কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়
ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় (ইংৰাজী: Thengal Cultural Centre & Museum) যোৰহাট জিলাৰ তিতাবৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
-
ডংজি উৎসৱ
ডংজি উৎসৱ ( Dongzhi Festival) বা শীতকালীন অনন্তকাল উৎসৱ হৈছে ডংজি সৌৰকালত (শীতকালীন অনন্তকাল) পালন কৰা চীনৰ পৰম্পৰাগত উৎসৱ, যিটো ২১ ডিচেম্বৰৰপৰা ২৩ ডিচেম্বৰৰ ভিতৰত পৰে। এই উৎসৱৰ উৎপত্তি বিশ্বব্ৰহ্মাণ্ডৰ ভৰসাম্য আৰু সমন্বয়ৰ য়িন আৰু ইয়াং দৰ্শনৰ সৈতে জড়িত।
-
ডটাৰছ অৱ প'ল' গ'ড
ডটাৰছ অৱ প'ল' গ'ড হৈছে ৰূপা বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু হেমন্তী চৰকাৰৰ দ্বাৰা সম্পাদিত ২০১৮ চনৰ ভাৰতীয় মেইটেই-ইংৰাজী দ্বিভাষিক তথ্যচিত্ৰ। ঘোঁৰা আৰু ছোৱালীবোৰে ইজনে সিজনক শক্তিশালী কৰাৰ কাহিনীৰ ওপৰত ছবিখন আধাৰিত।
-
ডল্লু কুনিথা
ডল্লু কুনিথা ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এক পৰম্পৰাগত নৃত্য। ইয়াক কৰ্ণাটকৰ ঢোল নৃত্য বুলিও জনা যায়। কৰ্ণাটকৰ এই জনপ্ৰিয় লোকনৃত্য শ্ৰী বিৰালিংগেশ্বৰৰ পূজাৰ লগত জড়িত, যিজনক ভগৱান শিৱৰ ৰূপ বুলি গণ্য কৰা হয়। এই নৃত্যটো মূলতঃ উত্তৰ কৰ্ণাটকৰ কুৰুবা গৌড়া সম্প্ৰদায়ৰ আচাৰ-ব্যৱহাৰৰ এটা অংশ।
-
ডাংদুট (সংগীত)
ডাংদুট (/dɑːŋˈduːt/) ইণ্ডোনেছিয়ান লোকসংগীতৰ এটা ধাৰা, যিটো আংশিকভাৱে হিন্দুস্তানী, আৰবী আৰু কম পৰিমাণে জাভানিজ, মালয়, মিনাংকাবাউ, চুণ্ডানীজ আৰু স্থানীয় লোকসংগীতৰ পৰা উদ্ভৱ আৰু সংযুক্ত। ডাংদুট ইণ্ডোনেছিয়াৰ আটাইতকৈ জনপ্ৰিয় সংগীত ধাৰা ডাংদুটত তবলা আৰু জেণ্ডাং বিটৰ বৈশিষ্ট্য আছে।
-
ডাক হৰকৰা
ডাক হৰকৰা (Dak Harkara) ১৯৫৮ চনত মুক্তি পোৱা অগ্ৰগামী পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। তাৰাশংকৰ বন্দোপাধ্যায়ৰ একে নামৰ গল্পৰ আধাৰত অগ্ৰগামীয়ে ছবিখনৰ চিত্ৰনাট্য লিখিছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কালী বেনাৰ্জী, শোভা সেন, সাবিত্ৰী চেটাৰ্জী আৰু জহৰ গংগোপাধ্যায়ে।
-
ডাচ ট্ৰিট
ডাচ ট্ৰিট (ইংৰাজী: Dutch Treat) হ’ল ১৯৮৭ চনৰ এখন একচন কমেডী চলচ্চিত্ৰ। ইয়াৰ কাহিনী ৰচনা কৰাৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ডেভিদ লেণ্ডচবাৰ্গ আৰু লৰিন ড্ৰাইফুচে। ছবিখন দ্য কেনন গ্ৰুপৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখন দুজন আমেৰিকান কটাৰী নিক্ষেপকাৰী (knife throwers)ৰ ওপৰত কেন্দ্ৰিত।
-
ডাচ লোকনৃত্য
