অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী

নৃত্যৰতা যুৱতী (Dancing Girl of Mohenjo-daro) হৈছে সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নৃত্যৰতা যুৱতী (Dancing Girl of Mohenjo-daro) হৈছে সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি।

বিৱৰণ

নৃত্যৰতা যুৱতীৰ মূৰ্ত্তিটো দীঘে ১০.৫ চে:মি১ আৰু ই প্ৰায় ৪,৫০০ বছৰ পুৰণি। এই মূৰ্ত্তিটো ১৯২৬ চনত মহেঞ্জোদাৰোত পোৱা গৈছিল।১ মূৰ্ত্তিৰ যুৱতীগৰাকী থিয় হৈ থকা অৱস্থাত আছে যদিও আনুমানিক বৃত্তিৰ ভিত্তিত ইয়াক নৃত্যৰতা যুৱতী আখ্যা দিয়া হয়।২ মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা দুটা ব্ৰঞ্জৰ মূৰ্ত্তিৰ ই অন্যতম আৰু অন্যান্য কঠিন মূৰ্ত্তিসমূহৰ তুলনাত নমনীয়।২ থিয় দি থকা নগ্ন অৱস্থাৰ যুৱতীগৰাকীৰ শৰীৰত কিছুসংখ্যক খাৰু আৰু এধাৰি মণি দেখা যায়।২ তাইৰ বাওঁহাতত ২৪ ৰ পৰা ২৫ ডাল খাৰু থকাৰ বিপৰীতে সোঁহাতত ৪ দাল খাৰু আছে আৰু তাইক সোঁহাতেৰে উৰুত লাগি থকাকৈ কিছুমান সামগ্ৰী ধৰি থকা অৱস্থাত উপস্থাপন কৰা হৈছে। মূৰ্ত্তিটোৰ হাত দুখন অস্বাভাৱিকভাৱে দীঘল।৩

২০০৪-০৫ চনত ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে ভিৰানাত নৃত্যৰতা যুৱতীৰ সৈতে সাদৃশ্য থকা প্ৰতিকৃতি অংকিত মাটিৰ এটা ভঙা টুকুৰা উদ্ধাৰ কৰে।৪

দ্বিতীয়টো মূৰ্ত্তি

১৯৩০-৩১ চনত আৰ্ণেষ্ট জে. এইচ. মেককেই মহেঞ্জোদাৰোত আন এক ব্ৰঞ্জৰ মূৰ্ত্তি উদ্ধাৰ কৰে। ইয়াৰ নিৰ্মাণশৈলী পূৰ্বৰ মূৰ্ত্তিটোতকৈ নিম্নখাপৰ।৫ বৰ্তমান ইয়াক কৰাছী সংগ্ৰহালয়ত থোৱা হৈছে।৬

অভিজ্ঞসকলৰ মতামত

১৯৭৩ চনত ব্ৰিটিছ পুৰাতত্ত্ববিদ মৰ্টিমাৰ হুইলাৰে এই মূৰ্ত্তিটো তেওঁৰ প্ৰিয় বুলি মন্তব্য কৰে:

"মই ভাবো তাই ১৫ বছৰমান বয়সৰ, তাতোকৈ বেছি নহয়, কিন্তু তাই তাই হাতৰ ওপৰলৈকে কেৱল খাৰু পিন্ধি আন একো নিপিন্ধাকৈ থিয় দি আছে। এজনী ছোৱালী সম্পূৰ্ণৰূপে, সেই সময়ছোৱাৰ বাবে, নিজৰ আৰু পৃথিৱীৰ ওপৰত সম্পূৰ্ণৰূপে আত্মবিশ্বাসী। এই পৃথিৱীত, মই ভাবো, তাইৰ দৰে কোনো নাই।"

মহেঞ্জোদাৰোৰ আন এজন পুৰাতত্ত্ববিদজন মাৰ্শ্বেলৰ মতে এই মূৰ্ত্তিটো, “এজনী কমবয়সীয়া ছোৱালী, তাইৰ হাতখন তপিনাত আধা অমাৰ্জিত ভংগীত আছে, আৰু সংগীতৰ লহৰত ভৰি আৰু পতাকেইখন লৰাওতে ভৰিকেইখন আগলৈ দি আছে।”৭ পুৰাতত্ত্ববিদ গ্ৰেগৰী প’ছেলে কৈছে, “আমি নিশ্চিত নহয় যে তাই এজনী নাচনী, কিন্তু তাই যি কৰিছে সেই কামত তাই ভাল আৰু তাই এয়া জানে।” এই মূৰ্ত্তিটোৱে সিন্ধু সভ্যতাৰ দুটা দিশ উন্মোচন কৰে: প্ৰথমটো হ’ল, তেওঁলোকে ধাতু মিহলি কৰাকে ধৰি কিছুমান কৃত্ৰিম পদ্ধতিৰ বিষয়ে জানিছিল আৰু দ্বিতীয়তে, বিনোদন, বিশেষকৈ নৃত্য তেওঁলোকৰ সংস্কৃতিৰ অংগ আছিল।১

এই মূৰ্ত্তিটো বৰ্তমান নতুন দিল্লীৰ জাতীয় সংগ্ৰহালয়ত থোৱা হৈছে।১

জনপ্ৰিয় সংস্কৃতিসমূহত

মহেঞ্জোদাৰোত প্ৰাচীন সভ্যতাক প্ৰদৰ্শন কৰি নৃত্যৰতা যুৱতীগৰাকীৰ এক মানৱ আকাৰৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছে।৮ ইয়াৰোপৰি আধুনিক শিল্পীসকলে এই নৃত্যাংগনাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Collections:Pre-History & Archaeology. National Museum, New Delhi
  2. ↑ McIntosh, Jane R. (2008). The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃ. 281,407. ISBN 9781576079072
  3. ↑ Singh, Upinder. (2008). A History of Ancient and Aarly Medieval India: from the Stone Age to the 12th century. Pearson Education. পৃ. 162. ISBN 9788131711200
  4. ↑ Subramanian, T.S. (12 September 2007). The ageless tale a potsherd from Bhirrana tells. The Hindu, Newspaper
  5. ↑ Possehl, Gregory L. (2002). The indus civilization: a contemporary perspective. AltaMira Press. পৃ. 114. ISBN 9780759101722
  6. ↑ Bronze female figure, Mohenjodaro. masterfile.com. Masterfile
  7. ↑ Possehl, Gregory. (2002). The Indus Civilization: A Contemporary Perspective. AltaMira Press. পৃ. 113. ISBN 978-0-7591-0172-2
  8. ↑ Shah, Zulfikar. (1 December 2013). Saving the lost city. TNS the news on Sunday

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্যসিন্ধু সভ্যতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী” প্ৰবন্ধৰ সংশোধন ৬৪০১৩৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।