অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ

দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ ( DaliJunj Aru Hengerbhonga Utsav) কামৰূপ জিলাৰ ছয়গাঁৱৰ চণ্ডিকা দেৱালয়ত দূৰ্গাপূজাৰ সময়ত পালিত এক লোক-উৎসৱ৷ নৱমী পূজাৰ দিনা এই পৰম্পৰা পালিত হয়৷ জনবিশ্বাসমতে পূজাৰ কেইদিন বাহিৰৰ পূজামণ্ডপসমূহত পূজা খাই মন্দিৰলৈ উভতি আহোঁতে, আন কিছুমানৰ মতে মহাদেৱক নোসোধাকৈ মাতৃগৃহলৈ…

হালনাগাদ: ১৫ মে’ ২০২৫ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৩৫
সংশোধনৰ পৰামৰ্শ

দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ ( DaliJunj Aru Hengerbhonga Utsav) কামৰূপ জিলাৰ ছয়গাঁৱৰ চণ্ডিকা দেৱালয়ত দূৰ্গাপূজাৰ সময়ত পালিত এক লোক-উৎসৱ৷ নৱমী পূজাৰ দিনা এই পৰম্পৰা পালিত হয়৷ জনবিশ্বাসমতে পূজাৰ কেইদিন বাহিৰৰ পূজামণ্ডপসমূহত পূজা খাই মন্দিৰলৈ উভতি আহোঁতে, আন কিছুমানৰ মতে মহাদেৱক নোসোধাকৈ মাতৃগৃহলৈ যোৱা১ পাৰ্বতীক মহাদেৱে মন্দিৰত প্ৰৱেশ কৰাত প্ৰৱেশ দ্বাৰত বাঁহ বান্ধি বাধা দিয়ে আৰু বাদানুবাদ হয়৷ তাৰপিছত দেৱীয়ে বলপূৰ্বক বাঁহৰ হেঙাৰ ভাঙি মন্দিৰত প্ৰৱেশ কৰে৷ ছয়গাঁৱৰ এই চণ্ডিকা দেৱালয়ৰ লগত চান্দ সদাগৰৰ কাহিনী জড়িত৷২ কথিত আছে চান্দ সদাগৰে সপোনত পোৱা নিৰ্দেশমতে কৈলাসৰ পৰা দূৰ্গা দেৱীক কান্ধত আনি চম্পক নগৰত স্থাপন কৰিছিল৷ এই মন্দিৰেই শ্ৰীশ্ৰীচণ্ডিকা মন্দিৰ৷ শিৱসিংহৰ দিনৰে পৰা ইয়াত পূজা-অৰ্চনা চলি আহিছে৷ এই মন্দিৰৰ দেৱী পূজা কিছু ব্যতিক্ৰমী৷ ষষ্ঠীৰ দিনা ঘটপূজাৰে দূৰ্গা পূজা আৰম্ভ হয়৷১

লোকবিশ্বাসমতে, পূজাৰ কেইদিন বাহিৰত পূজা খাই নৱমীৰ সন্ধিয়া মন্দিৰত প্ৰৱেশ কৰিবলৈ পাঁচবাৰ প্ৰদক্ষিণ কৰে৷ এই সময়তে কলগছৰ ডিলা দলিয়াই ভক্তসকলৰ মাজত যুঁজ হয়৷ এয়েই দলিযুঁজ৷ তাৰপাছত মহাদেৱে মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়াত দেৱীৰ ভক্তসকলে দেৱীক সহায় কৰিবলৈ আগবাঢ়ে আৰু শিৱভক্ত আৰু দেৱীভক্তৰ মাজত বাঁহডালক লৈ টনা-আজোৰা হয়৷ ইয়াকে হেঙাৰভঙা যুঁজ বোলে৷ এই যুঁজ চাবলৈ মন্দিৰ চৌহদত অনেক মানুহৰ সমাগম হয়৷৩

এই দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱৰ নেতৃত্ব দিয়ে দুগৰাকী ব্ৰাহ্মণ ভক্তই৷ এগৰাকী শিৱৰ আৰু আনগৰাকীয়ে দূৰ্গাৰ ভাও দি অনুষ্ঠানটো পৰিৱেশন কৰে৷ নৱমীৰ দিনা পিছবেলা দেৱীৰ ভক্তসকলে দেৱীক ডাংকোলাকৈ আনি মন্দিৰৰ চাৰিওফালে পাঁচবাৰ ঘূৰোৱাৰ পিছত শিৱৰ ভাও লোৱা ভকতজনে দূৰ্গাৰ ভাও লোৱা ভকতজনক উদ্দেশ্যি কথিত ভাষাত বাদানুবাদ হয়৷

শিৱভক্ত: এমান দিন ক’ক গেইছিলি?

দূৰ্গাভক্ত: মাইথেৰ ঘৰত গেইছিলু৷

শিৱভক্ত: কাক সুধি গেইছিলি?

দূৰ্গাভক্ত: মাইথেৰ ঘৰোত যাওঁতে কাকনো সুধিবা লাগে?

শিৱভক্ত: গাতোচোন ৰক্ত, মাংস, মদ, গাহৰি...মিয়াৰেৰ গেছিলিনা কবাত বলি খাবা গেছিলি?

দূৰ্গাভক্ত: মাইথেৰ ঘৰত পোৰামাছ আৰু পণ্টাভাত খাই আইহছু৷১

এই কথাত মহাদেৱে বিশ্বাস নকৰে আৰু মন্দিৰ প্ৰৱেশত বাধা দিয়াত দুয়োপক্ষৰ ভকতসকলৰ মাজত দলিযুঁজ হয়৷ এই যুঁজত মহাদেৱ পৰাস্ত হৈ বাঁহ বান্ধি হেঙাৰ দিয়ে৷ ভকতসকলে এই বাঁহৰ হেঙাৰো ভাঙি দেৱীক মন্দিৰত প্ৰৱেশ কৰোৱায়৷

হেঙাৰভঙাৰ বাঁহডালক সফলতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ এই বাঁহৰ এটি অংশ মাছ মৰা সঁজুলিত সংযোগ কৰিব পাৰিলে অধিক মাছ ধৰিব পাৰি আৰু অপায়-অমংগল দূৰ হয় বুলি বিশ্বাস৷ সেয়ে, এটুকুৰা বাঁহৰ বাবে কেতিয়াবা অৰিয়াঅৰিও হোৱা দেখা যায়৷১

তথ্যসূত্ৰ

  1. ↑ বৰা, ড° ভদ্ৰ কান্ত. (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃ. ৫৪
  2. ↑ ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয় আৰু বাঘেশ্বৰী দেৱালয়ত দূৰ্গা পূজা
  3. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৫০৮৮৯৫ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।