অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

থম্পু (চলচ্চিত্ৰ)

থম্পু (Thampu) হৈছে ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত জি. অৰবিন্দনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনত ভাৰত গোপী, নেডুমুডি ভেণু, ভি. কে. শ্ৰীৰামন, জলজা আৰু গ্ৰেট চিত্ৰা চাৰ্কাছৰ শিল্পীসকলে অভিনয় কৰিছে।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

থম্পু (Thampu) হৈছে ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত জি. অৰবিন্দনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনত ভাৰত গোপী, নেডুমুডি ভেণু, ভি. কে. শ্ৰীৰামন, জলজা আৰু গ্ৰেট চিত্ৰা চাৰ্কাছৰ শিল্পীসকলে অভিনয় কৰিছে। ছবিখনত কেৰালাত ভ্ৰাম্যমাণ এটা পথ-চাৰ্কাছৰ জীৱন আৰু বাস্তৱতাক চিত্ৰিত কৰা হৈছে। চলচ্চিত্ৰখন ক'লা-বগা ৰূপত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ উপস্থাপনশৈলী প্ৰত্যক্ষ তথ্যচিত্ৰ (Direct Documentary) ধৰণৰ।১২৩

২০২১ চনত ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যনে চলচ্চিত্ৰখনৰ 4K-ফৰ্মেটত পুনৰুদ্ধাৰ (Restoration) কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পুনৰুদ্ধাৰ কৰা এই সংস্কৰণটো ২০২২ চনৰ কান চলচ্চিত্ৰ মহোৎসৱৰ Cannes Classics শাখাত বিশ্ব প্ৰিমিয়াৰৰ বাবে নিৰ্বাচিত হৈছিল।৪

বঁটাসমূহ

  • শ্ৰেষ্ঠ পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – জি. অৰবিন্দ
  • শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – শ্বাজী এন. কৰুণ
  • মালয়ালম ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ পৰিচালনাৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • কেৰালা চলচ্চিত্ৰ সমালোচক সন্থাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা৫
  • কেৰালা চলচ্চিত্ৰ সমালোচক সন্থাৰ শ্ৰেষ্ঠ পৰিচালক বঁটা – জি. অৰবিন্দ৫
  • কেৰালা চলচ্চিত্ৰ সমালোচক সন্থাৰ শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী বঁটা – শ্বাজী এন. কৰুণ৫
  • কেৰালা চলচ্চিত্ৰ সমালোচক সন্থাৰ শ্ৰেষ্ঠ সম্পাদকৰ বঁটা – ৰামেছান৫

থম্পুৰ পুনৰুদ্ধাৰ

চলচ্চিত্ৰখনৰ পুনৰুদ্ধাৰৰ কাম ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যন আৰু ল’ইম্মাজিনে ৰিট্ৰোভাটা (L’Immagine Ritrovata)-ৰ সঞ্চালক দাভিদে প’জ্জিৰ নেতৃত্বত সম্পন্ন কৰা হৈছিল। মূল কেমেৰা নেগেটিভ উপলভ্য নাছিল যদিও দলটোৱে NFAI-ত সংৰক্ষিত ৩৫ মি.মি. প্ৰিণ্টৰ পৰা প্ৰস্তুত কৰা এটা ডুপ নেগেটিভ (dupe negative) ব্যৱহাৰ কৰিছিল। তুলনাৰ উদ্দেশ্যে আন এটা ৩৫ মি.মি. প্ৰিণ্টো ব্যৱহাৰ কৰা হৈছিল। ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যনৰ সংৰক্ষণ বিশেষজ্ঞসকলে প্ৰস্তুত কৰা অৱস্থা-মূল্যায়ন প্ৰতিবেদন অনুসৰি, ফিল্মখনত বহু ঠাইত ছিঙি যোৱা অংশ (tears) আৰু ভঙা স্প্ৰকেট (broken sprockets) আছিল, যিবোৰ সংৰক্ষণ বিশেষজ্ঞসকলে মেৰামতি কৰিছিল। আন এক জটিলতা আছিল যে ডুপ নেগেটিভটো মূল নেগেটিভৰ পৰা নহয়, বৰঞ্চ অইন এটা প্ৰিণ্টৰ পৰা প্ৰস্তুত কৰা হৈছিল। চেন্নাইস্থিত প্ৰসাদ কৰ্প’ৰেচন প্ৰাইভেট লিমিটেডৰ ছাইপ্ৰসাদ আক্কেনেনিৰ তত্ত্বাৱধানত প্ৰিণ্ট আৰু ডুপ নেগেটিভ প্ৰসাদ ষ্টুডিঅ’ছ, চেন্নাইত স্কেন কৰা হৈছিল। ছবিখন আৰু শব্দৰ স্কেনিং, ডিজিটেলভাৱে আঁচ (scratches) আৰু ছিঙি যোৱা অংশ পৰিষ্কাৰ কৰা, লগতে ছবিৰ ভাৰসাম্যকৰণ (image stabilisation) আদি সূক্ষ্ম আৰু সময়সাপেক্ষ কামসমূহো প্ৰসাদ ষ্টুডিঅ’ছতেই সম্পন্ন কৰা হৈছিল।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Aravindan's profile. India Film database
  2. ↑ Sashi Kumar. (2–15 January 2010). Aravindan's art. Frontline
  3. ↑ (21 May 2022). Aravindan's 'Thampu' to be screened at Cannes, actors hail his masterclass. New Indian Express
  4. ↑ (21 May 2022). Aravindan's 'Thampu' to be screened at Cannes, actors hail his masterclass. The New Indian Express
  5. ↑ "കേരള ഫിലിം ക്രിട്ടിക്‌സ് അവാര്‍ഡ് 1977 - 2012". Kerala Film Critics Association (in Malayalam). Retrieved 25 January 2023
  6. ↑ (3 March 2021). Film Heritage Foundation's restoration of Aravindan's "Thamp̄" (1978) premiered at the Cannes Film Festival 2022!. Film Heritage Foundation

সম্পৰ্কিত শ্ৰেণী

কেৰালা সংস্কৃতি মাহ, ২০২৬মালায়ালাম ছবিশ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থম্পু (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৩৭১২ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।