মিৰ্ছ মছলা (Mirch Masala)) ১৯৮৭ চনত মুক্তি পোৱা কেতন মেহতা পৰিচালিত এখন হিন্দী মনস্তাত্বিক থ্ৰিলাৰ ছবি। ইয়াত নাছিৰুদ্দিন শ্বাহ আৰু স্মিতা পাটিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন প্ৰযোজনা কৰিছিল NFDC-এ। ২০১৩ চনৰ এপ্ৰিল মাহত ভাৰতীয় চিনেমাৰ শতবাৰ্ষিকীত ফৰ্বছে স্মিতা পাটিলৰ মিৰ্ছ মচালাত কৰা অভিনয়ক "ভাৰতীয় চিনেমাৰ ২৫ শ্ৰেষ্ঠ অভিনয়" তালিকাত অন্তৰ্ভুক্ত কৰে।১
প্লট
স্বাধীনতাৰ পূৰ্বৰ কাহিনী এয়া। সৌৰাষ্ট্ৰৰ এখন গাঁৱত এজন চুবেদাৰে নিজৰ ফৌজ, ঘোৰা আৰু তম্বু লৈ উপস্থিত হয়। তেওঁৰ ওচৰত গ্ৰামোফোনও আছিল, যাৰ বাবে গাঁওৰ মানুহবোৰ যথেষ্ঠ প্ৰভাৱিত হৈছিল। গাঁও প্ৰধানজন বা মুখী তেওঁৰ একান্ত অনুগত। চুবেদাৰৰ চকু সোণবাই নামৰ ধুনীয়া তিৰোতা এজনীৰ ওপৰত পৰিল। তাইৰ স্বামী ৰেলৱেৰ এজন চাকৰিয়াল আৰু সেই সূত্ৰে বাহিৰত থাকে। সোণবাই চুবেদাৰৰ কাৰ্য-কলাপত উপায়হীন হৈ এটা মচলা তৈয়াৰ কাৰখানাত আশ্ৰয় লয়। মুখীয়ে সোণবাইক চুবেদাৰৰ তম্বুলৈ লৈ যোৱাৰ বাবে ৰাজী কৰাবলৈ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে। স্কুলৰ এজন শিক্ষক, গাঁও প্ৰধানৰ পত্নী আৰু মচলা কাৰখানাৰ বুঢ়া চকীদাৰ সোণবাইক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল। যেতিয়া চুবেদাৰে কাৰখানাটো ঘেৰি ধৰিলে, তেতিয়া মচলা খুণ্ডা মহিলাসকলে নিজক বচাবলৈ নিজা পদ্ধতি বিচাৰি উলিয়ালে।২
পৰ্যালোচনা
মিৰ্চ মছলাৰ প্ৰসংগটো চাৰি পৃষ্ঠাৰ চুনিলাল মাদিয়াৰ গল্প ‘’অভু মাকৰাণী’’ৰ লগতে ঔপনিৱেশিক যুগৰ নাৰী আত্মৰক্ষাৰ অন্যান্য গল্পৰ দ্বাৰাও অনুপ্ৰাণিত হৈছে, যিবোৰ পৰিচালক কেতন মেহতাই গুজৰাটলৈ যাওঁতে শুনিছিল। ১৯৮৭ চনত মুক্তি পোৱা এই ছবিখনে স্বাধীনতাৰ পূৰ্বৰ গ্ৰাম্য ভাৰতক শক্তিশালীভাৱে ৰূপত উপস্থাপন কৰিছে। সোণবাই (স্মিতা পাটিল) নামৰ এগৰাকী দৃঢ় সংকল্পৰ মহিলাই গাঁৱৰ আন কেইজনমান মহিলাৰ সৈতে জলকীয়া গুড়ি কৰা কাৰখানাত কাম কৰে। চুবেদাৰ (নাছিৰুদ্দিন শ্বাহ) গাঁৱলৈ আহি নিজৰ ইচ্ছামতে লুটপাতত লিপ্ত হয়। তেওঁ সোণবাইৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰৰোচিত কৰে, যাৰ উত্তৰ তাই চৰেৰে দিয়ে।৩
ছবিখনত জাতিগত গতিশীলতা স্পষ্টকৈ দেখা গৈছে যদিও প্ৰকাশ্যভাৱে কোৱা হোৱা নাই। সৰস্বতী এগৰাকী প্ৰভাৱশালী জাতিৰ নাৰী, কাৰণ তেওঁ মুখীৰ পত্নী, ইয়াৰ ইংগিত এইটোৱেই যে তেওঁ বাকী মহিলাসকলৰ দৰে কাৰখানাত কাম নকৰে। পিঞ্জৰাবদ্ধ হোৱাৰ নিজৰ নিজৰ সংগ্ৰাম আছে, যাৰ বিৰুদ্ধে তেওঁ বিদ্ৰোহ কৰে।৩
সোণবাইৰ ক্ষেত্ৰত “কামজাত” (নিম্ন জাতি) আৰু ডায়েন“” (ডাইনী) আদি শব্দ ব্যৱহাৰ কৰা হৈছে, যি স্পষ্ট ৰূপত জাতি-সূচক। ইয়াৰ উপৰিও ৰাধাৰ বিয়া মুখীৰ ভায়েকৰ সৈতে নাপাতে, কাৰণ তেৱোঁ কাৰখানাত কাম কৰে আৰু সেই কাম এজনী উচ্চ জাতিৰ মহিলাৰ বাবে নহয়।৩
সন্মান
|- | rowspan="3"|১৯৮৬ | প্ৰযোজক: NFDC; পৰিচালক: কেতন মেহটা | হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ৪ |- | সুৰেশ ওৱেৰয় | শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |- | সঞ্জীৱ শ্বাহ | শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |- | ১৯৮৮ | সুৰেশ ওৱেৰয়৫ | শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ BFJA বঁটা | |}
তথ্যসূত্ৰ
- ↑ Prasad, Shishir; Ramnath, N. S.; Mitter, Sohini. (27 April 2013). 25 Greatest Acting Performances of Indian Cinema. Forbes
- ↑ 34th Nation Film Film Award Catalouge. Directorate of Film Festivals, Govt. of India. পৃ. 111
- ↑ Siddhi Pathak. (Dec 26, 2017). Mirch Masala Review: Red And Revolution Go Hand In Hand. feminisminindia.com
- ↑ ৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ↑ 1988 BFJA Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰ্ছ মছালা” প্ৰবন্ধৰ সংশোধন ৪৬৮৫০০ (৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।