কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ধামাইল
ধামাইল গীত আৰু ধামাইল নৃত্য হʼল বাংলাদেশৰ ময়মনসিংহ আৰু চিলেট অঞ্চল (বিশেষকৈ সুনামগঞ্জ)ত প্ৰচলিত একপ্ৰকাৰৰ কাহিনী সংবলিত মূলতঃ মহিলাসকলৰ আচাৰকেন্দ্ৰিক বঙালী লোকগীত আৰু লোকনৃত্য। ই এই অঞ্চলৰ লোকসাহিত্যৰ এক অবিচ্ছেদ্য অংশ।
-
ধীমচা নৃত্য
ধীমচা নৃত্য ( Dhimsa) হৈছে আদিতে অন্ধ্ৰপ্ৰদেশৰ পৰ্জা জনজাতীয় মহিলাসকলে পৰিৱেশন কৰা এক জনজাতীয় নৃত্য৷ পিছলৈ ই আন আন জনগোষ্ঠীয়েও পৰিৱেশন কৰা দেখা যায়৷ এই নৃত্যত ১৫ ৰ পৰা ২০ গৰাকী মহিলাই এটা গোট হৈ ঘৰুৱা জীৱনৰ সুখ-শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু নৃত্য কৰে৷ বিবাহিত জীৱনৰ সুখ-শান্তি…
-
ধুনাচি নৃত্য
ধুনাচি নৃত্য বা ধুনুচি নৃত্য (Dhunachi) ঘাইকৈ পূব আৰু উত্তৰ ভাৰতত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত নৃত্য। ই ঘাইকৈ পশ্চিম বংগ, উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰচলিত যদিও ওড়িশা, ত্ৰিপুৰা আৰু নামনি অসমৰ কিছু অংশতো ধুনাচি নৃত্য কৰা হয়। ভাৰতৰ মাংলগিক অনুষ্ঠানত পৰম্পৰাগতভাৱে ধূনা জ্বলোৱা হয়।
-
ধূলাৰ কল দলিওৱা উৎসৱ
ধূলা সত্ৰৰ কল দলিওৱা উৎসৱ ব’হাগৰ সাত বিহুৰ দিনা পালন কৰা এক লোক-পৰম্পৰা৷ কামৰূপ জিলাৰ হাজোৰ ওচৰৰে ৰামদিয়াৰ এখন উল্লেখযোগ্য সত্ৰ “ধূলাৰ সত্ৰ’’৷ আহোম ৰজা প্ৰতাপসিংহৰ দিনত “বৰুৱা’’ খিতাপধাৰী ৰামজীৱন নামে এজন লোকে ৰামদিয়াৰ ধূলাপাৰাত “ধূলাৰ সত্ৰ’’ প্ৰতিষ্ঠা কৰে৷ ব্ৰহ্মপুত্ৰ বালি-পলস পৰি অঞ্চলটো…
-
ধেমচা
ধেমচা ( Dhemsa) মধ্য ভাৰত, দক্ষিণ ওড়িশা আৰু ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশৰ কাষৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলৰ এক পৰম্পৰাগত লোকনৃত্য। নৃত্যশিল্পীসকলে ইজনে সিজনক কান্ধ আৰু কঁকালত শিকলিৰ দৰে ধৰি, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ছন্দত নৃত্য কৰে। ধেমচা দলবদ্ধভাৱে পৰিৱেশন কৰা হয়।
-
ধোঁৱাচাং
ধোঁৱাচাং অসমৰ গাঁৱৰ মানুহৰ বাবে অপৰিহাৰ্য সামগ্ৰী বিশেষ। ঘৰৰ জুহাল বা ৰান্ধনিশালৰ ওপৰত চাৰিটাকৈ খুটি পুতি নাইবা বিশেষ পদ্ধতিৰে ধোঁৱাচাংখন ওলমাই ৰখাই হয়। ই প্ৰায় দুইৰ পৰা চাৰি খলপীয়া হয়। ধোঁৱাচাঙত খাদ্য সামগ্ৰীৰ লগতে অন্যান্য লাগতিয়াল বস্তু নষ্ট নহ'বলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি।
-
ধৰ্ষণ সংস্কৃতি
ধৰ্ষণ সংস্কৃতি (rape culture) হৈছে এক নিৰ্দিষ্ট পৰিৱেশৰ সমাজতাত্ত্বিক তত্ত্ব য'ত লিংগ আৰু যৌনতা সম্পৰ্কীয় সামাজিক মনোভাৱৰ বাবে ব্যাপক হাৰত ধৰ্ষণ হোৱাৰ উপৰি এই প্ৰক্ৰিয়াটো স্বাভাৱিক বুলি ভৱা হয়।
-
ন' লেণ্ড'ছ ছং
