কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভিক্টোৰিয়া মেম’ৰিয়েল, কলকাতা
ভিক্টোৰিয়া মেম’ৰিয়েল (The Victoria Memorial) মধ্য কলকাতাৰ মৈদানত অৱস্থিত মাৰ্বলৰ এটা বৃহৎ কীৰ্তিচিহ্ন, যাৰ প্ৰৱেশদ্বাৰ কুইনছ ৱে’ত আছে। ব্ৰিটিছ ৰাজৰ দ্বাৰা ইয়াক ১৯০৬ চনৰ পৰা ১৯২১ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
ভূঁই ৰোৱা উৎসৱ
গোছ ৰোৱা বা ভূঁই ৰোৱা অসমৰ বিভিন্ন অঞ্চলত পালন কৰা এক কৃষিভিত্তিক অনুষ্ঠান বা লোক-উৎসৱ। বাৰিষা কালত পথাৰত একোজন কৃষকৰ বছৰটোৰ প্ৰথম ভূঁই ৰোৱাৰ দিনা এই উৎসৱ পালন কৰা হয়। ই প্ৰকৃততে আহাৰ-শাওণ মাহত শালিধানৰ ন-ভূঁই ৰোৱা বা কঠীয়া ৰোৱা কাৰ্যৰ আনুষ্ঠানিক আৰম্ভণি।
-
ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া
ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া (Bhuj: The Pride of India) অভিষেক দুধাইয়াৰ দ্বাৰা পৰিচালিত ২০২১ চনৰ ঐতিহাসিক যুদ্ধ সম্বন্ধীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰ, যিখন তেতিয়াৰ ভূজ বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত আইএএফ স্কোয়াড্ৰন লিডাৰ বিজয় কাৰ্ণিকৰ আধাৰত নিৰ্মিত; যিয়ে…
-
ভূমিকা (চলচ্চিত্ৰ)
ভূমিকা (Bhumika) ১৯৭৭ চনৰ শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ছবিখনত অভিনয় কৰিছে স্মিতা পাটিল, আমোল পালেকাৰ, অনন্ত নাগ, নাছিৰুদ্দিন শ্বাহ আৰু অমৰীশ পুৰীয়ে।
-
ভোমা
ভোমা (ইংৰাজী: Bhoma) হ’ল বালিনীজ পৌৰাণিক কাহিনীৰ এগৰাকী আদিম পৃথিৱী দেৱতা যি উৰ্বৰতা, উদ্ভিদ আৰু বন্য তথা মানৱ বসতিৰ মাজৰ সীমৱৰ্তী স্থানৰ সৈতে জড়িত। ভোমাৰ প্ৰতিচ্ছবি বালিনীজ স্থাপত্যত এক গ্ৰটেস্ক বা অদ্ভুত মুখ হিচাপে খোদিত কৰা হয়, যিয়ে মন্দিৰ কমপ্লেক্সৰ বিশেষ অংশসমূহক দুষ্ট আত্মাৰপৰা ৰক্ষা…
-
ভৌতিক সংস্কৃতি
লোক-সংস্কৃতিৰ চাৰিটা ক্ষেত্ৰৰ ভিতৰত এটা অন্যতম ক্ষেত্ৰ বা শ্ৰেণী হৈছে ভৌতিক সংস্কৃতি। লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে সামৰি লোৱা মৌখিক কলা - কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিৰ বহিঃ প্ৰকাশেই মূলতঃ ভৌতিক সংস্কৃতি।
-
ভৱাই নৃত্য
ভৱাই নৃত্য উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ ধাৰা। এই নৃত্যশৈলী অত্যন্ত কঠিন আৰু ইয়াৰ পৰিবেশন পদ্ধতি ৰোমাঞ্চকৰ। নৃত্যৰ সময়ত, নৃত্যশিল্পীসকলে মাটিৰ পাত্ৰ বা ধাতুৰ কলহ মূৰত সজাই চাৰিওফালে ঘূৰি ঘূৰি নাচে।
-
মটকি নৃত্য
