অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী

থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী (Thrissur Pooram Exhibition) হৈছে সৰ্বভাৰতীয় কৃষি, উদ্যোগ, শিক্ষা আৰু সাংস্কৃতিক প্ৰদৰ্শনী, কেৰালাৰ থ্ৰিচূৰত অৱস্থিত পাৰামেক্কাভু ভাগৱতী মন্দিৰ দেৱস্বম আৰু তিৰুৱাম্বাদি শ্ৰীকৃষ্ণ মন্দিৰ দেৱস্বমে যৌথভাৱে আয়োজন কৰা এখন বৃহৎ প্ৰদৰ্শনী।

হালনাগাদ: ৯ আগষ্ট ২০২৬ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী (Thrissur Pooram Exhibition) হৈছে সৰ্বভাৰতীয় কৃষি, উদ্যোগ, শিক্ষা আৰু সাংস্কৃতিক প্ৰদৰ্শনী, কেৰালাৰ থ্ৰিচূৰত অৱস্থিত পাৰামেক্কাভু ভাগৱতী মন্দিৰ দেৱস্বম আৰু তিৰুৱাম্বাদি শ্ৰীকৃষ্ণ মন্দিৰ দেৱস্বমে যৌথভাৱে আয়োজন কৰা এখন বৃহৎ প্ৰদৰ্শনী। এই প্ৰদৰ্শনী থেক্কিনকাডু ময়দানত অনুষ্ঠিত হয়। থ্ৰিচূৰ পুৰাম উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদৰ্শনীখন সাধাৰণতে ৪০ৰপৰা ৫০ দিন ধৰি অনুষ্ঠিত কৰা হয়। দৰ্শনাৰ্থীৰ উপস্থিতি আৰু প্ৰদৰ্শনীস্থলীৰ মজিয়াৰ আয়তনৰ দিশৰপৰা ই কেৰালাৰ সৰ্ববৃহৎ প্ৰদৰ্শনী হিচাপে পৰিগণিত। ১২৩

ইতিহাস

প্ৰদৰ্শনীখন থ্ৰিচূৰ চহৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ যুৱকসকলে আয়োজন কৰিছিল। ১৯৩২ চনত ইয়াৰ আৰম্ভণি হয় আৰু ১৯৪৭ চনলৈকে ই স্বদেশী প্ৰদৰ্শনী নামেৰে পৰিচিত আছিল। ইয়াৰ পিছত থ্ৰিচূৰ পৌৰ নিগমে ১৯৬৭ চনলৈকে প্ৰদৰ্শনীখনৰ দায়িত্ব গ্ৰহণ কৰে। সেই সময়ছোৱাত ইয়াক সৰ্বভাৰতীয় কৃষি, উদ্যোগ আৰু শিক্ষা প্ৰদৰ্শনী নামেৰে জনা গৈছিল। ১৯৬৩ চনত থ্ৰিচূৰ পৌৰ নিগমে প্ৰদৰ্শনীখনৰ দায়িত্ব পাৰামেক্কাভু আৰু তিৰুৱাম্বাদি দেৱস্বমৰ হাতত অৰ্পণ কৰে। পৰৱৰ্তী বছৰৰপৰা প্ৰদৰ্শনীখনৰ নাম সলনি কৰি থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী ৰখা হয়।

অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহ

প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা প্ৰধান চৰকাৰী আৰু বেচৰকাৰী সংস্থা, প্ৰতিষ্ঠান আৰু বিভাগসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল ঔষধি (Oushadhi), কইৰ ব’ৰ্ড, কেৰালা আৰক্ষী, কেৰালা আবকাৰী বিভাগ, সৰ্বভাৰতীয় ৰেডিঅ’, ভাৰতীয় ৰে’লৱে (পূৰ্বতে), ভাৰত পেট্ৰ’লিয়াম, ভাৰত ইলেক্ট্ৰনিক্স, ভাৰত আৰ্থ মুভাৰ্ছ, ভাৰত সঞ্চাৰ নিগম, কেৰালা বন বিভাগ, ভাৰতীয় খাদ্য নিগম, নাৰিকল উন্নয়ন ব’ৰ্ড, হিন্দুস্তান নিউজপ্ৰিণ্ট লিমিটেড, কেৰালা কৃষি বিশ্ববিদ্যালয়, হিন্দুস্তান এৰ’নটিক্স লিমিটেড, ভাৰতীয় আয়কৰ বিভাগ, কেৰালা উদ্যোগ বিভাগ, কেৰালা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, কেৰালা ভেটেৰিনাৰী আৰু এনিমেল ছায়েন্সেছ বিশ্ববিদ্যালয় আৰু জুবিলী মিছন মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট। ৪৫

টিকটৰ দাম

২০১২ চনত প্ৰদৰ্শনীখনৰ প্ৰৱেশমূল্য আছিল ৫ টকা। ২০১৩ চনত এই মূল্য বৃদ্ধি কৰি সাধাৰণ দিনত ১০ টকা আৰু পুৰামৰদিনা ১৫ টকা কৰা হয়। পৰৱৰ্তী সময়ত প্ৰৱেশমূল্য বৃদ্ধি কৰি প্ৰতি ব্যক্তিৰ বাবে ৩৫ টকা কৰা হয়। ২০২৫ চনত সাধাৰণ দিনত টিকটৰ মূল্য আছিল ৪০ টকা, আনহাতে পুৰামৰ আগৰ, পূৰমৰ দিন আৰু পুৰামৰ পিছৰ দিনসমূহত মূল্য আছিল ৫০ টকা। চাৰি বছৰৰ ঊৰ্ধ্বৰ সকলোৰে বাবে সম্পূৰ্ণ টিকটৰ প্ৰয়োজন হয়। প্ৰদৰ্শনীখন পুৱা ১০ বজাৰপৰা নিশা ৯ বজালৈ খোলা থাকে। ২০২৫ চনত প্ৰদৰ্শনীখনত প্ৰায় ১৮০টা বিপণী আৰু ৭০টা পেভিলিয়ন স্থাপন কৰা হৈছিল। প্ৰদৰ্শনীস্থলীত শিশুসকলৰ বাবে বিভিন্ন মনোৰঞ্জনমূলক ৰাইড আৰু বিভিন্ন ধৰণৰ খাদ্যৰ বিপণীও থাকে। প্ৰদৰ্শনীখন পৰিচালনা কৰে এখন সমিতিয়ে। এই সমিতিত দেৱস্বমসমূহৰ মনোনীত প্ৰতিনিধি, থ্ৰিচূৰ পৌৰ নিগম, কোচিন দেৱস্বম ব’ৰ্ড, বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি, চৰকাৰী বিষয়া আৰু সাধাৰণ ৰাইজৰ প্ৰতিনিধি অন্তৰ্ভুক্ত থাকে। ৬৭৮৯

তথ্যসূত্ৰ

  1. ↑ (2009-04-03). Pooram exhibition begins. দ্য হিন্দু
  2. ↑ (2011-04-19). Pooram exhibition drawing crowds. দ্য হিন্দু
  3. ↑ Thrissur Pooram exhibition. The Hindu
  4. ↑ (16 May 2012). Pooram fair to end on May 23. The Hindu
  5. ↑ Chiranjeevi to open Thrissur Pooram exhibition today. The New Indian Express
  6. ↑ Thrissur Pooram exhibition to open today. City Journal
  7. ↑ Chiranjeevi to open Thrissur Pooram exhibition today. The New Indian Express
  8. ↑ (16 May 2012). Pooram fair to end on May 23. The Hindu
  9. ↑ Ministers Suresh Gopi, K Rajan inaugurate Thrissur Pooram exhibition. Ministers Suresh Gopi, K Rajan inaugurate Thrissur Pooram exhibition

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিকেৰালাৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী” প্ৰবন্ধৰ সংশোধন ৬২৫৫১৩ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।