ন' লেণ্ড'ছ ছং (No Land 's Song; آواز بیسرزمین / Âvâz-e Bi-Sarzamin) হ'ল ২০১৪ চনত মুক্তিপ্ৰাপ্ত আয়াত নাজাফিৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন ইৰানী তথ্যচিত্ৰ। ইয়াত অভিনয় কৰিছে ক্ৰমে ছাৰা নাজাফি, পাৰভিন নামাজি, ছায়েহ ছডেফি, এমেল মাথলুথি, এলিজ কেৰন আৰু জিন চেৰহালে।
-
নগাভাও
নগাভাও উজনি অসমত প্ৰচলিত এবিধ লোকনাট্যানুষ্ঠান। ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত অৱস্থিত আঘোণীবাৰীৰ কাষৰীয়া বৰপথাৰ গাঁৱৰ ৰাইজে অতীজৰে পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে এই লোকনাট্যানুষ্ঠান উদযাপন কৰি আহিছে।
-
নগ্ন
নগ্ন (Nude) শব্দটি সাধাৰণতে মানুহৰ শৰীৰত কোনো পোছাক বা আচ্ছাদন নথকাৰ অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে নগ্নতা হৈছে মানুহৰ কাপোৰ নোহোৱা অৱস্থা, যি নগ্ন শব্দৰ বিশেষণ ৰূপে ব্যৱহৃত হয়৷ অনুমান বেলেগ বেলেগ হ’লেও প্ৰাক-ইতিহাসৰ প্ৰথম ৯০,০০০ বছৰত শাৰীৰিকভাৱে মানুহ উলংগ আছিল।
-
নজৰুল গীতি
নজৰুল গীতি বা নজৰুল সংগীত বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামে লিখা আৰু সুৰ কৰা গীতসমূহক বুজায়। নজৰুল গীতিত বিপ্লৱী ধাৰণাসমূহৰ লগতে অধিক আধ্যাত্মিক, দাৰ্শনিক আৰু ৰোমাণ্টিক বিষয়-বস্তুও অন্তৰ্ভুক্ত হৈ আছে।
-
নব্য কনফুচিয়াছবাদ
নব্য কনফুচিয়াছবাদ (,, প্ৰায়ে lǐxué 理學 বুলি সংক্ষিপ্ত কৰা হয়, আক্ষৰিক অৰ্থত "নীতিৰ বিদ্যালয়") কনফুচিয়াছবাদৰ এক সাংস্কৃতিক পুনৰুত্থান। ই কনফুচিয়াছবাদক এক নৈতিক, সামাজিক আৰু ধৰ্মীয় ব্যৱস্থা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিছিল। ১৩শ শতিকাৰপৰা ১৯শ শতিকালৈকে ই চীনা দৰ্শনত প্ৰধান প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
নমস্কাৰ
নমস্কাৰ বা নমস্তে (, দেৱনাগৰী: नमस्ते) হ’ল এজন ব্যক্তি বা দলক সন্মান জনোৱাৰ আৰু অভিবাদন কৰাৰ এক পৰম্পৰাগত হিন্দু ৰীতি। ইয়াক দিনটোৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি। হিন্দু, বৌদ্ধ আৰু জৈন পৰম্পৰাৰ লোকসকলে ইয়াৰ ব্যৱহাৰ কৰে। নমস্কাৰ কৰোঁতে সাধাৰণতে মূৰটো অলপ তললৈ কৰা হয়।
-
নাইট হাণ্টিং
নাইট হাণ্টিং বা স্থানীয় ভাষাত বোমেনা (জোংখা: བོད་མན་) হৈছে ভূটানৰ পশ্চিম অংশ, বিশেষকৈ হা, পাৰো আৰু বুমথাং জিলা অঞ্চলত বিগত সময়চোৱাত দেখা পোৱা এটা পৰম্পৰাগত প্ৰণয় প্ৰথা। এই প্ৰথাটোত পুৰুষে নিশাৰ সময়ত গোপনে ছোৱালীৰ ঘৰত সোমাই সংগ বিচাৰিছিল।
-
নাগপুৰী সংস্কৃতি
নাগপুৰী সংস্কৃতি বুলিলে নাগপুৰী ভাষী লোকসকলৰ পৰম্পৰা আৰু জীৱনশৈলীক বুজায়, য'ত সাহিত্য, উৎসৱ, লোকসংগীত, আৰু নৃত্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এয়া নাগপুৰী ভাষাৰ লগত গভীৰভাৱে জড়িত এটা সাংস্কৃতিক ঐতিহ্য হিচাপেও বিবেচিত হয়।