মাটকি নৃত্য ( Matki Dance) মধ্যপ্ৰদেশৰ মালৱা জনগোষ্ঠীৰ মহিলাসকলৰ মাজত প্ৰচলিত এক নৃত্য৷ সাধাৰণতে বিবাহ অনুষ্ঠানত এই নৃত্য প্ৰদৰ্শন কৰা হয়৷ নৃত্যত ভাগ লোৱা মহিলাসকলে মুখত দীঘল ওৰণী লৈ মূৰত মাটিৰে নিৰ্মিত পানী অনা কলহ লৈ নৃত্য কৰে৷ এই নৃত্যৰ “আড়া’’ আৰু “খাড়া নাচ’’ নামৰ দুটা প্ৰকাৰ আছে৷ মাটকি শব্দৰ…
-
মটু পতলু
মটু পতলু হ'ল ভাৰতৰ টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ। যিটো কমিক্ছ চিৰিজ লট পটৰ অনুৰূপ। এইটো ১৬ অক্টোবৰ ২০১২ পৰা আৰম্ভ হয়, যাৰ প্ৰথম পৰ্ব আছিল "জন বানেগা ডন"। এইটো শিশুহঁতৰ বৰ প্ৰিয় অনুষ্ঠান। এই কাৰ্টুনৰ প্ৰধান তিনিটা চৰিত্ৰ হ'ল মটু, পতলু আৰু জন।
-
মণ্ডি (১৯৮৩ চলচ্চিত্ৰ)
মণ্ডি (Mandi (1983 film)) (ইংৰাজী: মাৰ্কেট প্লেচ) ১৯৮৩ চনত শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ভাষাৰ ছবি। লেখক গোলাম আব্বাছ ৰ এটি উৎকৃষ্ট উৰ্দু চুটি গল্প আনন্দী ৰ আধাৰত আধাৰিত এই চলচ্চিত্ৰখনে এখন চহৰৰ মাজভাগত অৱস্থিত এখন পতিতালয়ৰ কাহিনী বৰ্ণনা কৰিছে, যিটো অঞ্চলক কিছুমান ৰাজনীতিবিদে ইয়াৰ…
-
মধ্য-শৰৎ উৎসৱ
মধ্য-শৰৎ উৎসৱ, চন্দ্ৰ উৎসৱ বা মুনকেক উৎসৱ নামেৰেও পৰিচিত, চীনা সংস্কৃতিত উদযাপিত এটা শস্য চপোৱা উৎসৱ। ই চীনা চান্দ্ৰ-সৌৰ পঞ্জিকাৰ অষ্টম মাহৰ ১৫ তাৰিখে অনুষ্ঠিত হয় আৰু গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি ৭ ছেপ্টেম্বৰৰপৰা ৮ অক্টোবৰৰ ভিতৰত যিকোনো তাৰিখত পৰিব পাৰে।
-
মন্দ মেয়েৰ উপাখ্যান
মন্দ মেয়েৰ উপাখ্যান (Mondo Meyer Upakhyan; অনুবাদ: নষ্ট ছোৱালীৰ উপাখ্যান) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত ২০০২ বৰ্ষৰ এখন বঙালী ভাষাৰ চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে সমতা দাসে। অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত আছে তাপস পাল, ঋতুপৰ্ণ সেনগুপ্ত, শ্ৰীলেখা মিত্ৰ, সুদীপ্ত চক্ৰৱৰ্তী আৰু জুন মালিয়া।
-
মম (চলচ্চিত্ৰ)
মম (Mom) হৈছে ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ক্ৰাইম থ্ৰিলাৰ ছবি ৰবি উদ্যাৱাৰৰ পৰিচালনাত, যাৰ চিত্ৰনাট্য গিৰীশ কোহলীৰ। ছবিখনত শ্ৰীদেৱীয়ে এগৰাকী ভিজিলেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে পাৰ্টিত সতি-সন্ততিৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ পিছত প্ৰতিশোধ ল’বলৈ ওলাইছে।
-
ময়ূৰ নৃত্য
ময়ূৰ নৃত্য (Peacock dance or Peafowl dance) বা ময়ূৰ চৰাই নৃত্য এছিয়াৰ এক পৰম্পৰাগত লোকনৃত্য। এই নৃত্যই ময়ূৰৰ সৌন্দৰ্য্য আৰু গতিবিধিক চিত্ৰায়িত কৰে।
-
মহাবীৰ জয়ন্তী
মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান মহাবীৰৰ জন্ম জয়ন্তী হিচাপে এই দিন পালন কৰা হয়। ভগৱান বৰ্ধমান মহাবীৰ জৈন ধৰ্মৰ ২৪তম তথা তীৰ্থাংকৰ। চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত উদযাপিত হোৱা এই উৎসৱ ইংৰাজী মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়।
-
মহাৰাষ্ট্ৰ দিৱস
মহাৰাষ্ট্ৰ দিৱস (महाराष्ट्र दिन; Maharashtra Day) মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা চৰকাৰী বন্ধৰ দিন। ১৯৬০ চনৰ ১ মে’ত বোম্বে প্ৰদেশ বিভাজন হৈ মাৰাঠাভাষী ৰাজ্য মহাৰাষ্ট্ৰ গঠন কৰা হৈছিল। এই দিনটোৰ সোঁৱৰণত মহাৰাষ্ট্ৰ দিৱস পালন কৰা হয়। কুছকাৱাজ, বক্তৃতা বা অন্যান্য অনুষ্ঠানৰ যোদেগি এই দিৱস পালন কৰা হয়।
-
মহেঞ্জোদাৰো (চলচ্চিত্ৰ)
মহেঞ্জোদাৰো (मोहेंजो दड़ो) হ’ল ২০১৬ চনৰ ১২ আগষ্টত মুক্তি লাভ কৰা এখন ঐতিহাসিক-ৰোমান্টিক ভাৰতীয় চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত আৰু সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু সুনীতা গোৱাৰিকৰৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত হৃত্বিক ৰোছন আৰু পূজা হেগড়ে মূল নায়ক আৰু নায়িকা হিচাপে অভিনয় কৰিছে।
-
মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী
নৃত্যৰতা যুৱতী (Dancing Girl of Mohenjo-daro) হৈছে সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি।
-
মাইহাং
মাইহাং অসমত পৰম্পৰাগতভাৱে আহাৰ গ্ৰহণ কৰিবলৈ ব্যৱহাৰ হোৱা নাল বা ধাৰকযুক্ত কাঁহীবিশেষ। মাইহাং সমূহ কাঁহেৰে নিৰ্মাণ কৰা হয়। একেধৰণৰ আন এখন কাঁহী হৈছে বানকাঁহী। মাইহাঙখন মূলতঃ তিনিটা ঠেং যুক্ত কাঁহী।
-
মাটি আখৰা
সত্ৰীয়া নৃত্যৰ বাবে মাটি আখৰা অপৰিহাৰ্য। ইয়াৰ দ্বাৰা শৰীৰটো নাচৰ উপযোগী হোৱাৰ লগতে বিভিন্ন ভংগী শুদ্ধভাবে দিয়াত সুবিধা হয়। তদুপৰি সত্ৰীয়া নাচৰ বেলা শাস্ত্ৰীয় নৃত্য কলাৰ অভিনয়ে হস্তত আৰম্ভ কৰি ৰণলৈকে বিশেষ শিক্ষা নিদিলেও এই মাটি আখৰা শিকিয়েই ধ্ৰুপদী নৃত্যৰ সৰহখিনি কথা জানিব পাৰি।
-
মাপিলা থেয়াম
মাপিলা থেয়াম উত্তৰ মালাবাৰত বিশেষকৈ কাছাৰাগোড জিলাত পৰিবেশন কৰা থেয়ামৰ এটা আঞ্চলিক ৰূপ, ই মালাবাৰ উপকূলৰ মাপিলা মুছলমানসকলৰ সৈতে জড়িত। এই থেয়ামক মাভিলান, কোপ্পালান আৰু ভান্নান সম্প্ৰদায়ে দেৱতা হিচাপে গ্ৰহণ কৰে আৰু হিন্দু আৰু মুছলমানৰ সহযোগত এই কাম কৰে।
-
মালা
মালা হৈছে ফুল, পাত বা অন্যান্য সামগ্ৰীৰে সজ্জাগত বেণী গাঁঠি বা চিলাই বনোৱা এক আলংকাৰিক সামগ্ৰী। মালা মূৰত বা ডিঙিত পিন্ধিব পাৰি, নিৰ্জীৱ বস্তুত ওলোমাই দিব পাৰি, বা সাংস্কৃতিক বা ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থানত ৰাখিব পাৰি।
