মাৰ্চেণ্টৰ পৰিচালনাত আৰু মাৰ্চেণ্ট, জেমছ আইভৰী, আৰু ৰুথ প্ৰাৱেৰ ঝাবভালাৰ সহযোগিতাত ১৯৮৩ চনত নিৰ্মিত এখন ব্ৰিটিছ ডকুড্ৰামা দ্য।
-
দ্য গাইড (চলচ্চিত্ৰ)
দ্য গাইড (Поводир, পভদিৰ ) হৈছে ২০১৪ চনৰ ইউক্ৰেইনৰ নাটকীয় ছবি অলেছ ছানিনৰ পৰিচালনাত। ছবিখনত অভিনয় কৰিছে ষ্টেনিছলাভ বক্লান, এণ্টন গ্ৰীণ, জেফ বুৰেল, ইৰিনা ছানিনা, আৰু জামালা। ইয়াত ছোভিয়েত ইউক্ৰেইনৰ এটা অন্ধ চৰাইৰ গাইড হিচাপে কাম কৰা পিটাৰ শ্বেমৰক নামৰ এজন যুৱকৰ ওপৰত কেন্দ্ৰিত।
-
দ্য গ্ৰেট ইণ্ডিয়ান কিচেন
দ্য গ্ৰেট ইণ্ডিয়ান কিচেন ( The Great Indian Kitchen ) ২০২১ চনত জিও বেবীয়ে ৰচিত আৰু পৰিচালিত ভাৰতীয় মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখনত এগৰাকী নৱবিবাহিত মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে। যিয়ে তেওঁৰ স্বামী আৰু তেওঁৰ পৰিয়ালে আশা কৰা ধৰণে অনুগত পত্নী হ'বলৈ সংগ্ৰাম কৰে।
-
দ্য জেনেৰেল (১৯২৬ চলচ্চিত্ৰ)
দ্য জেনেৰেল (The General) হৈছে ১৯২৬ চনত ইউনাইটেড আৰ্টিষ্টে মুক্তি দিয়া এখন আমেৰিকান নিৰ্বাক চলচ্চিত্ৰ। আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত সংঘটিত হোৱা এটা সত্য কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট
দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট (জাৰ্মান: Grimms Märchen von lüsternen Pärchen) হৈছে ১৯৬৯ চনৰ এখন পশ্চিম জাৰ্মান যৌন হাস্যৰসাত্মক চলচ্চিত্ৰ। ৰল্ফ থিলেৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত মেৰী লিজডাল, ইভা ৰুয়েবাৰ-ষ্টায়েৰ আৰু ইনগ্ৰিড ভান বাৰ্গেনে অভিনয় কৰিছে।
-
দ্য পাৰছুট অৱ হেপিনেছ
{{Infobox film | name = দ্য পাৰছুট অৱ হেপিনেছ | image = দ্য পাৰছুট অৱ হেপিনেছ ছবিৰ প'ষ্টাৰ.jpg | caption = চিত্ৰগৃহত প্ৰদৰ্শিত ছবিৰ প'ষ্টাৰ | director = গেব্ৰিয়েল মুচ্চিন' | producer = {{ubl|উইল স্মিথ|টড্ ব্লেক|জে'ছন ব্লুমেন্থেল|জেমছ লেচচিস্তাৰ|ষ্টিভ টিশ}} | screenplay = ষ্টিভেন কনৰাড | based_on…
-
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ (ইংৰাজী: The Princess and the Frog; জন্ম: ২০০৯) — ২০০৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী কমেডী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত এই ছবিখন ২০০২ চনত ই. ডি.
-
দ্য প্ৰিন্সেছ ডায়েৰীজ
দ্য প্ৰিন্সেছ ডায়েৰীজ (ইংৰাজী: The Princess Diaries) হ'ল ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান কমেডী চলচ্চিত্ৰ। ৱাল্ট ডিজনী পিকচাৰ্ছৰ দ্বাৰা নিৰ্মিত আৰু গেৰী মাৰ্শ্বালৰ দ্বাৰা পৰিচালিত এই ছবিখন মেগ কেবটৰ ২০০০ চনৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত।
-
দ্য লাষ্ট কিচ
দ্য লাষ্ট কিচ (The Last Kiss) অম্বুজ গুপ্তাৰ পৰিচালনাত ১৯৩১ চনত নিৰ্মিত ব্ৰিটিছ ভাৰতৰ এখন নিৰ্বাক চলচ্চিত্ৰ। ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা এই ছবিখন পূৰ্ববংগৰ (বৰ্তমান বাংলাদেশ) প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল। ঢাকাত শ্বুটিং কৰা ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম কলকাতাত কৰা হৈছিল।
-
দ্য লিটল মাৰমেইড (১৯৮৯ চনৰ চলচ্চিত্ৰ)
দ্য লিটল মাৰমেইড (ইংৰাজী: The Little Mermaid) হ'ল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল ফেণ্টাছী চলচ্চিত্ৰ। জন মাস্কাৰ আৰু ৰন ক্লেমেণ্টছৰ দ্বাৰা লিখিত আৰু পৰিচালিত এই ছবিখন হেন্স ক্ৰিষ্টিয়ান এণ্ডাৰছনৰ ১৮৩৭ চনৰ একে নামৰ ডেনিছ সাধুকথাৰ ওপৰত আধাৰিত।