-
নাগমণ্ডলম
নাগমণ্ডল (Nagamandala) ১৯৯৭ চনত নিৰ্মিত ভাৰতীয় কানাড়া ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ পৰিচালক টি. এচ নাগভৰণ। কাহিনী লিখিছে গিৰিশ কনাৰ্ডে। শ্ৰীহৰি এল খোদেৰ দ্বাৰা প্ৰযোজিত আৰু চি অশ্বথৰ সংগীতেৰে নিৰ্মিত এইখন ১৯৮৮ চনৰ কৰ্নাডৰ একে নামৰ নাটকৰ অভিযোজন, যিখন স্থানীয় লোককথা আৰু আচাৰ-অনুষ্ঠানৰ আধাৰত ৰচিত…
-
নাগালেণ্ডৰ সংস্কৃতি
নাগালেণ্ডৰ ১৬টা প্ৰধান জনজাতি হ’ল আঙ্গামি, আও, চাখেচাং, চাঙ, খাইমনিউনগান, কঁয়াক, ল’থা, ফ’ম নগা, প’চুৰী, ৰেঙ্গমা, চাঙ্গতাম, চুমী, য়িমচুংগাৰ, কুকি, আৰু জেলিয়াংগ্ৰং। কয়াঁক, আঙ্গামি, আও, ল’থা আৰু চুমী সকল বৃহত্তম নগা জনগোষ্ঠী। এইবোৰৰ উপৰিও আন আন সৰু সৰু জনগোষ্ঠীও নাগালেণ্ডত দেখিবলৈ পোৱা যায়।
-
নাঙেলী গীত
নাঙেলী গীত অসমৰ দৰং জিলাত প্ৰচলিত একপ্ৰকাৰৰ গীত। নাঙেলী গীতক নাইলেনী বা লাইলাং বুলিও কোৱা হয়। বিহু গীতৰ দৰে ত্ৰিপদী ছন্দত ৰচিত এই নাঙেলী গীতবোৰৰ সংখ্যা 'ওঠৰ কুৰি' বুলি পৰম্পৰা প্ৰচলিত। কৃষিজীৱী সমাজখনৰ লোকসকলৰ জীৱনৰ আশা আকাংক্ষা, কামনা বাসনা, বিৰহ ব্যথা নাঙেলী গীতবোৰৰ মাজেদি প্ৰকাশ পায়।
-
নালেও
নালেও (ইংৰাজী: Naleyo) বা নালেও নৃত্য হ’ল উত্তৰ-পূব উগাণ্ডাৰ কাৰিমোজং লোকসকলৰ দ্বাৰা পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্য। ই এক প্ৰেম-নিৱেদনৰ নৃত্য য’ত এফালে মহিলা আৰু আনফালে পুৰুষসকলে দুটা শাৰীত থিয় হৈ নৃত্য পৰিৱেশন কৰে।
-
নাৰীবাদী পৰ্ণ বঁটা
নাৰীবাদী পৰ্ণ বঁটা (ইংৰাজী: Feminist Porn Awards; চমুকৈ FPAs) হৈছে ২০০৬ চনৰ পৰা আৰম্ভ হোৱা এক বাৰ্ষিক প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। ই পোনপ্ৰথমে কানাডাৰ টৰণ্টোত অৱস্থিত ‘গুড ফৰ হাৰ’ নামৰ এখন প্ৰাপ্তবয়স্কৰ সামগ্ৰীৰ দোকানৰ দ্বাৰা আয়োজন কৰা হৈছিল।
-
নিংঙোল চাকৌবা
নিংঙোল চাকৌবা (ꯅꯤꯉꯣꯜ ꯆꯥꯀꯧꯕ; Ningol Chakouba) বা নিংঙোল চাক্কৌবা (ꯅꯤꯉꯣꯜ ꯆꯥꯛꯀꯧꯕ; Ningol Chakkouba) ভাৰতৰ মণিপুৰ ৰাজ্যৰ মীতেই জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা পাৰম্পৰিক লোকউৎসৱ। ইয়াক 'চাকৌবা' বা 'হিয়াংগৈ নিনি পান্বা' বুলিও কোৱা হয়।
-
নিৰ্জন চৈকতে
নিৰ্জন চৈকতে ( The Desolate Beach ) তপন সিনহাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ছবি। ১৯৬৩ চনত মুক্তি পোৱা এই ছবিখন কালকূট ছদ্মনামৰে সাহিত্য ৰচনা কৰা বিশিষ্ট বাংলা লেখক সমৰেশ বসুৰ একে নামৰ উপন্যাসৰ অভিযোজন।
-
নিৰ্মল্যম