ডাচ লোকনৃত্য (ইংৰাজী: Dutch folk dance) বুলিলে সেইসমূহ পৰম্পৰাগত নৃত্যক বুজায় যিবোৰ সাধাৰণ লোকৰদ্বাৰা পৰিৱেশন কৰা হৈছিল। যদিও বিদেশীসকল আৰু ডাচসকলে প্ৰায়ে ডাচ লোকনৃত্যক 'ক্লমপেনডেন্সেন' বা ক্লগ নৃত্যৰ সৈতে জড়িত কৰে, আচলতে ক্লগ বা কাঠৰ জোতাই নৃত্যৰ খোজৰ পৰিসৰ সীমিত কৰি পেলায়।
-
ডাফা সংগীত
ডাফা সংগীত নেপালৰ এক নেৱা কলা য'ত গায়ক আৰু সংগীতজ্ঞসকলে শাস্ত্ৰীয় ৰাগ আৰু তাল ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ভক্তিমূলক সংগীত পৰিৱেশন কৰে। ডাবু নামৰ ঠাইত ডাফা খলাহ নামৰ সংগীতজ্ঞৰ দল এটাই এই সংগীত পৰিৱেশন কৰে। ডাফা নেপালৰ আটাইতকৈ পুৰণি আৰু এতিয়ালৈকে বৰ্তি থকা ভক্তি সংগীত, ইয়াৰ উৎপত্তি ১৭ শতিকাত।
-
ডামিনী (চলচ্চিত্ৰ)
ডামিনী ( Damini) হৈছে ১৯৯৩ চনত ৰাজকুমাৰ সন্তোষীৰ পৰিচালনা আৰু সহ-লেখকত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাটক ছবি। ইয়াত ঋষি কাপুৰ, ছানী দেওল আৰু অমৰীশ পুৰীৰ সৈতে টাইটেল ৰ’লত অভিনয় কৰিছে মীনাক্ষী শেষাদ্ৰীয়ে। আমিৰ খানে বিশেষভাৱে উপস্থিত হয়।
-
ডালিয়ানৰ ঝংছান চৌহদত আধুনিক অট্টালিকা
ডালিয়ানৰ ঝংছান চৌহদত থকা আধুনিক অট্টালিকাবোৰে চীনৰ লিয়াওনিং প্ৰদেশৰ ডালিয়ানৰ ঝংছান চৌহদত থকা অট্টালিকাবোৰক বুজায়, যিবোৰ বেছিভাগেই বিংশ শতিকাৰ প্ৰথমাৰ্ধত নিৰ্মাণ কৰা হৈছিল, সেই সময়ছোৱাত ডালিয়ান আছিল জাপানৰ লিজত লোৱা ভূ-খণ্ড।
-
ডিংগি ডিংগি
ডিংগি ডিংগি নৃত্য, যাক আচোলি শিশু নৃত্য বুলিও কোৱা হয়, উত্তৰ উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ লোকসকলৰ পৰা উৎপত্তি হোৱা এটা পৰম্পৰাগত নৃত্য যিয়ে উত্তৰ উগাণ্ডাৰ গুলু, কিটগুম, লামৱো, পাডাৰ আৰু ন'য়া আদি জিলা আৱৰি ৰাখিছে। এই সাংস্কৃতিক নৃত্য আচোলিসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আগবঢ়াই আহিছে।
-
ডিজি (বাদ্যযন্ত্ৰ)
ডিজি (চীনা: 笛子; পিনয়িন: dízi, উচ্চাৰণ [tǐt͡sɨ]) হৈছে এখন চীনা অনুভূমিক বাাঁহী। এইটো কেতিয়াবা ডি (笛) বা হেংডি (橫笛 ) নামেৰেও জনা যায় আৰু ইয়াৰ ভিতৰত কুডি (曲笛), বাংডি (梆笛) আৰু চিনডি (新笛) আদি বিভিন্ন প্ৰকাৰ আছে।
-
ডিস্ক'ভাৰী চেনেল
১৯৮৫ চনৰ পৰা ১৯৯৫ চনলৈকে ডিস্ক'ভাৰী চেনেল (Discovery Channel) নামে জনাজাত আৰু প্ৰায়ে সৰলভাৱে ডিস্ক'ভাৰী বুলি কোৱা ডিস্ক'ভাৰী চেনেল হৈছে আমেৰিকাৰ কেবল চেনেল যি ৰিয়েলিটি টেলিভিছন শ্ব' আৰু অপবিজ্ঞান প্ৰতিহত কৰিবলৈ কৰা প্ৰচাৰমূলক কাৰ্যসূচীৰ বাবে অধিক পৰিচিত।
-
ডেক্কান কুইন (চলচ্চিত্ৰ)
