অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভৱাই নৃত্য

ভৱাই নৃত্য উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ ধাৰা। এই নৃত্যশৈলী অত্যন্ত কঠিন আৰু ইয়াৰ পৰিবেশন পদ্ধতি ৰোমাঞ্চকৰ। নৃত্যৰ সময়ত, নৃত্যশিল্পীসকলে মাটিৰ পাত্ৰ বা ধাতুৰ কলহ মূৰত সজাই চাৰিওফালে ঘূৰি ঘূৰি নাচে।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভৱাই নৃত্য উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ ধাৰা। এই নৃত্যশৈলী অত্যন্ত কঠিন আৰু ইয়াৰ পৰিবেশন পদ্ধতি ৰোমাঞ্চকৰ। নৃত্যৰ সময়ত, নৃত্যশিল্পীসকলে মাটিৰ পাত্ৰ বা ধাতুৰ কলহ মূৰত সজাই চাৰিওফালে ঘূৰি ঘূৰি নাচে। তেওঁলোকে তৰোৱালৰ ধাৰ,ধাতুৰ কাঁহীৰ কাষ বা ভাঙি থকা কাঁচৰ ওপৰত ভৰ দি নৃত্য পৰিবেশন কৰে।১

ভৱাই নৃত্যৰ প্ৰথম ভাৰতীয় শিল্পী আছিল ৰাজস্থানৰ যোধপুৰৰ শ্ৰীমতী কৃষ্ণা ব্যাস ছাঙ্গানি।

ভৱাই নৃত্যৰ সময়ত, ওৰণিৰে মুখ ঢকা মহিলা নৃত্যশিল্পীসকলে মূৰত ২২টা পৰ্যন্ত কলহ সজাই ৰাখে, যাৰ ভিতৰত ৯ টাত জুই জ্বলোৱা হয়। তেওঁলোকে এই জ্বলন্ত কলহবোৰ মূৰত লৈ, বাদ্যযন্ত্ৰৰ তালে তালে তৰোৱালৰ ধাৰ, ধাতুৰ কাঁহীৰ কাষৰ অংশত বা ভাঙি থকা কাঁচৰ ওপৰত আঙুলিৰে ভৰ দি নৃত্য কৰে। নৃত্যৰ সময়ত, মূৰত থকা কলহবোৰ যাতে পৰি নাযায়, তাৰ বাবে তেওঁলোকে সন্তুলন বজাই ৰাখে। এই বিপজ্জনক আৰু কঠিন নৃত্যশৈলীয়ে দৰ্শকৰ মনত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰি তেওঁলোকক মনোৰঞ্জন দিয়ে।২

মহিলা নৃত্যশিল্পীসকলৰ নৃত্যৰ সময়ত, পুৰুষ শিল্পীসকলে শুৱলা সুৰত গীত গায় আৰু পাখোৱাজ, ঢোলক, ঝাঁঝৰ, চাৰেংগী আৰু হাৰ্মোনিয়াম আদি বাদ্যযন্ত্ৰ বজাই নৃত্যত সংগ দিয়ে।

ইতিহাস

ঐতিহ্যগতভাৱে, ৰাজস্থানৰ জাট, ভীল, ৰায়গড়, মীনা, কুম্ভাৰ আৰুকালবেলীয়া সম্প্ৰদায়ৰ মহিলা শিল্পীসকলে নৃত্যৰ এই বিশেষ ধাৰাৰ উদ্ভাৱন কৰিছে।৩ এই সম্প্ৰদায়ৰ মহিলাসকলে মূৰত এটাৰ ওপৰত এটাকৈ কলহ সজাই মৰুভূমিৰ দূৰ-দূৰণিৰ পৰা পানী আনিছিল। ধাৰণা কৰা হয় যে, তেওঁলোকৰ এই দক্ষতাক ব্যৱহাৰ কৰি এই নৃত্যশৈলীৰ উদ্ভাৱন কৰা হৈছে।

অধিক চাওক

  • ভাৰতৰ নৃত্য
  • ঘুমৰ নৃত্য: ঘুমৰ ভাৰতৰ ৰাজস্থানৰ মহিলাৰ পৰম্পৰাগত লোকনৃত্য

তথ্যসূত্ৰ

  1. ↑ Sharma, K. C. (2015). Dance Drama and Music: A Trinity of Indian Culture and Literature. International Journal of Literary Studies, 5(3), 127
  2. ↑ Mehta, D. Cultural Consciousness: Elements of Gujarati Folk Forms in Dance Movement Psychotherapy
  3. ↑ Arora, Sakshi. (2019-09-25). Bhavai Dance - History, Costume, Performance, Facts & Trivia. Gujarat Travel Blog

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নৃত্যভাৰতৰ লোকনৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱাই নৃত্য” প্ৰবন্ধৰ সংশোধন ৪৬৯০৬৯ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।