নিৰ্মল্যম (നിര്മ്മാല്യം; Nirmalyam) ১৯৭৩ চনত মুক্তি পোৱা এম বাসুদেৱন নায়াৰ ৰচিত আৰু পৰিচালিত, পি জে এণ্টনি, সুমিত্ৰা আৰু ৰবি মেনন অভিনীত এখন মালয়ালম ভাষাৰ চলচ্চিত্ৰ।
-
নীলমপেৰুৰ পদয়নী
নীলমপেৰুৰ পদয়নী (ইংৰাজী: Neelamperoor Padayani) হৈছে ভাৰতৰ কেৰালাৰ আলাপ্পুঝা জিলাৰ নীলমপেৰুৰত অৱস্থিত নীলমপেৰুৰ পল্লী ভগৱতী মন্দিৰত অনুষ্ঠিত হোৱা এক পৰম্পৰাগত পদয়নী উৎসৱ। এই উৎসৱ চিংগম মাহৰ থিৰুভোনাম নক্ষত্ৰৰ পিছৰ পূৰম তিথিত ১৬ দিন ধৰি অনুষ্ঠিত হয়।
-
নীলাকুইল
নীলাকুইল (Neelakuyil; অনুবাদ:দ্য ব্লু কয়েল) হৈছে ১৯৫৪ চনত পি. ভাস্কৰন আৰু ৰামু কাৰিয়েতে যুটীয়াভাৱে পৰিচালনা কৰা এখন মালয়ালম ভাষাৰ ভাৰতীয় চিনেমা। উৰুবে লিখা এটা গল্পৰ আধাৰত এই নব্য-বাস্তৱবাদী মেল’ড্ৰামাখন নিৰ্মিত হৈছিল। উৰুব আৰু পি. ভাস্কৰনে যুটীয়াভাৱে ইয়াৰ চিত্ৰনাট্য লিখিছিল।
-
নীৰজা (চলচ্চিত্ৰ)
নীৰজা ( Neerja) হৈছে ২০১৬ চনৰ ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক থ্ৰিলাৰ ছবি ৰাম মাধৱানীৰ পৰিচালিত আৰু ছাইৱিন কোৱাড্ৰাছ আৰু সন্য়ুক্ত চাওলা শ্বেইখৰ ৰচনা। ফক্স ষ্টাৰ ষ্টুডিঅ’ৰ সমান্তৰালকৈ অতুল কাছবেকাৰৰ কোম্পানী ব্লিং আনপ্লাগেডে নিৰ্মাণ কৰিছিল।
-
নীৰমহল
নীৰমহল যাক টুইজিলিকমা নুয়ুং অৰ্থাৎ'জল প্ৰাসাদ' বুলিও জনা যায়। নীৰমহল হৈছে ত্ৰিপুৰা ৰাজ্যৰ এটা প্ৰাক্তন ৰাজকীয় প্ৰাসাদ। এই নীৰমহলটো ১৯৩০ চনত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে নিৰ্মাণ কৰিছিল।এই মহলটো ভাৰতৰ আটাইতকৈ ডাঙৰ পানীৰ প্ৰাসাদ।
-
নীৰ্জল একাদশী
নীৰ্জল একাদশী হৈছে এক হিন্দু ধৰ্মীয় উৎসৱ। চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি জ্যেষ্ঠ(মে/জুন) মাহৰ একাদশীত এই উৎসৱ পালন কৰা হয়। এই একাদশীৰ নাম পানীৰ অন্য নাম নীৰ আৰু জলৰ পৰা অহা(নীৰ-জল)। এই একাদশীত পানী বিহীন ভাবে ব্ৰত পালন কৰা হয়। ২৪টা একাদশীৰ ভিতৰত এই একাদশীৰ বিশেষত্ব অধিক। ই এক ধৰ্মীয় উৎসৱ।
-
নুৰা পাখাং (ইউ ই তু)
নুৰা পাখাং (Nura Pakhang, Portuguese: Eu e Tu) হৈছে এটা মেইটেই-পৰ্তুগীজ দ্বিভাষিক মিউজিক ভিডিঅ'। ইয়াৰ গীতটো মণিপুৰী লোক সংগীত শিল্পী মাংকা মায়াংগ্লাম্বম আৰু পৰ্তুগীজ সংগীত বেণ্ড ক্লা (Clã) শিল্পীসকলে পৰিৱেশন কৰিছিল। মিউজিক ভিডিঅ'টো পৰিচালনা কৰিছে ৰ'মি মেইটেইয়ে।
-
নৃত্য (ভঙ্গিমা)
নৃত্য (नृत्य, ), যাক নৃত্য, নটনা বা নাট্য বুলিও কোৱা হয়, ভাৰতীয় পৰম্পৰাত "নৃত্য, মঞ্চত অভিনয়, অভিনয়, অংগভংগী, নাট্যাভিনয়"। ইয়াক কেতিয়াবা দুটা ৰূপত বিভক্ত কৰা হয়: নৃত্য বা বিশুদ্ধ নৃত্য, য’ত সংগীতৰ ছন্দ আৰু ভাষা কোনো নৃত্যশিল্পীৰ প্ৰকাশহীন গতিবিধিৰ জৰিয়তে প্ৰকাশ পায়; আৰু নৃত্য বা…