মিছ কমলা (Miss Kamala) ১৯৩৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন টি পি ৰাজলক্ষ্মীয়ে ৰচনা আৰু পৰিচালিনা কৰিছে। ৰাজলক্ষ্মীৰেই কমলাৱল্লী নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত ৰাজলক্ষ্মীৰ সৈতে টি ভি সুন্দৰম, "বেটলিং" চি এছ ডি সিং, ভি এছ মণি, টি পি ৰাজাগোপাল আৰু "ষ্টাণ্ট" ৰাজুৱে অভিনয় কৰিছে। মিছ কমলা এগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম তামিল পূৰ্ণদৈৰ্ঘ্য ছবি আছিল। এই ছবিখনে ৰাজলক্ষ্মীক দক্ষিণ ভাৰতৰ প্ৰথমগৰাকী আৰু ভাৰত দ্বিতীয় মহিলা পৰিচালকৰ খিতাপ দিছিল। তেওঁ ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনাৰ উপৰিও ছবিখনৰ ৰচনা, সংগীত আৰু সম্পাদনাও কৰে। ছবিখনৰ কোনো প্ৰিন্ট বাচি থকা বুলি জনা নাযায়, যাৰ বাবে ই এখন হেৰাই যোৱা ছবি হৈ পৰিছে।
নিৰ্মাণ
১৯৩০ দশকৰ সময়ছোৱাত তামিল চলচ্চিত্ৰৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী ৰাজালক্ষ্মীয়ে১ ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। ৰাজলক্ষ্মীয়ে নিজেই ৰচনা কৰা কমলাৱল্লী নামৰ উপন্যাসখনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল; আৰু ই আছিল তেওঁৰ প্ৰথম উপন্যাস।২ প্ৰথমবাৰৰ বাবে সামাজিক উপন্যাসৰ আধাৰত এখন তামিল ছবি নিৰ্মাণ কৰা হৈছিল।৩ চিত্ৰনাট্য আৰু পৰিচালনাৰ উপৰিও তেওঁ সংগীতৰ ৰচনা আৰু ছবিখনৰ সম্পাদনাও কৰিছিল।৪ ছবিখন পৰিচালনা কৰি ৰাজলক্ষ্মী দক্ষিণ ভাৰতৰ প্ৰথম আৰু ১৯২৬ চনত বুলবুল-ই-পৰিষ্টান নিৰ্মাণ কৰা ফাতিমা বেগমৰ পিছত সমগ্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় মহিলা পৰিচালক।৫৬
ৰাজলক্ষ্মীয়ে মিছ কমলাৰ ভূমিকাত শিৰোনাম চৰিত্ৰত অভিনয় কৰিছিল। ভি এছ মণি আৰু টি ভি সুন্দৰমৰ দৰে বিশিষ্ট অভিনেতাই সহযোগী অভিনেতাৰ ভূমিকা পালন কৰিছিল। ৰাজলক্ষ্মীয়ে এটা ষ্টাণ্ট ছিকুৱেন্সৰ দৃশ্য দেখুৱাইছিল, য’ত নয়িকাক ভাড়াতীয়া গুণ্ডাৰ দলে অপহৰণ কৰি লৈ যায়। এই বিশেষ দৃশ্যটোৰ বাবে সেই সময়ৰ দুজন "সুপৰিচিত" ষ্টাণ্ট আৰ্টিষ্ট "বেটলিং" চি এছ ডি সিং আৰু "ষ্টাণ্ট" ৰাজুক নিযুক্তি দিয়া হৈছিল। যি সময়ত ৰেডিঅ' এটা চিনাকি গণমাধ্যম হৈ উঠা নাছিল, সেই সময়তে ছবিখনত এনে এটা দৃশ্য আছিল, য'ত ৰেডিঅ'ৰ জৰিয়তে গীত শুনিছে।৭
গ্ৰন্থপঞ্জী
- Rajadhyaksha, Ashish; Willemen, Paul. (1998). Encyclopaedia of Indian Cinema. British Film Institute and Oxford University Press. ISBN 0-19-563579-5
তথ্যসূত্ৰ
- ↑ (1 September 2013). Centenary fete hails South India's first woman director. The New Indian Express
- ↑ மீரான். சாதிப்பார்களா பெண் இயக்குநர்கள்?. Kungumam
- ↑ Narayanan, Sharadha. (15 November 2011). A tribute to Tamil cinema's first woman director. The New Indian Express
- ↑ Baskaran, Sundraraj Theodre. (24 December 2013). The Eye of the Serpent: An Introduction to Tamil Cinema. Westland. পৃ. 75. ISBN 978-93-83260-74-4
- ↑ Guy, Randor. (27 March 2009). Miss Kamala 1938. দ্য হিন্দু
- ↑ Guy, Randor. (23 December 2010). Memorable notes. The Hindu
- ↑ (27 November 2011). அரசு மனது வைத்தால் முடியும்!. Dinamani
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছ কমলা” প্ৰবন্ধৰ সংশোধন ৫৩০৫৫৬ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।