মহাৰাষ্ট্ৰ দিৱস (महाराष्ट्र दिन; Maharashtra Day) মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা চৰকাৰী বন্ধৰ দিন। ১৯৬০ চনৰ ১ মে’ত বোম্বে প্ৰদেশ বিভাজন হৈ মাৰাঠাভাষী ৰাজ্য মহাৰাষ্ট্ৰ গঠন কৰা হৈছিল। এই দিনটোৰ সোঁৱৰণত মহাৰাষ্ট্ৰ দিৱস পালন কৰা হয়। কুছকাৱাজ, বক্তৃতা বা অন্যান্য অনুষ্ঠানৰ যোদেগি এই দিৱস পালন কৰা হয়। ২০১১ চনত মহাৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল।১২৩
পৃষ্ঠভূমি
'ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬'ৰ আধাৰত ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ্গঠন হৈছিল। এই আইনৰ ভিত্তিতে মাৰাঠী, গুজৰাটী, কচ্চ আৰু কোংকণী ভাষাভাষী লোকৰ ৰাজ্য বোম্বে প্ৰদেশক বিভাজন কৰা দাবী উঠিছিল। সেই মৰ্মে ভাৰতৰ সংসদত ১৯৬০ৰ ২৫ এপ্ৰিলত 'বোম্বে পুনৰ্গঠন আইন, ১৯৬০' গৃহীত হয়। তাৰ মাত্ৰ কেইদিনমান পিছতে ১ মে’ত বোম্বে প্ৰদেশক বিভাজন কৰি মাৰাঠী আৰু কোংকণীভাষীৰ লোক সংখ্যাগৰিষ্ঠতা থকা অংশক লৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটী আৰু কচ্চভাষীৰ সংখ্যাগৰিষ্ঠতা থকা অংশক লৈ গুজৰাট গঠন কৰা হয়।৪৫৩৬
উদযাপন
প্ৰতি বছৰে মহাৰাষ্ট্ৰ চৰকাৰে অধিসূচনা যোগে ১ মে’ৰ দিনটোক মহাৰাষ্ট্ৰ দিৱস উপলক্ষে চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰে। এই অধিসূচনা সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ এক্টিয়াৰভূক্ত শিক্ষানুষ্ঠান, কাৰ্যালয়, কোম্পানীৰ ক্ষেত্ৰত প্ৰযোজ্য।৭ চৰকাৰীবাবে বিভিন্ন কাৰ্যক্ৰমৰ আয়োজন কৰা হয়। শিৱাজী পাৰ্কত এই উপলক্ষে এটা পেৰেড অনুষ্ঠিত হয়। এই দিনটোত ৰাজ্যখনত বিদেশীসকলক বাদ দি কোনো ভাৰতীয়কে সুৰা বিক্ৰি নিষিদ্ধ।৮
২০০৩ চনৰ ১ মে’ৰ দিনটোতে মাৰাঠী ৱিকিপিডিয়াৰ জন্ম হৈছিল।
২০১১ চনৰ ১ মে'ত মহাৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তী পালন কৰা হৈছিল।৯
তথ্যসূত্ৰ
- ↑ Public Holidays in Maharashtra, India in 2014 – Office Holidays. www.officeholidays.com
- ↑ Maharashtra Day – Maharashtra Day Celebration. www.maharashtratourism.net
- ↑ History of Gujarat. Government of Gujrat
- ↑ Guha, Ramachandra. (2008). India After Gandhi: The History of the World's Largest Democracy. Harper Perennial. পৃ. 320
- ↑ Kaminsky, Arnold P.; Long, Roger D. (23 September 2011). India Today: An Encyclopedia of Life in the Republic. ABC-CLIO. পৃ. 440. ISBN 978-0-313-37462-3
- ↑ THE BOMBAY RE-ORGANISATION ACT, 1960 No.11 OF 1960. ভাৰত চৰকাৰ
- ↑ Public Holiday – 2015. Government of Maharashtra
- ↑ List of dry days to be followed by retail licensee every year. Commissionarate of State Excise, Maharashtra State. Government of Maharashtra
- ↑ Maharashtra's golden jubilee grand finale on Monday. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাৰাষ্ট্ৰ দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩১২৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।