-
মাৰুণী নৃত্য
মাৰুনী নৃত্য (Maruni) অসমত বসবাস কৰা গোৰ্খা নেপালীসকলৰ এক লোকনৃত্য৷ এই নৃত্য অসমৰ উপৰি নেপাল, দাৰ্জিলিং, ভূটান, ম্যানমাৰ আদিত যথেষ্ট জনপ্ৰিয়৷ মাৰুণী নৃত্য আদিতে মগৰ সম্প্ৰদায়ৰ নৃত্য আছিল, কিন্তু পাছলৈ নেপালী জনগোষ্ঠীৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ লোকেও ইয়াক গ্ৰহণ কৰে৷ নেপালী সংস্কৃতিৰ প্ৰায়বোৰতে…
-
মাৰে গান
মাৰে গান বা মাৰে গীত বা মাৰেগোৱা ওজাপালি ভাৰতৰ অসমৰ পাতি ৰাভা সম্প্ৰদায়ৰ এক পৰম্পৰাগত আচাৰ-অনুষ্ঠান-গায়ন পৰিৱেশন। ই সৰ্প দেৱী মনসা (বিষহৰী বা মাৰে দেৱী বুলিও জনাজাত)ৰ পূজাৰ সৈতে জড়িত, আৰু ই সম্প্ৰদায়টোৰ যাদুকৰী-ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে উপস্থাপন কৰে।
-
মাৰ্গামকালি নৃত্য
মাৰ্গামকালি (মালয়ালম:മാർഗ്ഗംകളി ) হৈছে কেৰালা ৰাজ্যকে ধৰি চেণ্ট থমাছ খ্ৰীষ্টান সম্প্ৰদায়ৰ এটা প্ৰাচীন ভাৰতীয় ঘূৰণীয়া নৃত্য, মূলতঃ ক্নানায়া বা দক্ষিণবাদী খ্ৰীষ্টান নামেৰে জনাজাত এণ্ডোগেমছ উপ-পন্থাই অনুশীলন কৰে।
-
মিচিং লোকগীত
মিচিং সকলৰ গীতি সাহিত্যৰ ভঁৰাল বিভিন্ন মৰ্মস্পৰ্শী গীতৰ সুৰেৰে সমৃদ্ধ। গ্ৰাম্য জীৱনৰ চিৰন্তন অনুভূতি, প্ৰকৃতি স্পৃহা, চহা ভাষাৰ প্ৰাচুৰ্য, তাৰুণ্যৰ ভাৱোচ্ছাস, মিলনৰ বাসনা আদি মিচিং লোকগীতৰ বৈশিষ্ট্য। চমুকৈ কবলৈ গ'লে মিচিং লোকগীতবোৰ মিচিং জনজীৱনৰ এক জীৱন্ত চিত্ৰ বহন কৰে।
-
মিছ কমলা
মিছ কমলা (Miss Kamala) ১৯৩৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন টি পি ৰাজলক্ষ্মীয়ে ৰচনা আৰু পৰিচালিনা কৰিছে। ৰাজলক্ষ্মীৰেই কমলাৱল্লী নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
মিডি সংগীত উৎসৱ
মিডি সংগীত উৎসৱ (ইংৰাজী: Midi Music Festival), যাকে কেতিয়াবা মিডি আধুনিক সংগীত উৎসৱ বা চমুকৈ মিডি উৎসৱ বুলিও কোৱা হয়, হৈছে চীন দেশৰ অন্যতম বৃহৎ ৰক সংগীতৰ উৎসৱ। এই উৎসৱৰ আয়োজন কৰে বেইজিং মিডি স্কুল অৱ মিউজিকে।
-
মিষ্টাৰ এণ্ড মিচেছ মাহী
মিষ্টাৰ এণ্ড মিচেছ মাহী (Mr. & Mrs. Mahi) হৈছে শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০২৪ চনৰ হিন্দী ভাষাৰ এখন ৰোমাণ্টিক ক্ৰীড়া-নাট্যধৰ্মী চলচ্চিত্ৰ। জি ষ্টুডিঅ’ছ আৰু ধৰ্ম প্ৰডাকশ্যন্সে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰে।
-
মিৰ্ছ মছালা
মিৰ্ছ মছলা (Mirch Masala)) ১৯৮৭ চনত মুক্তি পোৱা কেতন মেহতা পৰিচালিত এখন হিন্দী মনস্তাত্বিক থ্ৰিলাৰ ছবি। ইয়াত নাছিৰুদ্দিন শ্বাহ আৰু স্মিতা পাটিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন প্ৰযোজনা কৰিছিল NFDC-এ।