অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

থানমানা পূজা

থানমানা পূজা ( Thanmana Puja) ত্ৰিপুৰাৰ অধিবাসী চাকমাসকলৰ পৰম্পৰাগত পূজা৷ বাংলদেশৰ পাৰ্বত্য অঞ্চলৰ চাকমাসকলেও এই পূজা কৰে৷ ই পূজা নদীৰ তীৰত কৰা হয়৷ থানমানা পূজাক গাং পূজা বা গঙ্গা পূজাও বোলে৷ থানমানা শব্দৰ অৰ্থ “থান’’ মানে ঠাই আৰু “মানা’’ মানে মান বা সন্মান দিয়া; অৰ্থাৎ ঠাইক পূজা কৰা৷থানমানা…

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৫ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

থানমানা পূজা ( Thanmana Puja) ত্ৰিপুৰাৰ অধিবাসী চাকমাসকলৰ পৰম্পৰাগত পূজা৷ বাংলদেশৰ পাৰ্বত্য অঞ্চলৰ চাকমাসকলেও এই পূজা কৰে৷ ই পূজা নদীৰ তীৰত কৰা হয়৷ থানমানা পূজাক গাং পূজা বা গঙ্গা পূজাও বোলে৷ থানমানা শব্দৰ অৰ্থ “থান’’ মানে ঠাই আৰু “মানা’’ মানে মান বা সন্মান দিয়া; অৰ্থাৎ ঠাইক পূজা কৰা৷১থানমানা পূজাৰ লগত নৃত্য পৰিৱেশন কৰা হয়৷ এই নৃত্যক থানমানা নৃত্য বোলে সাধাৰণতে চাকমাসকল বৌদ্ধ ধৰ্মাৱলম্বী যদিও তেওঁলোকে বুদ্ধৰ লগতে আন আন দেৱ-দেৱীৰো পূজা কৰে৷ বাস্তুশাস্ত্ৰৰ লগত সম্পৰ্ক থকা ঠাইৰ পূজা তেওঁলোকে ’থানমানা’ নামেৰে কৰে৷ চাকমাসকলৰ থানমানা পূজা হিন্দু ধৰ্মাৱলম্বী লোকৰ ভূমি পূজনৰ উদ্দেশ্যৰ সৈতে একে বুলি ধৰিব পাৰি৷

গাঁওবাসীৰ মঙ্গলৰ বাবে সকলোৱে মিলি এই পূজা কৰে। এই পূজা দিবৰ বাবে এজন ওজাই পৌৰহিত্য কৰে। সাধাৰণতে আঘোণ মাহত থানমানা কৰা হয়। থানমানা পূজাৰ সময়ত গাঁওবাসীয়ে সামৰ্থ্য অনুসাৰে চাউল, গাহৰি, অন্যান্য দ্ৰব্যাদি আৰু নগদ টকাৰ বৰঙণি আগবঢ়ায়৷ সকলো আয়োজন কৰি সকলোৱে মিলি ভোজ খায়। এইসময়তেই তেওঁলোকে আগন্তুক কৃষিকৰ্মৰ বাবে আলোচনা কৰে আৰু কৃষিৰ বাবে স্থান নিৰ্ধাৰণ কৰি থানমানা পূজাৰ আয়োজন কৰে৷২

পূজাৰ পদ্ধতি

থানমানা পূজাৰ বাবে এডাল বাঁহ কাটি তিনি বা চাৰি টুকুৰা কৰি বা কলগছ কাটি মাটিত পুতি তাত বাঁহৰ শলা বিন্ধাই তাত নানা ৰঙৰ সূতা বা কাপোৰ ওলোমাই বেদীৰ দৰে সজোৱা হয়৷ এই পূজাৰ উদ্দেশ্য কেৱল গাঁৱৰ মংগল কামনা৷ সেয়ে এই পূজা সমূহীয়াকৈ কৰা হয়৷ পূজা শেষ হ’লে ডেকা-গাভৰুৱে মিলি নৃত্য কৰে৷

নৃত্য শৈলী

থানমানা পূজাৰ শেষত থানমানা নৃত্য কৰা হয়৷ এই নৃত্যত সাধাৰণতে ছোৱালীসকলেই অংশগ্ৰহণ কৰা দেখা যায়৷ চাকমাসকলৰ জাতীয় পোছাক পিন্ধি, এটা শাৰীত ছোৱালীসকল নৃত্যস্থলত প্ৰৱেশ কৰি এটি চতুষ্কোণ কৰি থিয় হয়৷ তাৰপিছত হাতযোৰ কৰি বৃত্তাকাৰে ঘূৰি ঘূৰি আহি পূজাৰ বেদীৰ আগত আঁঠু কাঢ়ি সেৱা কৰে৷ ইয়াৰ পিছত মূল নৃত্য আৰম্ভ হয়৷ নৃত্যৰ ভংগীমাত বেছিকৈ হাততালি দি ভংগীমা প্ৰদৰ্শন কৰে৷ পূজাৰ ফুল অৰ্চ্চনা কৰিবলৈ “পদ্মকোষ’’ মুদ্ৰা ব্যৱহাৰ কৰে৷ মধ্য লয়ত সৰল আৰু ভক্তিপূৰ্ণভাবে নৃত্য পৰিৱেশন কৰাটোৱেই এই নৃত্য মূল বৈশিষ্ট্য৷৩ অৱশ্যে আধুনিকতাৰ ফলত চাকমাসকলৰ জীৱন যাত্ৰা পদ্ধতিত সালসলনি অহাৰ লগে লগে বিভিন্ন পূজা-পাৰ্বনৰ লগতে থানমানা বা গাংপূজা আগৰ দৰে পালন কৰা দেখা নাযায়৷৪

তথ্যসূত্ৰ

  1. ↑ ৰঙ্গামাটি পাৰ্বত্য জেলা
  2. ↑ বৌদ্ধধৰ্মীয় সামাজিক কুসংস্কাৰ ও লৌকিক আচাৰ-অনুষ্ঠান
  3. ↑ চক্ৰৱৰ্তী, ড° পদ্মিণী. (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য একটি সমীক্ষা. Directorate of Research, govt of Tripura. পৃ. ৭৫
  4. ↑ পাৰ্বত্য চট্টগ্ৰামেৰ পাহাড়িদেৰ হাৰিয়ে যাচ্ছে বৈচিত্ৰময় কৃষ্টি ঐতিহ্য

সম্পৰ্কিত শ্ৰেণী

ধৰ্মীয় উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থানমানা পূজা” প্ৰবন্ধৰ সংশোধন ৫৩৮১৫৬ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।