ডেক্কান কুইন (Deccan Queen) ১৯৩৬ চনৰ মেহবুব খানৰ পৰিচালনাত নিৰ্মিত এখন হিন্দুস্তানী একচন-এডভেঞ্চাৰ ছবি। এইখন সাগৰ মুভীট’নৰ প্ৰথমখন "ষ্টাণ্ট" ছবি আৰু অভিনেতা সুৰেন্দ্ৰৰো প্ৰথমখন ছবি আছিল, যাক ছবিখনত "সুৰেন্দ্ৰ নাথ বি.এ., এল.এল.বি." বুলি উল্লেখ কৰা হৈছিল।
-
ডেট ইজ মহালক্ষ্মী
ডেট ইজ মহালক্ষ্মী ( That Is Mahalakshmi ) প্ৰশান্ত বৰ্মা পৰিচালিত আৰু মনু কুমাৰন আৰু পাৰুল যাদৱ প্ৰযোজিত এখন মুক্তি নোপোৱা ভাৰতীয় তেলেগু ভাষাৰ কমেডী নাট্যধৰ্মী ছবি। এইখন ২০১৪ চনৰ হিন্দী ছবি কুইনৰ পুনৰ্নিৰ্মাণ।
-
ডেনিছ লোকনৃত্য
ডেনিছ লোকনৃত্য (ইংৰাজী: Danish folk dance) ইয়াৰ সহজ-সৰল, মৃদু আৰু তুলনামূলকভাৱে শিকাটো সহজ হোৱা বৈশিষ্ট্যৰ বাবে পৰিচিত। ডেনিছ লোকনৃত্য মূলতঃ এক সামাজিক নৃত্য য'ত নৃত্যশিল্পীৰ গোট বা দম্পতীৰ গোট জড়িত থাকে আৰু ইয়াক প্ৰায়ে বৃহৎ সমাৱেশৰ বাবে প্ৰস্তুত কৰা হয়।
-
ডোকো
ডোকো (डोको ) বাঁহৰপৰা তৈয়াৰী একপ্ৰকাৰৰ টোপোলা। ইয়াক শংকু বা "V" আকৃতিত হাতেৰে বোৱা হয়। বিশেষকৈ নেপাল, ভূটান আৰু উত্তৰ ভাৰতৰ পাহাৰীয়া ছিকিম আৰু উত্তৰাখণ্ড ৰাজ্যত সামগ্ৰী কঢ়িয়াই নিবলৈ পৰ্টাৰে ডোকো ব্যৱহাৰ কৰে।
-
ঢেপা-ঢুলীয়া
দৰং জিলাত পৰম্পৰাগতভাৱে চলি অহা এক দলীয় নৃত্যৰ অনুষ্ঠান হৈছে ঢেপা ঢুলীয়া। এই লোক সংস্কৃতি গীত, বাদ্য বা বাদক আৰু নৃত্যৰ সুসমন্বয়ত পৰিবেশন কৰা হয়। এই নৃত্য অনুষ্ঠানত ঢোল(২টা) আৰু তাল(৪/৫ জোৰা) থাকে। ইয়াত তালবোৰ ডাঙৰ, দুই-আঢ়ৈ কেজি ওজনৰ (এইবোৰক ভোৰতাল বুলিব পাৰি)।
-
তঞ্জাই চেলভি
তঞ্জাই চেলভি এগৰাকী তামিল গায়িকা। তেওঁ লোকগীত বাবে জনপ্ৰিয়। তেওঁ ইছান ছবিৰ "ৱিট্টু" গীতটোৰে তামিল চিনেমাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। 'জিল ৱিট্টু (সেইবছৰ শ্ৰেষ্ঠ লোকগীতৰ বিজয় বঁটা) আৰু মাৰুথেলুৰ মাৰুথানী জনপ্ৰিয়। তেওঁ প্ৰধানকৈ তামিল চলচ্চিত্ৰ উদ্যোগত কাম কৰি আহিছে।
-
তবাৰানা কাথে
তবাৰানা কাথে (Tabarana Kathe; অৰ্থ: তবাৰানাৰ কথা) ১৯৮৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন চলচ্চিত্ৰ। পূৰ্ণচন্দ্ৰ তেজস্বীৰ একে নামৰ চুটিগল্পৰ আধাৰত ছবিখনখনৰ কাহিনী ৰচনা কৰা হৈছিল।
-
তমু লোছাৰ
তমু লোছাৰ হৈছে নেপালীসকলৰ গুৰুং ৰাইজে উদ্যাপন কৰা নৱবৰ্ষৰ উৎসৱ। নেপালী কেলেণ্ডাৰৰ প্ৰতি ১৫ পুহ (ডিচেম্বৰ/জানুৱাৰী) তাৰিখে ইয়াক পালন কৰা হয় আৰু ইয়াক ৰাজহুৱা বন্ধৰ দিন হিচাপে পালন কৰা হয়।
-
তাত্তামংগলম কুথিৰা ভেলা
তাত্তামংগলম কুথিৰা ভেলা (ইংৰাজী: Tattamangalam Kuthira Vela) বা আংগাদী ভেলা (Angadi Vela) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ পালক্কড জিলাৰ তাত্তামংগলম নামৰ এখন সৰু গাঁৱত অনুষ্ঠিত হোৱা এটা পৰম্পৰাগত উৎসৱ। মালয়ালম ভাষাত কুথিৰা শব্দৰ অৰ্থ হৈছে "ঘোঁৰা" আৰু ভেলা মানে হৈছে "উৎসৱ"।