-
দ্য লিটল মাৰমেইড (২০২৩ চনৰ চলচ্চিত্ৰ)
দ্য লিটল মাৰমেইড (ইংৰাজী: The Little Mermaid; জন্ম: ২০২৩) — হ’ল এখন আমেৰিকান মিউজিকেল ফেণ্টাচী চলচ্চিত্ৰ। এইখন ১৯৮৯ চনৰ একে নামৰ এনিমেটেড ছবিখনৰ এটা লাইভ-একচন সংস্কৰণ, যিখন ১৮৩৭ চনৰ হান্স ক্ৰীষ্টিয়ান এণ্ডাৰছনৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
দ্য ষ্টাৰ অৱ বেথলেহেম
দ্য ষ্টাৰ অৱ বেথলেহেম (The Star of Bethlehem) হৈছে ছাৰ এডৱাৰ্ড বাৰ্ন-জোনছৰ দ্বাৰা অংকিত এক জলৰঙৰ চিত্ৰ, য’ত এজন দেবদূতে 'বেথলেহেমৰ তৰা' ধৰি থকা অৱস্থাত তিনিজন জ্ঞানী ব্যক্তিৰ যীচু বন্দনা (Adoration of the Magi) দেখুওৱা হৈছে।
-
দ্য ষ্টাৰী নাইট
দ্য ষ্টাৰী নাইট হৈছে ডাচ পোষ্ট-ইম্প্ৰেছনিষ্ট চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ দ্বাৰা তৈল মাধ্যমত কৰা এখন কেনভাচ চিত্ৰ।এই চিত্ৰ খন ১৮৮৯ চনৰ জুন মাহত অংকিত কৰা হৈছিল, ইয়াত সূৰ্যোদয়ৰ ঠিক আগতে ছেইণ্ট-ৰেমি-ডি-প্ৰভেন্সত থকা তেওঁৰ আশ্ৰয় কোঠাৰ পূব দিশৰ খিৰিকীৰ পৰা দৃশ্যটো দেখুওৱা হৈছে, য'ত এখন কাল্পনিক গাওঁ…
-
দ্য ৰিটাৰ্ণ অৱ চান্দু
দ্য ৰিটাৰ্ণ অৱ চান্দু (ইংৰাজী: The Return of Chandu) হৈছে ১৯৩৪ চনত নিৰ্মিত আমেৰিকাৰ ১২টা খণ্ডৰ এখন ফেণ্টাছী চলচ্চিত্ৰ ধাৰাবাহিক, যিখন চান্দু দ্য মেজিকিয়ান নামৰ ৰেডিঅ' ধাৰাবাহিকখনৰ ওপৰত আধাৰিত। ইয়াৰ প্ৰযোজনা কৰিছিল চ'ল লেচাৰে আৰু পৰিচালনা কৰিছিল ৰায় টেলৰে।
-
দ্য ৰেইনবো
দ্য ৰেইনবো (ইংৰাজী: The Rainbow) হৈছে কেন ৰাছেলৰ দ্বাৰা সহ-লিখিত আৰু পৰিচালিত ১৯৮৯ চনৰ এখন ব্ৰিটিছ ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন ডি. এইচ. লৰেন্সৰ ১৯১৫ চনৰ উপন্যাস দ্য ৰেইনবোৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
দ্য ৱৰ্ল্ড বিফোৰ হাৰ
দ্য ৱৰ্ল্ড বিফোৰ হাৰ (The World Before Her) হ'ল নিশা পাহুজাৰ দ্বাৰা পৰিচালিত আৰু ষ্ট’ৰীলাইন এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিৰ্মিত ২০১২ চনৰ টৰণ্টোৰ এমি বঁটা বিজয়ী কানাডাৰ এখন তথ্যচিত্ৰ।
-
দ্ৰৌপদী (১৯৩১ চলচ্চিত্ৰ)
দ্ৰৌপদী ( Draupadi ) ভাৰতীয় চলচ্চিত্ৰৰ ১৯৩১ চনত মুক্তি পোৱা এখন সবাক ছবি। ভাৰতৰ প্ৰথমখন টকী আলম আৰা (১৯৩১) মুক্তিৰ পিছত আৰ্দেশিৰ ইৰানীৰ ইম্পেৰিয়েল ফিল্ম কোম্পানীয়ে নিৰ্মাণ কৰা এই ছবিখন আছিল বৃহৎ বাজেটৰ পৌৰাণিক প্ৰযোজনা।
-
দৰঙী খুলীয়া ভাউৰীয়া
দৰঙী খুলীয়া ভাউৰীয়া প্ৰাচীন কালৰে পৰা প্ৰবাহমান হৈ অহা দৰঙৰ এক লোক নাট্যানুস্থান। অসমৰ ঠায়ে ঠায়ে প্ৰচলিত হৈ থকা লোক নাট্যানুস্থানবোৰতকৈ দৰঙী খুলীয়া ভাউৰীয়াৰ পৰিৱেশন পদ্ধতি, সাজ সজ্জা, বচন, বাদ্য যন্ত্ৰ, ৰীতি-নীতি আদিত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়।
-
ধনু যাত্ৰা
ধনু যাত্ৰা (ଧନୁଯାତ୍ରା; Dhanu Jatra) উৰিষ্যাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট্যানুষ্ঠান। বৰগড়ৰ ৮ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ পৌৰ অঞ্চলত বিয়পি থকা ই পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ আৰু ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে।
-
ধানটো পতানটো
ধানটো-পতানটো (ইংৰাজী: Dhanto potanto) হ'ল অসমীয়া সাহিত্য জগতৰ এগৰাকী অন্যতম নাট্যকাৰ যোগেন চেতিয়াৰ এখন একাংকিকা নাটক। "সাহিত্য অকাডেমী"য়ে প্ৰকাশ কৰা, সত্যপ্ৰসাদ বৰুৱাই সংকলন আৰু সম্পাদনা কৰা, ১৯৯১ চনত প্ৰকাশিত অসমীয়া নাট্য সংকলনত এই নাটকখন প্ৰকাশিত হৈছিল।