অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দক্ষিণ ৰায়

দক্ষিণ ৰায় হৈছে বাংলাদেশ আৰু ভাৰতৰ সুন্দৰবন অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পূজিত এগৰাকী লোকদেৱতা। তেওঁক পশু আৰু দানৱৰ নিয়ন্ত্ৰক বা বাঘৰ ৰাজা বুলি গণ্য কৰা হয়। সুন্দৰবনৰ অধিবাসীসকলে দক্ষিণ ৰায়ক সুন্দৰবনৰ ভাটি অঞ্চলৰ অধিপতি হিচাপে পূজা কৰে।

হালনাগাদ: ১১ মে’ ২০২৫ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দক্ষিণ ৰায় হৈছে বাংলাদেশ আৰু ভাৰতৰ সুন্দৰবন অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পূজিত এগৰাকী লোকদেৱতা। তেওঁক পশু আৰু দানৱৰ নিয়ন্ত্ৰক বা বাঘৰ ৰাজা বুলি গণ্য কৰা হয়। সুন্দৰবনৰ অধিবাসীসকলে দক্ষিণ ৰায়ক সুন্দৰবনৰ ভাটি অঞ্চলৰ অধিপতি হিচাপে পূজা কৰে।১২৩ আন এগৰাকী লোকদেৱী বনবিবি আৰু পীৰ বড়খাঁ গাজীৰ সৈতে দক্ষিণৰায়ৰ সংঘৰ্ষৰ কথা সুন্দৰবনৰ লোককাহিনী, সংস্কৃতি, আৰু পালাগানত পোৱা যায়।

লোক-সংস্কৃতিত

স্থানীয় কিংবদন্তী অনুসৰি, দক্ষিণ ৰায়ৰ ৰাজত্বৰ সীমা দক্ষিণত কাকদ্বীপ, উত্তৰত ভাগীৰথী নদী, পশ্চিমত ঘাটাল আৰু পূবত বাকলা জিলা। প্ৰত্যেক অমাৱস্যাত দক্ষিণৰায় মন্দিৰত পশুবলি দিয়া হয়। লোকবিশ্বাস অনুসৰি দক্ষিণ ৰায়ে গীত-বাদ্য পছন্দ কৰে, গতিকে স্থানীয় লোকসকলে ৰাতি তেওঁৰ মন্দিৰত নাচ-গানৰ আয়োজন কৰে। দক্ষিণ ৰায়ৰ বাৰ্ষিক পূজাৰ সময়ত গায়েসকলে পালাক্ৰমে কবি কৃষ্ণৰাম দাস ৰচিত ৰায়মঙ্গল পৰিৱেশন কৰে, আৰু হিন্দু-মুছলমান নিৰ্বিশেষে বাউল্যা, মউল্যা, মলঙ্গি আদি শ্ৰমজীৱী মানুহে ভক্তিৰে এই গীত শ্ৰৱণ কৰে।৪ সুন্দৰবনৰ অধিবাসীসকলে ম্যানগ্ৰোভ হাবিত মাছধৰা, কাঠ বা মৌ আহৰণৰ কামত যাবলৈ আগতে দক্ষিণ ৰায়ৰ মন্দিৰত পূজা দিয়ে। কিছুমান লোকে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মূৰৰ পিছফালে দক্ষিণ ৰায়ৰ মুখা পৰিধান কৰি হাবিত প্ৰবেশ কৰে।২

মন্দিৰ

কলকাতাৰ গড়িয়া ৰেল ষ্টেচনৰ ওচৰত লক্ষ্মীকান্তপুৰ আৰু ধপধোপিৰ কাষত এখন দক্ষিণ ৰায় মন্দিৰ আছে। এই অঞ্চল আগতে সুন্দৰবনৰ অন্তৰ্ভুক্ত আছিল। এতিয়াও অঞ্চলবাসীয়ে দক্ষিণ ৰায় মন্দিৰত পূজা দিয়ে। দক্ষিণ ৰায়ৰ মূৰ্তিত ডাঙৰ গোঁফ দেখা যায়। তেওঁৰ শৰীৰ পল্কন, চকচকীয়া আৰু হালধীয়া। গাত বাঘৰ দৰে আঁচ থকা দাগ থাকে, মুখৰ দুয়োফালৰ পৰা লেলাউটি বৈ থাকে, আৰু তেওঁৰ প্ৰায় ছয় মিটাৰ দীঘল নেজ আছে।

সাহিত্যত

কবি কৃষ্ণৰাম দাসৰ ৰায়মঙ্গল-ৰ লগতে হৰপ্ৰসাদ শাস্ত্ৰী, দীনেশচন্দ্ৰ সেন, নীহাৰঞ্জন ৰায়, সুনীতি কুমাৰ চট্টোপাধ্যায় আদিয়ে দক্ষিণ ৰায় সম্পৰ্কে লিখিছে।৫ ৰাজশেখৰ বসু (পৰশুৰাম)-ৰ কিছুমান বিখ্যাত চুটিগল্পত আৰু সুনীল গংগোপাধ্যায়ৰ কিশোৰ উপন্যাস জংঘলেৰ মধ্যে গুম্বুজ-ত দক্ষিণ ৰায়ৰ উল্লেখ পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ Protection from the Gods:. lairweb.org.nz
  2. ↑ Valmik Thapar. (1997). Land of the Tiger: A Natural History of the Indian Subcontinent. University of California Press. পৃ. 117–. ISBN 978-0-520-21470-5
  3. ↑ Swati Mitra. (2011). Wild Trail in Bengal: Travel Guide. Goodearth Publications. পৃ. 18–. ISBN 978-93-80262-16-1
  4. ↑ ৰায়মঙ্গল. বাংলাপিডিয়া
  5. ↑ গোপেন্দ্ৰকৃষ্ণ বসু. (2015). বাংলাৰ লৌকিক দেৱতা. দেজ পাবলিশিং. পৃ. 150

সম্পৰ্কিত শ্ৰেণী

সংস্কৃতিবাংলাদেশৰ সংস্কৃতিলোক-সংস্কৃতিদেৱ-দেৱীকিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ ৰায়” প্ৰবন্ধৰ সংশোধন ৫০৭৬৩৫ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।