-
তামজাৰা
তামজাৰা(Tamzara) আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ এক স্থানীয় লোকনৃত্য। আৰ্মেনিয়াত এই নৃত্য প্ৰথম অৱস্থাত এক লোকাচাৰ হিচাপে প্ৰচলিত আছিল; ই আছিল বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা গীত আৰু নৃত্য।
-
তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম
তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম (Palm Leaf Manuscript Museum) কেৰালাৰ পৰম্পৰাগত তালপাতৰ পাণ্ডুলিপিসমূহ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত এখন সংগ্ৰহালয়। ইয়াক বিশ্বৰ প্ৰথম আৰু সৰ্ববৃহৎ তালপাতৰ পাণ্ডুলিপি সংগ্ৰহালয় বুলি গণ্য কৰা হয়।
-
তিনি গিৰিসংকটৰ বান্ধ
তিনি গিৰিসংকটৰ বান্ধ ( 三峡大坝; Three Gorges Dam) হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ উৎপাদক বান্ধ। এই বান্ধখন চীন দেশৰ হুবেই (Hubei) প্ৰদেশৰ ইচাং (Yichang) চহৰৰ ওচৰত Yangtze নদীৰ ওপৰত অৱস্থিত।
-
তিৰুৱথিৰকালী
তিৰুৱথিৰকালী কেৰালাৰ মহিলাৰ এক অনন্য গোট নৃত্য। ধৰ্মীয় অনুষ্ঠানৰ অংশ হিচাপে আৰু ইয়াৰ বাহিৰেও মহিলাসকলে সৰু সৰু গোটত এই নৃত্য পৰিৱেশন কৰে। সাধাৰণতে ধনুমা মাহৰ ওনাম আৰু তিৰুৱতীৰদিনা মহিলাসকলে শিৱ মন্দিৰ আদিত শিৱ পাৰ্বতীৰ প্ৰশংসা গীত গাই এই শিল্পৰূপ প্ৰদৰ্শন কৰে।
-
তুম্বাড
তুম্বাড (Tumbbad) হৈছে ৰাহী অনিল বৰ্ৱে পৰিচালিত, ২০১৮ চনত মুক্তিপ্ৰাপ্ত, ভাৰতীয় হিন্দী ভাষাৰ ঐতিহাসিক লোককথাভিত্তিক হৰৰ চলচ্চিত্ৰ। আনন্দ গান্ধীয়ে ছবিখনৰ সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰিছিল আৰু আদেশ প্ৰসাদে সহ-পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
তেজপুৰ গৌৰৱযাত্ৰা
তেজপুৰ গৌৰৱযাত্ৰা (Tezpur Queer Pride) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ তেজপুৰত অনুষ্ঠিত হোৱা বাৰ্ষিক এলজিবিটিকিউআইএ+ প্ৰাইড মাৰ্চ বা গৌৰৱযাত্ৰা। উত্তৰ-পূব ভাৰতৰ এখন সৰু চহৰত প্ৰথম সংগঠিত গৌৰৱযাত্ৰাৰ ভিতৰত অন্যতম এই আয়োজনৰ লক্ষ্য হৈছে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ বাবে অন্তৰ্ভুক্তি, দৃশ্যমানতা, আৰু…
-
তেলংগানাৰ সংস্কৃতি
তেলংগানাৰ সংস্কৃতি (Culture of Telangana) প্ৰায় ৫,০০০ বছৰ পুৰণি। কাকতীয়, কুতুব শ্বাহী আৰু আছাফ জাহী বংশৰ (হায়দৰাবাদৰ নিজাম বুলিও কোৱা হয়) শাসন কালত এই অঞ্চলটো ভাৰতীয় উপমহাদেশৰ সংস্কৃতিৰ অগ্ৰণী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।